--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাকিস্তানৰ আৰ্থিক অৱস্থা ক্ৰমাৎ বেয়া হৈ গৈ আছে। শ্ৰীলংকাৰ দৰে পাকিস্তানতো দেউলীয়া হোৱাৰ পথত আগবাঢ়িছে। ইফালে বহু ভাৰতীয় কোম্পানীয়ে পাকিস্তানত বিনিয়োগ কৰিছে। টাটা, জিন্দাল, হিন্দুস্তান ইউনিলিভাৰ, বিৰলাৰ দৰে বহু কোম্পানীয়ে পাকিস্তানত ব্যৱসায় প্ৰতিষ্ঠা কৰিছে। এনে পৰিস্থিতিত পাকিস্তানৰ দুৰ্দশাই এই কোম্পানীসমূহকো প্ৰভাৱিত কৰিব পাৰে। আচলতে পাকিস্তানীসকলেও এই কোম্পানীবোৰত বিনিয়োগ কৰিছে।

পাকিস্তানত পৰিস্থিতি ইমানেই বেয়া হৈ পৰিছে যে শ্বপিং মল আৰু অন্যান্য ৰাজহুৱা স্থানসমূহ বন্ধ কৰি দিয়া হৈছে। পাকিস্তানৰ অৰ্থনীতি এক বৃহৎ অৰ্থনৈতিক সংকটত আবদ্ধ হৈ পৰিছে, যাৰ পৰা ওলাই অহাৰ পথ হয়তো সহজে দেখা পোৱা নাযায়। পাকিস্তানত আটা, চেনি, ঘিউৰ দৰে দৈনন্দিন বস্তুবোৰ ব্যয়বহুল হৈ পৰিছে। প্ৰতিদিনেই ক্ৰমান্বয়ে বৃদ্ধি পাইছে সামগ্ৰীৰ দাম।হয় বৰ্তমান পাকিস্তানে বৰ্ধিত ঋণ, শক্তিৰ মূল্য বৃদ্ধি, হ্ৰাস পোৱা বৈদেশিক মুদ্ৰাৰ মজুত, বিশ্বৰ মুদ্ৰাস্ফীতি, ৰাজনৈতিক অস্থিৰতা আৰু জিডিপি বৃদ্ধিৰ গতি মন্থৰ হোৱাৰ সৈতে যুঁজি আছে।

প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ নেতৃত্বত চৰকাৰে শক্তিৰ ব্যৱহাৰ ৰোধ কৰিবলৈ শ্বপিং মল আৰু বজাৰ নিশা ৮:৩০ বজাৰ ভিতৰত আৰু ৰেষ্টুৰেণ্টসমূহ নিশা ১০:০০ বজাৰ ভিতৰত বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। পাকিস্তানে প্ৰতিটো ব্যৱস্থা গ্ৰহণ কৰিছে যদিও অৰ্থনৈতিক দুৰ্দশা শেষ হোৱা নাই। পাকিস্তানৰ অৰ্থনৈতিক সংকট ইমানেই বৃদ্ধি পাইছে যে কেইদিনমান আগতে চৰকাৰে আমেৰিকাত থকা পাকিস্তানৰ দূতাবাসৰ এটা সম্পত্তি নিলাম কৰিছিল। পাকিস্তানৰ লাহোৰত আটাৰ ব্যাপক নাটনি। প্ৰায়বোৰ দোকানতে আটা উপলব্ধ নোহোৱাৰ বাবে আকাশলংঘী হৈছে দাম।

পাকিস্তানত ১৫ কেজিৰ আটাৰ বেগ এটাৰ দাম দুসপ্তাহত ৩০০ টকাৰো অধিক বৃদ্ধি পাইছে। এতিয়া পাকিস্তানত ২০৫০ টকাত এটা বস্তা আটা পোৱা গৈছে। ইউটিলিটি ষ্ট’ৰ কৰ্প’ৰেশ্যনৰ জৰিয়তে বিক্ৰীৰ বাবে চেনি আৰু ঘিউৰ মূল্য ২৫ শতাংশ বৃদ্ধি কৰি ৬২ শতাংশলৈ বৃদ্ধি কৰিছে।

পাকিস্তান আমদানিকৃত ইন্ধনৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। কেন্দ্ৰীয় চৰকাৰৰ সকলো বিভাগকে শক্তিৰ ব্যৱহাৰ ৩০ শতাংশ হ্ৰাস কৰিবলৈও নিৰ্দেশ দিছে চৰকাৰে। দেশৰ শাসকীয় দলৰ টুইট অনুসৰি, ‘এই ব্যৱস্থাসমূহৰ জৰিয়তে পাকিস্তানে ৬২ বিলিয়ন পাকিস্তানী টকা ৰাহি কৰিব পাৰে।

পাকিস্তানৰ বৈদেশিক মুদ্ৰাৰ মজুতো দ্ৰুতগতিত হ্ৰাস পাইছে। আই এম এফৰ বেইলআউটৰ কিস্তি ক্ৰমাগতভাৱে হ্ৰাস পাইছে। পাকিস্তানৰ কেন্দ্ৰীয় বেংকে প্ৰকাশ কৰা অনুসৰি ডিচেম্বৰ মাহত পাকিস্তানৰ মুঠ বৈদেশিক মুদ্ৰাৰ মজুত ১১.৭ বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে। আই এম এফৰ সৈতে মতানৈক্যৰ বাবে পাকিস্তানৰ অৰ্থনৈতিক দুৰ্দশা বৃদ্ধি পাইছে। আনকি পাকিস্তানে ১১ বিলিয়ন বেইলআউট কিস্তিও দিব পৰা নাই। ২০১৯ চনত পাকিস্তানে আই এম এফৰ পৰা ৬ বিলিয়ন ডলাৰৰ বেইলআউট পেকেজ লাভ কৰিছিল। বিগত বৰ্ষৰ আগষ্ট পৰ্যন্ত এই বিত্তীয় প্ৰতিষ্ঠানটোৱে দেশখনক ৩.৯ বিলিয়ন ডলাৰৰ পুঁজি দিছিল।

আচলতে পাকিস্তানৰ এনে অৰ্থনৈতিক সংকটৰ অন্যতম কাৰণ হ'ল বিপৰ্যয়জনক বান। পাকিস্তানৰ বানপানীৰ ফলত ৩৩ কোটিৰো অধিক লোক ক্ষতিগ্ৰস্ত হয়। জুনৰ পৰা অক্টোবৰলৈ পৰিস্থিতি শোচনীয় হৈ পৰে।ইয়াৰ বাবেই পাকিস্তানে ৩০ বিলিয়ন ডলাৰতকৈ অধিক লোকচানৰ সন্মুখীন হৈছে। বানপানীৰ ফলত পাকিস্তানৰ আমদানিৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি পাইছে। দেশৰ ৰপ্তানি বেয়াকৈ হ্ৰাস পাইছে। পাকিস্তান পৰিসংখ্যা ব্যুৰোৰ তথ্য অনুসৰি ২০২২ চনৰ ডিচেম্বৰ মাহত দেশখনৰ বাণিজ্যিক ঘাটি ২.৮ বিলিয়ন ডলাৰৰ ওপৰত আছিল কাৰণ ৰপ্তানি ১৬ শতাংশতকৈ অধিক হ্ৰাস পাই ২.৩ বিলিয়ন ডলাৰ হৈছে। ইয়াৰ উপৰিও ২০২২ চনত পাকিস্তানী টকাৰ মূল্যও আমেৰিকান ডলাৰৰ তুলনাত প্ৰায় ৩০ শতাংশ হ্ৰাস পাইছে।

ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি ২০২৩ চনৰ জুন মাহলৈকে পাকিস্তানে ৩০ বিলিয়ন ডলাৰতকৈ অধিক লোকচানৰ সন্মুখীন হৈছে। পাকিস্তানৰ আগত বহু সমস্যা। শক্তিৰ পৰা আৰম্ভ কৰি ঋণ কৰ্তনলৈকে পাকিস্তানে সকলো ফ্ৰণ্টতে অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে। বিশ্ব বেংকৰ তথ্য অনুসৰি পাকিস্তানৰ জিডিপি ২ শতাংশ বৃদ্ধিও লাভ কৰিব পাৰে, সেয়া অসম্ভৱ। বিশ্ব বেংকে বাৰ্ষিক ঋণ প্ৰতিবেদনত অনুমান কৰিছে যে ২০২১ চনৰ ভিতৰত পাকিস্তানৰ মুঠ বহিঃ ঋণ ১৩০.৪৩৩ বিলিয়ন ডলাৰ হ’ব। ই ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। পাকিস্তানৰ ধ্বংস নিশ্চিত।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে