--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰন্ধন-প্ৰকৰণত সকলোৱে মছলা ব্যৱহাৰ কৰে। ক’লা জিৰা ব্যৱহাৰ কৰি ব্যঞ্জনৰ সোৱাদ বৃদ্ধি কৰিব পাৰি। পুষ্টিবিদসকলৰ মতে ৰন্ধা-বঢ়াত সোৱাদ যোগ কৰাটোৱেই ইয়াৰ একমাত্ৰ কাম নহয়। বৰঞ্চ ক’লা জিৰাই শৰীৰৰ বিভিন্ন ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। যদি আপুনি ক’লা জিৰাৰ ঔষধি গুণ জানে তেন্তে আপুনি আচৰিত হ’ব!

১)চৰ্দি আৰু কাহৰ বাবে ক'লা জিৰা অতি উত্তম। ক’লা জিৰাক পৰিষ্কাৰ কাপোৰেৰে মেৰিয়াই নাকৰ ওচৰত ধৰি কিছু মুহূৰ্তৰ বাবে গভীৰভাৱে উশাহ লওক। ই বুকুত জমা হোৱা শ্লেষ্মাখিনি উলিয়াই আনিবলৈ সহায় কৰে। নাক বন্ধ হোৱাৰ সমস্যাতো এই ঘৰুৱা উপায় ফলপ্ৰসূ।

২) ক’লা জিৰাত প্ৰচুৰ পৰিমাণে ফছফৰাছ থাকে। ফছফৰাছে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। গতিকে বেক্টেৰিয়াৰ সংক্ৰমণ ৰোধ কৰিবলৈ ক’লা জিৰাক অৱহেলা কৰা উচিত নহয়।

৩) পেটৰ দীৰ্ঘদিনীয়া সমস্যাত এই মছলা উপযোগী। শুকান ক’লা জিৰা পিহি গুড়ি কৰি লওক। এই ক’লা জিৰাৰ এচিকুট আধা কাপ ঠাণ্ডা গাখীৰত মিহলাই প্ৰতিদিনে খালী পেটত সেৱন কৰিব লাগে। গাখীৰ ঠাণ্ডা হোৱাৰ বাবে বদহজম নহ’ব, বিপৰীতে ক’লা জিৰাৰ শক্তিৰ দ্বাৰা পেটৰ সমস্যা দূৰ হ’ব।

৪) দৈনিক খাদ্যত ক’লা জিৰা ৰাখিলে পুৰুষৰ শৰীৰত টেষ্টষ্টেৰন হৰম’নৰ নিঃসৰণ বৃদ্ধি পায়, যাৰ ফলত যৌন চাহিদা বৃদ্ধি পায়।

৫) যদি হঠাৎ উশাহ-নিশাহৰ সমস্যাই দেখা দিয়ে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজন নাই। বহু সময়ত উপযোগী ঔষধ হাতত মজুত নাথাকে। ক’লা জিৰা কাপোৰেৰে মেৰিয়াই ৰাখিব। এইবাৰ নাকৰ ওচৰলৈ লৈ গৈ গোন্ধ লওক। এই ঘৰুৱা ঔষধে উশাহ-নিশাহৰ কষ্টৰ পৰা সাময়িকভাৱে সকাহ দিব পাৰে।

৬) চুলি সৰা ৰোধ কৰাত ক’লা জিৰা তেলো উপযোগী। এচামুচ নাৰিকল তেলৰ লগত সমান পৰিমাণৰ ক’লা জিৰা তেল মিহলাই গৰম কৰি লওক। এই তেলেৰে মালিচ কৰিব লাগে। এসপ্তাহ এনে কৰিলে চুলি সৰা সমস্যাৰ সমাধান হ’ব। এই কৌশলেৰে শুকান চুলিৰ সমস্যাৰ পৰা মুক্তি পাব।

৭) উচ্চ ৰক্তচাপত ভুগিলে সপ্তাহত এবাৰ ক'লা জিৰা খাদ্যত ৰাখিব লাগে। ক’লা জিৰাত থকা এন্টিঅক্সিডেন্টে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে। বিশেষকৈ ৰক্তচাপৰ ঔষধৰ ক্ষেত্ৰত এই খাদ্যই ফলপ্ৰসূ। এই মছলাবিধে শৰীৰত ভাল কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে।

গতিকে আপুনি ক’লা জিৰা ব্যৱহাৰ কৰক আৰু সুস্বাস্থ্যৱান হৈ থাকক। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক