--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিদিনে নীলা আকাশখন দেখা যায়। কিন্তু হঠাৎ আকাশ ৰঙা হৈ পৰিল। মংগোলিয়াৰ বাসিন্দাসকলে এই অদ্ভূত দৃশ্য দেখিবিলৈ পায়। শুকুৰবাৰে আৰু শনিবাৰে সমগ্ৰ দিনজুৰি দেশখনৰ আকাশৰ কিছু অংশ ৰঙা হৈ পৰিল।

প্ৰকৃতিৰ এই অদ্ভুত নাটকৰ আঁৰত নিশ্চয় বিজ্ঞানসন্মত ব্যাখ্যা আছে। কিন্তু ব্যাখ্যা জনাৰ আগতেই মংগোলীয়াবাসীয়ে এই আচৰিত ঘটনাৰ সাক্ষী হ’ল।

সংবাদ সংস্থাটোৰ মতে, এই অনন্য পৰিঘটনাৰ জৰিয়তে বিজ্ঞানীসকলে এক বৃহৎ সুযোগ লাভ কৰিছে। অৰ্থাৎ নিম্ন অক্ষাংশত সৌৰ ধুমুহাৰ প্ৰভাৱৰ অভিজ্ঞতা সংগ্ৰহ কৰা।

বিজ্ঞানীসকলে কয় যে আকাশৰ ৰং সলনিৰ আঁৰত আছে সৌৰ ধুমুহা। পৃথিৱীৰ লগত সংঘৰ্ষৰ ফলত আকাশখন ৰঙা হৈ পৰিছিল। তেওঁলোকৰ মতে ই এক প্ৰকাৰৰ মেৰুপ্ৰভা।

সাধাৰণতে মেৰু অঞ্চলত এই পৰিঘটনা দেখা যায়। বেছিভাগ সময়তে ইয়াৰ ৰং সেউজীয়া হয়। কিন্তু মংগোলিয়া মেৰু অঞ্চলত ওচৰত নহয়। সেয়া সেউজীয়াৰ সলনি তেজ ৰঙা হৈ পৰে আকাশ।

একাংশ বিজ্ঞানীৰ মতে এয়া এক মহাজাগতিক বিৰলতা। পৃথিৱীৰ উচ্চ অক্ষাংশত সৌৰ ধুমুহাৰ সৈতে অক্সিজেনৰ ঘৰ্ষণে এনে ৰঙৰ সৃষ্টি কৰিছে আৰু মংগোলিয়াৰ আকাশত সেয়া প্ৰতিফলিত হৈছিল।

নীলা আৰু ক’লা ৰঙৰ পৰিৱৰ্তে শুকুৰবাৰে গোটেই দিনটো আৰু শনিবাৰৰ বেছিভাগ সময় মংগোলিয়াৰ আকাশখন ৰঙা ৰঙৰ হৈ পৰিল। ইয়াৰ পিছত লাহে লাহে নোহোৱা হৈ যায়। আকাশৰ চিনাকি ৰং ঘূৰি আহে।

উল্লেখ্য যে মেৰুপ্ৰভাৰ আটাইতকৈ অস্বাভাৱিক ৰং ৰঙা। যিটো অতি বিশেষ পৰিস্থিতিতহে দেখা যায়। সেই বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ল মংগোলিয়া।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ