--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দেশৰ ৰাজ্য চৰকাৰসমূহক কাৰাবন্দী আৰু তেওঁলোকক সাক্ষাৎ কৰা দৰ্শনাৰ্থীসকলৰ আধাৰ প্ৰমাণীকৰণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে৷ 

এতিয়াৰে পৰা সমগ্ৰ দেশৰ প্ৰায় ১,৩০০ কাৰাগাৰত বন্দী আৰু তেওঁলোকৰ পৰিচাৰকসকলে আধাৰ প্ৰমাণীকৰণ কৰিব লাগিব৷ বন্দীসকলৰ সুৰক্ষা নিশ্চিত কৰা আৰু পৰিচয় সম্পৰ্কীয় প্ৰৱঞ্চনা প্ৰতিহত কৰাৰ বাবে গৃহ মন্ত্ৰণালয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহলৈ পত্ৰ লিখি বন্দীসকলৰ সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ লগতে আধাৰ সম্পৰ্কীয় লাভালাভ প্ৰদান নিশ্চিত কৰিবলৈ কাৰাগাৰৰ বন্দী আৰু দৰ্শনাৰ্থীসকলৰ আধাৰ প্ৰমাণীকৰণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে।

কাৰাগাৰ বিভাগলৈ এক জাননী জাৰি কৰাৰ পাছত তেওঁলোকক সুশাসনৰ বাবে আধাৰ প্ৰমাণীকৰণ (সমাজ কল্যাণ, উদ্ভাৱন, জ্ঞান) নিয়ম-২০২০ৰ অধীনত কাৰাগাৰৰ বন্দী আৰু তেওঁলোকৰ দৰ্শনাৰ্থীসকলৰ আধাৰ প্ৰমাণীকৰণ কৰাৰ বাবে কৰ্তৃত্ব দিয়া হৈছে বুলি ‘দ্য হিন্দু’ৱে প্ৰতিবেদন প্ৰকাশ কৰিছে৷ 

বন্দী আৰু তেওঁলোকৰ দৰ্শনাৰ্থীসকলক প্ৰমাণিত কৰাৰ পদক্ষেপক ন্যায়সংগত কৰি গৃহ মন্ত্ৰণালয়ে এক টোকাত কয় যে আইন-শৃংখলা বজাই ৰখাৰ বাবে কাৰাগাৰৰ নিৰাপত্তা সংশ্লিষ্ট ৰাজ্যখনৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয়।

মন্ত্ৰালয়ে কয় যে এনআইচিয়ে ই-কাৰাগাৰ প্ৰণালীৰ সৈতে একত্ৰিত আধাৰ সেৱা বিকশিত কৰিছে আৰু দেশৰ ১,৩৭৮খন কাৰাগাৰৰ ভিতৰত ১,৩০৯খনত ইয়াক কাৰ্যকৰী কৰি তুলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement