--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদক লৈ এতিয়াও থিৰ সিদ্ধান্তত উপনীত হ’ব পৰা নাই কংগ্ৰেছ৷ মল্লিকাৰ্জুন খৰ্গেৰ বাসভৱনত অনুষ্ঠিত হৈছে ইখনৰ পাছত সিখন বৈঠক৷ 

সভাপতি খৰ্গেৰ সৈতে বৈঠকত মিলিত হৈছে মিলিত হৈছে মুখ্যমন্ত্ৰীৰ দৌৰত থকা দুই নেতা ডিকে শিৱকুমাৰ আৰু ছিদ্দাৰাময়া৷ নিশা মল্লিকাৰ্জুন খৰ্গেৰ সৈতে বৈঠকত মিলিত হ’ল সূৰজেৱালাও৷ 

হঠাতে বিদ্ৰোহীৰ ৰূপ লৈছে কৰ্ণাটক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰ। যাৰ বাবে দোমোজাত পৰিছে কংগ্ৰেছ৷ কংগ্ৰেছ হাইকমাণ্ডে ইতিমধ্যে ছিদ্দাৰামায়াক কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু ডি কে শিৱকুমাৰে এতিয়া ঘোষণা কৰিছে, তেওঁ এই সিদ্ধান্ত গ্ৰহণ নকৰে। 

মুখ্যমন্ত্ৰীৰ বাদে আন কোনে পদেই গ্ৰহণ নকৰে বুলিও স্পষ্টভাৱে কৈছে শিৱকুমাৰে। শিৱকুমাৰৰ এই আকস্মিক বিদ্ৰোহাত্মক স্থিতিত এতিয়া কঁপনি উঠিছে কংগ্ৰেছৰ ভিতৰচ’ৰাত। শিৱকুমাৰক বুজনি দিবলৈ প্ৰয়াস কৰিছে ছোনিয়া আৰু ৰাহুল গান্ধীয়ে। কিন্তু ছোনিয়া-ৰাহুলৰ বুজনিৰ পাছতো সন্মত হোৱা নাই কৰ্ণাটকৰ হেভিৱে’ট নেতাজন। দুপৰীয়া খবৰ আহিছিল যে শিৱকুমাৰক পতা হ’ব কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী। 

নেতাজনক কৰ্ণাটক কংগ্ৰেছৰ সভাপতি পদো প্ৰদান কৰা হ’ব বুলি সিদ্ধান্ত লৈছিল কংগ্ৰেছ হাইকমাণ্ডে। এই ফৰ্মূলাত শিৱকুমাৰে সন্মতি দিছে বুলি প্ৰকাশ পাইছিল। কিন্তু বিয়লিলৈ হাইকমাণ্ডৰ বিৰুদ্ধে স্থিতি লৈ কংগ্ৰেছৰ ভিতৰচ’ৰা কঁপাই তুলিছে এতিয়া কৰ্ণাটকৰ শীৰ্ষ নেতাজনে। ছোনিয়া-ৰাহুলৰ বুজনিত শিৱকুমাৰ সন্মত নোহোৱাত এতিয়া প্ৰেক্ষাপটত প্ৰৱেশ ঘটিছে প্ৰিয়ংকা গান্ধীৰ। প্ৰিয়ংকা গান্ধীয়ে শিৱকুমাৰক বুজনি দিবলৈ আজিয়েই সাক্ষাৎ কৰিব কৰ্ণাটকৰ হেভিৱে’ট নেতাজনক। 

আনহাতে, আজি পুৱাৰ ভাগত শিৱকুমাৰে মুখ্যমন্ত্ৰী হিচাপে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ নাম হাইকমাণ্ডৰ আগত প্ৰস্তাৱ কৰিছিল। খৰ্গেৰ মুখ্যমন্ত্ৰিত্বত তেওঁ কাম কৰিবলৈ প্ৰস্তুত বুলি ঘোষণা কৰিছিল। কিন্তু সকলোকে আচৰিত কৰি বিয়লিলৈ তেওঁ বিদ্ৰোহী স্থিতি গ্ৰহণ কৰে। শিৱকুমাৰৰ এই বিদ্ৰোহী স্থিতিৰ আঁৰত নেতাজনক সমৰ্থন আগবঢ়োৱা ৪০গৰাকী বিধায়কৰ ভূমিকা আছে বুলি চৰ্চা চলিছে। 

এই বিধায়কসকলে শিৱকুমাৰক হেঁচা দিছে তেওঁ যাতে মুখ্যমন্ত্ৰীৰ বাদে কোনো পদ গ্ৰহণ নকৰে। দুটা বছৰৰ পাছত শিৱকুমাৰক মুখ্যমন্ত্ৰী পাতিব বুলি হাইকমাণ্ডে আশ্বাস প্ৰদান কৰিছে। কিন্তু এই ফৰ্মূলা মানি ল’বলৈ প্ৰস্তুত নহয় শিৱকুমাৰ সমৰ্থক বিধায়কসকল। এইখিনিতে উল্লেখ কৰিব লাগিব যে ছিদ্দাৰামায়া আৰু শিৱকুমাৰৰ মাজত দীৰ্ঘকাল ধৰি ৰাজনৈতিক প্ৰভাৱ বিস্তাৰক লৈ সু-সম্পৰ্ক নাছিল। 

কৰ্ণাটক নিৰ্বাচনৰ পূৰ্বে ৰাহুল গান্ধীয়েহে দুয়োৰে মাজত মিত্ৰতা কৰাইছিল। এতিয়া শিৱকুমাৰে ছিদ্দাৰামায়াৰ সৈতে থকা পুৰণি বিবাদৰ আঁত ধৰিয়েই বিদ্ৰোহী স্থিতি লৈছে বুলি আৰম্ভ হৈছে চৰ্চা। শিৱকুমাৰে যেন ছিদ্দাৰামায়াক মনে-প্ৰাণে মুখ্যমন্ত্ৰী হিচাপে গ্ৰহণ কৰিব পৰা নাই। যাৰ বাবে তেওঁ অৱতীৰ্ণ হৈছে বিদ্ৰোহী স্থিতিত। কাইলৈ ছিদ্দাৰামায়াৰ শপতগ্ৰহণৰ দিন নিৰ্ধাৰণ কৰিছে হাইকমাণ্ডে। 

তাৰ পূৰ্বে আজি শিৱকুমাৰৰ বিদ্ৰোহী স্থিতিয়ে উদ্বিগ্ন কৰি তুলিছে ছোনিয়া, ৰাহুল আৰু মল্লিকাৰ্জুন খৰ্গেক। একেবাৰে শেহতীয়া তথ্য মতে শিৱকুমাৰে বিদ্ৰোহী স্থিতি ল’লেও নেতাজনৰ দাবী কোনোপধ্যে নামানে কংগ্ৰেছ হাইকমাণ্ডে। শিৱকুমাৰৰ সমৰ্থক শিবিৰৰ বিধায়কক অধিকভাৱে মন্ত্ৰিত্ব পদ দিবলৈ প্ৰস্তুত কংগ্ৰেছ হাইকমাণ্ড। কিন্তু শিৱকুমাৰক এতিয়াই মুখ্যমন্ত্ৰী পদ নিদিয়ে ছোনিয়া-ৰাহুলে। 

হেভীৱে’ট নেতাজনক দুবছৰৰ পাছত মুখ্যমন্ত্ৰী পদ দিয়াৰ বাবে অৱশ্যে প্ৰস্তুত ছোনিয়া-ৰাহুল আৰু মল্লিকাৰ্জুন খাৰ্গে। প্ৰিয়ংকা গান্ধীয়ে শিৱকুমাৰক বুজনি দিয়াৰ পাছতে আজি নিশাই ছিদ্দাৰামায়া আৰু শিৱকুমাৰৰ সৈতে ৰাহুল গান্ধীয়ে বৈঠক অনুষ্ঠিত কৰিব। এই বৈঠকতে ডি কে শিৱকুমাৰক চূড়ান্তভাৱে জনাই দিয়া হ’ব ছিদ্দাৰামায়েই হ’ব কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ