--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  গুৱাহাটীৰ এগৰাকী মহিলা হঠাৎ নিৰুদ্দেশ বাংগালুৰুৰ পৰা। মহিলাগৰাকীক বিক্ৰী অথবা হত্যা কৰাৰ সন্দেহ ভাতৃৰ। 

চাবিৰ আলী আৰু পৰিয়ালৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ মহিলাগৰাকীৰ পৰিয়ালৰ। 

বিগত এমাহ ধৰি সন্ধানহীন কুঞ্জলতা দাস ওৰফে আৰিফা বেগম। ৫ বছৰ পূৰ্বে কুঞ্জলতা দাস বিবাহপাশত আবদ্ধ হৈছিল চাবিৰ আলীৰ সৈতে। বিয়াৰ পাছত কুঞ্জলতা দাসে নাম লৈছিল আৰিফা বেগম। 

১৫ বছৰ বয়সতে চাবিৰে পলুৱাই বিয়া পাতিছিল কুঞ্জলতাক। বিয়াৰ পাছৰে পৰা কুঞ্জলতাক অত্যাচাৰ কৰাৰ অভিযোগ চাবিৰৰ বিৰুদ্ধে। 

শেহতীয়াকৈ এমাহ পূৰ্বে চাবিৰে বাংগালুৰুলৈ লৈ গৈছিল কুঞ্জলতাক। কিন্তু বাংগালুৰুৰ পৰা কুঞ্জলতাক ঘুৰাই নানিলে চাবিৰে। 

কুঞ্জলতাক বাংগালুৰুত হত্যা অথবা বিক্ৰী কৰাৰ অভিযোগ উঠিছে চাবিৰৰ বিৰুদ্ধে। ইতিমধ্যে কুঞ্জলতাৰ ভাতৃয়ে ঘটনা সন্দৰ্ভত লতাশিল থানাত দাখিল কৰিছে এজাহাৰ। 

এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গুৱাহাটীৰ জয়পুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে চাবিৰ আলীক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস