--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিদিনে নীলা আকাশখন দেখা যায়। কিন্তু হঠাৎ আকাশ ৰঙা হৈ পৰিল। মংগোলিয়াৰ বাসিন্দাসকলে এই অদ্ভূত দৃশ্য দেখিবিলৈ পায়। শুকুৰবাৰে আৰু শনিবাৰে সমগ্ৰ দিনজুৰি দেশখনৰ আকাশৰ কিছু অংশ ৰঙা হৈ পৰিল।

প্ৰকৃতিৰ এই অদ্ভুত নাটকৰ আঁৰত নিশ্চয় বিজ্ঞানসন্মত ব্যাখ্যা আছে। কিন্তু ব্যাখ্যা জনাৰ আগতেই মংগোলীয়াবাসীয়ে এই আচৰিত ঘটনাৰ সাক্ষী হ’ল।

সংবাদ সংস্থাটোৰ মতে, এই অনন্য পৰিঘটনাৰ জৰিয়তে বিজ্ঞানীসকলে এক বৃহৎ সুযোগ লাভ কৰিছে। অৰ্থাৎ নিম্ন অক্ষাংশত সৌৰ ধুমুহাৰ প্ৰভাৱৰ অভিজ্ঞতা সংগ্ৰহ কৰা।

বিজ্ঞানীসকলে কয় যে আকাশৰ ৰং সলনিৰ আঁৰত আছে সৌৰ ধুমুহা। পৃথিৱীৰ লগত সংঘৰ্ষৰ ফলত আকাশখন ৰঙা হৈ পৰিছিল। তেওঁলোকৰ মতে ই এক প্ৰকাৰৰ মেৰুপ্ৰভা।

সাধাৰণতে মেৰু অঞ্চলত এই পৰিঘটনা দেখা যায়। বেছিভাগ সময়তে ইয়াৰ ৰং সেউজীয়া হয়। কিন্তু মংগোলিয়া মেৰু অঞ্চলত ওচৰত নহয়। সেয়া সেউজীয়াৰ সলনি তেজ ৰঙা হৈ পৰে আকাশ।

একাংশ বিজ্ঞানীৰ মতে এয়া এক মহাজাগতিক বিৰলতা। পৃথিৱীৰ উচ্চ অক্ষাংশত সৌৰ ধুমুহাৰ সৈতে অক্সিজেনৰ ঘৰ্ষণে এনে ৰঙৰ সৃষ্টি কৰিছে আৰু মংগোলিয়াৰ আকাশত সেয়া প্ৰতিফলিত হৈছিল।

নীলা আৰু ক’লা ৰঙৰ পৰিৱৰ্তে শুকুৰবাৰে গোটেই দিনটো আৰু শনিবাৰৰ বেছিভাগ সময় মংগোলিয়াৰ আকাশখন ৰঙা ৰঙৰ হৈ পৰিল। ইয়াৰ পিছত লাহে লাহে নোহোৱা হৈ যায়। আকাশৰ চিনাকি ৰং ঘূৰি আহে।

উল্লেখ্য যে মেৰুপ্ৰভাৰ আটাইতকৈ অস্বাভাৱিক ৰং ৰঙা। যিটো অতি বিশেষ পৰিস্থিতিতহে দেখা যায়। সেই বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ল মংগোলিয়া।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ