--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰ্থিক সংকটত পৰিছে পাকিস্তান। যোৱা কেইমাহমানৰ ভিতৰত আৰ্থিক সংকট ইমানেই তীব্ৰতৰ হৈ পৰিছিল যে দেশৰ নাগৰিকে দিনটোত দুবাৰকৈ আহাৰ পাবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছিল। এইবাৰ সেই দেশৰ এজন নাগৰিক ৰাতিটোৰ ভিতৰতে কোটিপতি হৈ পৰিল। তাকো মাছ বিক্ৰী কৰি!

এনে ঘটনা সংঘটিত হৈছৈে পাকিস্তানত। কৰাচীৰ এজন সৰু মাছমৰীয়া নিশাটোৰ ভিতৰতে কোটিপতি হৈ পৰিল। মাছমৰীয়াজনে ধৰিলে ১০টা বিৰল প্ৰজাতিৰ মাছ। সেই ১০টা মাছ বিক্ৰী কৰি মাছমৰীয়াৰ সৌভাগ্য মুকলি হৈছে।

তেওঁৰ নাম হাজী বালোচ। ইব্ৰাহিম হাইদেৰী জালেপল্লীত বাস কৰে মাছমৰীয়াজন। শেহতীয়াকৈ মাছমৰীয়াৰ কৰ্মচাৰীসকলে আৰব সাগৰৰ পৰা এবিধ বিৰল প্ৰজাতিৰ মাছ ধৰিছিল। সেই মাছবোৰ সোণালী মাছ। স্থানীয় নাম- 'সোয়া'। জনা যায় যে এই মাছৰ বহুতো গুণ আছে। সেইবাবেই ই ইমান মূল্যৱান।

সেই প্ৰজাতিৰ ১০টা মাছ কৰাচী বন্দৰত নিলাম কৰা হৈছিল মুঠ সাত কোটি পাকিস্তানী টকাত। এই কথা কয় পাকিস্তান মাছমৰীয়া লোক মঞ্চৰ মুখপাত্ৰ মুবাৰক খানে।

কিন্তু ইমান দামত মাছবোৰ কিয় বিক্ৰী কৰা হয়? আগতে কোৱাৰ দৰে গুণাগুণৰ ফালৰ পৰা এই মাছ মূল্যৱান। জনা যায় যে এই মাছৰ পৰা ঔষধ তৈয়াৰ কৰা হয়। এই মাছৰ পেটত এনে পদাৰ্থ থাকে যাৰ পৰা বিভিন্ন ঔষধ প্ৰস্তুত কৰা হয়।

কেৱল এয়াই নহয়, এই মাছৰ পৰা এক প্ৰকাৰৰ সূতাৰ দৰে পদাৰ্থ পোৱা যায়। যাৰ পৰা অস্ত্ৰোপচাৰৰ যন্ত্ৰ তৈয়াৰ কৰা হয়। মাছবিধৰ ওজন হয় ২০ৰ পৰা ৪০ কিলোগ্ৰাম। দৈৰ্ঘ্য ১.৫ মিটাৰ পৰ্যন্ত।

মাছমৰীয়াজনৰ ভাষাত, "আমি কৰাচীত সাগৰত মাছ ধৰি আছিলো... ইয়াৰ পিছত হঠাতে বহুত সোণালী মাছ পালোঁ। সেইটোৱে আমাৰ ভাগ্য মুকলি কৰি দিলে।'' 

প্ৰতিটো মাছ পাকিস্তানী মুদ্ৰাত ৭০ লাখ টকাত বিক্ৰী হৈছিল। ১০টা মাছ বিক্ৰী কৰি ৭ কোটি টকা লাভ কৰে মাছমৰীয়াজনে। ইমান টকা একেলগে পাই তেওঁ স্বাভাৱিকতে উত্তেজিত হৈ পৰে। মাছমৰীয়াজনৰ ৭ জন কৰ্মচাৰী। এই লক্ষ্মীলাভক লৈ তেওঁলোকো উৎফুল্লিত হৈ পৰিছে। তেওঁলোকৰ ভাগ্যও ঘূৰি আহিছে।

ইমান টকাৰে কি কৰিব কৰাচীৰ মাছমৰীয়াই? তেওঁ কয় যে তেওঁৰ সাতজন শ্ৰমিকেও সেই ধন ভাগ কৰিব। আৰ্থিক সমস্যাত পৰিছে পাকিস্তান। তাৰ ভিতৰত সেই দেশৰ মাছমৰীয়াৰ লক্ষ্মী লভৰ খবৰে ব্যাপক চৰ্চা লাভ কৰিছে!

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক