--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰ্থিক সংকটত পৰিছে পাকিস্তান। যোৱা কেইমাহমানৰ ভিতৰত আৰ্থিক সংকট ইমানেই তীব্ৰতৰ হৈ পৰিছিল যে দেশৰ নাগৰিকে দিনটোত দুবাৰকৈ আহাৰ পাবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছিল। এইবাৰ সেই দেশৰ এজন নাগৰিক ৰাতিটোৰ ভিতৰতে কোটিপতি হৈ পৰিল। তাকো মাছ বিক্ৰী কৰি!

এনে ঘটনা সংঘটিত হৈছৈে পাকিস্তানত। কৰাচীৰ এজন সৰু মাছমৰীয়া নিশাটোৰ ভিতৰতে কোটিপতি হৈ পৰিল। মাছমৰীয়াজনে ধৰিলে ১০টা বিৰল প্ৰজাতিৰ মাছ। সেই ১০টা মাছ বিক্ৰী কৰি মাছমৰীয়াৰ সৌভাগ্য মুকলি হৈছে।

তেওঁৰ নাম হাজী বালোচ। ইব্ৰাহিম হাইদেৰী জালেপল্লীত বাস কৰে মাছমৰীয়াজন। শেহতীয়াকৈ মাছমৰীয়াৰ কৰ্মচাৰীসকলে আৰব সাগৰৰ পৰা এবিধ বিৰল প্ৰজাতিৰ মাছ ধৰিছিল। সেই মাছবোৰ সোণালী মাছ। স্থানীয় নাম- 'সোয়া'। জনা যায় যে এই মাছৰ বহুতো গুণ আছে। সেইবাবেই ই ইমান মূল্যৱান।

সেই প্ৰজাতিৰ ১০টা মাছ কৰাচী বন্দৰত নিলাম কৰা হৈছিল মুঠ সাত কোটি পাকিস্তানী টকাত। এই কথা কয় পাকিস্তান মাছমৰীয়া লোক মঞ্চৰ মুখপাত্ৰ মুবাৰক খানে।

কিন্তু ইমান দামত মাছবোৰ কিয় বিক্ৰী কৰা হয়? আগতে কোৱাৰ দৰে গুণাগুণৰ ফালৰ পৰা এই মাছ মূল্যৱান। জনা যায় যে এই মাছৰ পৰা ঔষধ তৈয়াৰ কৰা হয়। এই মাছৰ পেটত এনে পদাৰ্থ থাকে যাৰ পৰা বিভিন্ন ঔষধ প্ৰস্তুত কৰা হয়।

কেৱল এয়াই নহয়, এই মাছৰ পৰা এক প্ৰকাৰৰ সূতাৰ দৰে পদাৰ্থ পোৱা যায়। যাৰ পৰা অস্ত্ৰোপচাৰৰ যন্ত্ৰ তৈয়াৰ কৰা হয়। মাছবিধৰ ওজন হয় ২০ৰ পৰা ৪০ কিলোগ্ৰাম। দৈৰ্ঘ্য ১.৫ মিটাৰ পৰ্যন্ত।

মাছমৰীয়াজনৰ ভাষাত, "আমি কৰাচীত সাগৰত মাছ ধৰি আছিলো... ইয়াৰ পিছত হঠাতে বহুত সোণালী মাছ পালোঁ। সেইটোৱে আমাৰ ভাগ্য মুকলি কৰি দিলে।'' 

প্ৰতিটো মাছ পাকিস্তানী মুদ্ৰাত ৭০ লাখ টকাত বিক্ৰী হৈছিল। ১০টা মাছ বিক্ৰী কৰি ৭ কোটি টকা লাভ কৰে মাছমৰীয়াজনে। ইমান টকা একেলগে পাই তেওঁ স্বাভাৱিকতে উত্তেজিত হৈ পৰে। মাছমৰীয়াজনৰ ৭ জন কৰ্মচাৰী। এই লক্ষ্মীলাভক লৈ তেওঁলোকো উৎফুল্লিত হৈ পৰিছে। তেওঁলোকৰ ভাগ্যও ঘূৰি আহিছে।

ইমান টকাৰে কি কৰিব কৰাচীৰ মাছমৰীয়াই? তেওঁ কয় যে তেওঁৰ সাতজন শ্ৰমিকেও সেই ধন ভাগ কৰিব। আৰ্থিক সমস্যাত পৰিছে পাকিস্তান। তাৰ ভিতৰত সেই দেশৰ মাছমৰীয়াৰ লক্ষ্মী লভৰ খবৰে ব্যাপক চৰ্চা লাভ কৰিছে!

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ