--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দেশৰ ৰাজ্য চৰকাৰসমূহক কাৰাবন্দী আৰু তেওঁলোকক সাক্ষাৎ কৰা দৰ্শনাৰ্থীসকলৰ আধাৰ প্ৰমাণীকৰণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে৷ 

এতিয়াৰে পৰা সমগ্ৰ দেশৰ প্ৰায় ১,৩০০ কাৰাগাৰত বন্দী আৰু তেওঁলোকৰ পৰিচাৰকসকলে আধাৰ প্ৰমাণীকৰণ কৰিব লাগিব৷ বন্দীসকলৰ সুৰক্ষা নিশ্চিত কৰা আৰু পৰিচয় সম্পৰ্কীয় প্ৰৱঞ্চনা প্ৰতিহত কৰাৰ বাবে গৃহ মন্ত্ৰণালয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহলৈ পত্ৰ লিখি বন্দীসকলৰ সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ লগতে আধাৰ সম্পৰ্কীয় লাভালাভ প্ৰদান নিশ্চিত কৰিবলৈ কাৰাগাৰৰ বন্দী আৰু দৰ্শনাৰ্থীসকলৰ আধাৰ প্ৰমাণীকৰণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে।

কাৰাগাৰ বিভাগলৈ এক জাননী জাৰি কৰাৰ পাছত তেওঁলোকক সুশাসনৰ বাবে আধাৰ প্ৰমাণীকৰণ (সমাজ কল্যাণ, উদ্ভাৱন, জ্ঞান) নিয়ম-২০২০ৰ অধীনত কাৰাগাৰৰ বন্দী আৰু তেওঁলোকৰ দৰ্শনাৰ্থীসকলৰ আধাৰ প্ৰমাণীকৰণ কৰাৰ বাবে কৰ্তৃত্ব দিয়া হৈছে বুলি ‘দ্য হিন্দু’ৱে প্ৰতিবেদন প্ৰকাশ কৰিছে৷ 

বন্দী আৰু তেওঁলোকৰ দৰ্শনাৰ্থীসকলক প্ৰমাণিত কৰাৰ পদক্ষেপক ন্যায়সংগত কৰি গৃহ মন্ত্ৰণালয়ে এক টোকাত কয় যে আইন-শৃংখলা বজাই ৰখাৰ বাবে কাৰাগাৰৰ নিৰাপত্তা সংশ্লিষ্ট ৰাজ্যখনৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয়।

মন্ত্ৰালয়ে কয় যে এনআইচিয়ে ই-কাৰাগাৰ প্ৰণালীৰ সৈতে একত্ৰিত আধাৰ সেৱা বিকশিত কৰিছে আৰু দেশৰ ১,৩৭৮খন কাৰাগাৰৰ ভিতৰত ১,৩০৯খনত ইয়াক কাৰ্যকৰী কৰি তুলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু