--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰন্ধন-প্ৰকৰণত সকলোৱে মছলা ব্যৱহাৰ কৰে। ক’লা জিৰা ব্যৱহাৰ কৰি ব্যঞ্জনৰ সোৱাদ বৃদ্ধি কৰিব পাৰি। পুষ্টিবিদসকলৰ মতে ৰন্ধা-বঢ়াত সোৱাদ যোগ কৰাটোৱেই ইয়াৰ একমাত্ৰ কাম নহয়। বৰঞ্চ ক’লা জিৰাই শৰীৰৰ বিভিন্ন ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। যদি আপুনি ক’লা জিৰাৰ ঔষধি গুণ জানে তেন্তে আপুনি আচৰিত হ’ব!

১)চৰ্দি আৰু কাহৰ বাবে ক'লা জিৰা অতি উত্তম। ক’লা জিৰাক পৰিষ্কাৰ কাপোৰেৰে মেৰিয়াই নাকৰ ওচৰত ধৰি কিছু মুহূৰ্তৰ বাবে গভীৰভাৱে উশাহ লওক। ই বুকুত জমা হোৱা শ্লেষ্মাখিনি উলিয়াই আনিবলৈ সহায় কৰে। নাক বন্ধ হোৱাৰ সমস্যাতো এই ঘৰুৱা উপায় ফলপ্ৰসূ।

২) ক’লা জিৰাত প্ৰচুৰ পৰিমাণে ফছফৰাছ থাকে। ফছফৰাছে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। গতিকে বেক্টেৰিয়াৰ সংক্ৰমণ ৰোধ কৰিবলৈ ক’লা জিৰাক অৱহেলা কৰা উচিত নহয়।

৩) পেটৰ দীৰ্ঘদিনীয়া সমস্যাত এই মছলা উপযোগী। শুকান ক’লা জিৰা পিহি গুড়ি কৰি লওক। এই ক’লা জিৰাৰ এচিকুট আধা কাপ ঠাণ্ডা গাখীৰত মিহলাই প্ৰতিদিনে খালী পেটত সেৱন কৰিব লাগে। গাখীৰ ঠাণ্ডা হোৱাৰ বাবে বদহজম নহ’ব, বিপৰীতে ক’লা জিৰাৰ শক্তিৰ দ্বাৰা পেটৰ সমস্যা দূৰ হ’ব।

৪) দৈনিক খাদ্যত ক’লা জিৰা ৰাখিলে পুৰুষৰ শৰীৰত টেষ্টষ্টেৰন হৰম’নৰ নিঃসৰণ বৃদ্ধি পায়, যাৰ ফলত যৌন চাহিদা বৃদ্ধি পায়।

৫) যদি হঠাৎ উশাহ-নিশাহৰ সমস্যাই দেখা দিয়ে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজন নাই। বহু সময়ত উপযোগী ঔষধ হাতত মজুত নাথাকে। ক’লা জিৰা কাপোৰেৰে মেৰিয়াই ৰাখিব। এইবাৰ নাকৰ ওচৰলৈ লৈ গৈ গোন্ধ লওক। এই ঘৰুৱা ঔষধে উশাহ-নিশাহৰ কষ্টৰ পৰা সাময়িকভাৱে সকাহ দিব পাৰে।

৬) চুলি সৰা ৰোধ কৰাত ক’লা জিৰা তেলো উপযোগী। এচামুচ নাৰিকল তেলৰ লগত সমান পৰিমাণৰ ক’লা জিৰা তেল মিহলাই গৰম কৰি লওক। এই তেলেৰে মালিচ কৰিব লাগে। এসপ্তাহ এনে কৰিলে চুলি সৰা সমস্যাৰ সমাধান হ’ব। এই কৌশলেৰে শুকান চুলিৰ সমস্যাৰ পৰা মুক্তি পাব।

৭) উচ্চ ৰক্তচাপত ভুগিলে সপ্তাহত এবাৰ ক'লা জিৰা খাদ্যত ৰাখিব লাগে। ক’লা জিৰাত থকা এন্টিঅক্সিডেন্টে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে। বিশেষকৈ ৰক্তচাপৰ ঔষধৰ ক্ষেত্ৰত এই খাদ্যই ফলপ্ৰসূ। এই মছলাবিধে শৰীৰত ভাল কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে।

গতিকে আপুনি ক’লা জিৰা ব্যৱহাৰ কৰক আৰু সুস্বাস্থ্যৱান হৈ থাকক। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু