--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদক লৈ এতিয়াও থিৰ সিদ্ধান্তত উপনীত হ’ব পৰা নাই কংগ্ৰেছ৷ মল্লিকাৰ্জুন খৰ্গেৰ বাসভৱনত অনুষ্ঠিত হৈছে ইখনৰ পাছত সিখন বৈঠক৷ 

সভাপতি খৰ্গেৰ সৈতে বৈঠকত মিলিত হৈছে মিলিত হৈছে মুখ্যমন্ত্ৰীৰ দৌৰত থকা দুই নেতা ডিকে শিৱকুমাৰ আৰু ছিদ্দাৰাময়া৷ নিশা মল্লিকাৰ্জুন খৰ্গেৰ সৈতে বৈঠকত মিলিত হ’ল সূৰজেৱালাও৷ 

হঠাতে বিদ্ৰোহীৰ ৰূপ লৈছে কৰ্ণাটক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰ। যাৰ বাবে দোমোজাত পৰিছে কংগ্ৰেছ৷ কংগ্ৰেছ হাইকমাণ্ডে ইতিমধ্যে ছিদ্দাৰামায়াক কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু ডি কে শিৱকুমাৰে এতিয়া ঘোষণা কৰিছে, তেওঁ এই সিদ্ধান্ত গ্ৰহণ নকৰে। 

মুখ্যমন্ত্ৰীৰ বাদে আন কোনে পদেই গ্ৰহণ নকৰে বুলিও স্পষ্টভাৱে কৈছে শিৱকুমাৰে। শিৱকুমাৰৰ এই আকস্মিক বিদ্ৰোহাত্মক স্থিতিত এতিয়া কঁপনি উঠিছে কংগ্ৰেছৰ ভিতৰচ’ৰাত। শিৱকুমাৰক বুজনি দিবলৈ প্ৰয়াস কৰিছে ছোনিয়া আৰু ৰাহুল গান্ধীয়ে। কিন্তু ছোনিয়া-ৰাহুলৰ বুজনিৰ পাছতো সন্মত হোৱা নাই কৰ্ণাটকৰ হেভিৱে’ট নেতাজন। দুপৰীয়া খবৰ আহিছিল যে শিৱকুমাৰক পতা হ’ব কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী। 

নেতাজনক কৰ্ণাটক কংগ্ৰেছৰ সভাপতি পদো প্ৰদান কৰা হ’ব বুলি সিদ্ধান্ত লৈছিল কংগ্ৰেছ হাইকমাণ্ডে। এই ফৰ্মূলাত শিৱকুমাৰে সন্মতি দিছে বুলি প্ৰকাশ পাইছিল। কিন্তু বিয়লিলৈ হাইকমাণ্ডৰ বিৰুদ্ধে স্থিতি লৈ কংগ্ৰেছৰ ভিতৰচ’ৰা কঁপাই তুলিছে এতিয়া কৰ্ণাটকৰ শীৰ্ষ নেতাজনে। ছোনিয়া-ৰাহুলৰ বুজনিত শিৱকুমাৰ সন্মত নোহোৱাত এতিয়া প্ৰেক্ষাপটত প্ৰৱেশ ঘটিছে প্ৰিয়ংকা গান্ধীৰ। প্ৰিয়ংকা গান্ধীয়ে শিৱকুমাৰক বুজনি দিবলৈ আজিয়েই সাক্ষাৎ কৰিব কৰ্ণাটকৰ হেভিৱে’ট নেতাজনক। 

আনহাতে, আজি পুৱাৰ ভাগত শিৱকুমাৰে মুখ্যমন্ত্ৰী হিচাপে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ নাম হাইকমাণ্ডৰ আগত প্ৰস্তাৱ কৰিছিল। খৰ্গেৰ মুখ্যমন্ত্ৰিত্বত তেওঁ কাম কৰিবলৈ প্ৰস্তুত বুলি ঘোষণা কৰিছিল। কিন্তু সকলোকে আচৰিত কৰি বিয়লিলৈ তেওঁ বিদ্ৰোহী স্থিতি গ্ৰহণ কৰে। শিৱকুমাৰৰ এই বিদ্ৰোহী স্থিতিৰ আঁৰত নেতাজনক সমৰ্থন আগবঢ়োৱা ৪০গৰাকী বিধায়কৰ ভূমিকা আছে বুলি চৰ্চা চলিছে। 

এই বিধায়কসকলে শিৱকুমাৰক হেঁচা দিছে তেওঁ যাতে মুখ্যমন্ত্ৰীৰ বাদে কোনো পদ গ্ৰহণ নকৰে। দুটা বছৰৰ পাছত শিৱকুমাৰক মুখ্যমন্ত্ৰী পাতিব বুলি হাইকমাণ্ডে আশ্বাস প্ৰদান কৰিছে। কিন্তু এই ফৰ্মূলা মানি ল’বলৈ প্ৰস্তুত নহয় শিৱকুমাৰ সমৰ্থক বিধায়কসকল। এইখিনিতে উল্লেখ কৰিব লাগিব যে ছিদ্দাৰামায়া আৰু শিৱকুমাৰৰ মাজত দীৰ্ঘকাল ধৰি ৰাজনৈতিক প্ৰভাৱ বিস্তাৰক লৈ সু-সম্পৰ্ক নাছিল। 

কৰ্ণাটক নিৰ্বাচনৰ পূৰ্বে ৰাহুল গান্ধীয়েহে দুয়োৰে মাজত মিত্ৰতা কৰাইছিল। এতিয়া শিৱকুমাৰে ছিদ্দাৰামায়াৰ সৈতে থকা পুৰণি বিবাদৰ আঁত ধৰিয়েই বিদ্ৰোহী স্থিতি লৈছে বুলি আৰম্ভ হৈছে চৰ্চা। শিৱকুমাৰে যেন ছিদ্দাৰামায়াক মনে-প্ৰাণে মুখ্যমন্ত্ৰী হিচাপে গ্ৰহণ কৰিব পৰা নাই। যাৰ বাবে তেওঁ অৱতীৰ্ণ হৈছে বিদ্ৰোহী স্থিতিত। কাইলৈ ছিদ্দাৰামায়াৰ শপতগ্ৰহণৰ দিন নিৰ্ধাৰণ কৰিছে হাইকমাণ্ডে। 

তাৰ পূৰ্বে আজি শিৱকুমাৰৰ বিদ্ৰোহী স্থিতিয়ে উদ্বিগ্ন কৰি তুলিছে ছোনিয়া, ৰাহুল আৰু মল্লিকাৰ্জুন খৰ্গেক। একেবাৰে শেহতীয়া তথ্য মতে শিৱকুমাৰে বিদ্ৰোহী স্থিতি ল’লেও নেতাজনৰ দাবী কোনোপধ্যে নামানে কংগ্ৰেছ হাইকমাণ্ডে। শিৱকুমাৰৰ সমৰ্থক শিবিৰৰ বিধায়কক অধিকভাৱে মন্ত্ৰিত্ব পদ দিবলৈ প্ৰস্তুত কংগ্ৰেছ হাইকমাণ্ড। কিন্তু শিৱকুমাৰক এতিয়াই মুখ্যমন্ত্ৰী পদ নিদিয়ে ছোনিয়া-ৰাহুলে। 

হেভীৱে’ট নেতাজনক দুবছৰৰ পাছত মুখ্যমন্ত্ৰী পদ দিয়াৰ বাবে অৱশ্যে প্ৰস্তুত ছোনিয়া-ৰাহুল আৰু মল্লিকাৰ্জুন খাৰ্গে। প্ৰিয়ংকা গান্ধীয়ে শিৱকুমাৰক বুজনি দিয়াৰ পাছতে আজি নিশাই ছিদ্দাৰামায়া আৰু শিৱকুমাৰৰ সৈতে ৰাহুল গান্ধীয়ে বৈঠক অনুষ্ঠিত কৰিব। এই বৈঠকতে ডি কে শিৱকুমাৰক চূড়ান্তভাৱে জনাই দিয়া হ’ব ছিদ্দাৰামায়েই হ’ব কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰেল টিকট বুকিঙৰ ৪০ বছৰীয়া পুৰণি নিয়মৰ অন্ত: কনফৰ্ম টিকটৰ পৰা ৰিফাণ্ডলৈকে সকলো হ’ব সহজ
পাক প্ৰতিৰক্ষা মন্ত্ৰীৰ ঘোষণা: ছৌডি আৰবৰে থকা প্ৰতিৰক্ষা চুক্তিত যোগ দিব কাটাৰ, তুৰস্কই
বিয়াৰ হালধি অনুষ্ঠানত হালধি লগাই ICUত ভৰ্তি কইনা
চীনত আমেৰিকান কোম্পানীৰ বাবে সুদিন ; ট্ৰাম্পৰ সৈতে বৈঠকৰ পিছত বাণিজ্যিক যুদ্ধ সমাপ্তিৰ ইংগিত জিনপিঙৰ
ডিগবৈ শোধনাগাৰত কৰ্মৰত অৱস্থাত ঠিকাভিত্তিক শ্ৰমিক পৰেশ বৰগোহাঁইৰ ৰহস্যজনক মৃত্যু
ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চিলনী চোৰ মহিদুল ইছলামক গ্ৰেপ্তাৰ ধিং আৰক্ষীৰ
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই