--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাৰিকৰী বিজুতিৰ বাবে বুধবাৰে  আমেৰিকা যুক্তৰাষ্ট্ৰত সকলো বিমান জৰুৰীকালীনভাৱে অৱতৰণ কৰোৱা হয়৷ এনে বিজুতিৰ বাবে আমেৰিকাত স্থগিত ৰখা হৈছে শ শ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান। কিন্তু ফেডাৰেল এভিয়েচন এডমিনিষ্ট্ৰেচনে এই ত্ৰুটিৰ কাৰণ কি সেই বিষয়ে স্পষ্ট বাৰ্তা দিয়া নাছিল।

 প্ৰতিবেদন অনুসৰি   এফ.এ.এ.-য়ে ত্ৰুটিটোৰ বিষয়ে সকলো পাইলট আৰু বিমানকৰ্মীলৈ জৰুৰী কালীন বাৰ্তা প্ৰেৰণ কৰিছিল। এক টুইটযোগে এফ.এ.এ.-য়ে কয়: "এফ.এ.এ.-য়ে বিমান সেৱা স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ বাবে কাম কৰি আছে। কাৰিকৰী বিজুতিৰ বাবে সমগ্ৰ দেশজুৰি বিমান সেৱা ব্যাহত হৈছে। কামৰ অগ্ৰগতি প্ৰতিমুহূৰ্তত জনোৱা হ'ব। "

এনে কাৰিকৰী বিজুতিৰ কাৰণ কি সেইয়া  এফ.এ.এ.-য়ে  স্পষ্ট নকৰাৰ উপৰিও   কিমান দিনলৈ বিমান সেৱা স্থগিত ৰখা হ’ব বা কেতিয়া এনে বিজুতি  কেতিয়া নিৰ্মূল কৰা হ’ব সেই বিষয়ে কোনো বাৰ্তা দিয়া নাছিল।

 তথ্য অনুসৰি  ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় সকলো  বিমান ৰাতিপুৱাৰ পৰা পলমকৈ চলি আছিল। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পলমকৈ প্ৰস্থান কৰাৰ খবৰ পোৱা গৈছিল। যাত্ৰীসকলেও ইয়াৰ বিষয়ে অভিযোগ কৰিছিল। ইয়াৰ ঠিক পিছতে, সমগ্ৰ দেশৰ বিমানবন্দৰসমূহে ঘোষণা কৰে যে বায়ু নিয়ন্ত্ৰণ প্ৰণালীত এটা ডাঙৰ ত্ৰুটি ধৰা পৰিছে। আৰু ইয়াৰ লগে লগেই সকলো বিমান তললৈ নমাই অনাৰ নিৰ্দেশ দিয়া হয়৷ 



FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ