--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰৰ ঘটনাক্ৰমকলৈ আজিও উত্তপ্ত হৈ পৰে বৰ্ষাকালীন অধিৱেশন চলি থকা সংসদৰ উভয় সদন। সংসদৰ দুয়োখন সদনতে আজিও বিৰোধীয়ে মণিপুৰ প্ৰসংগত চৰকাৰৰ মৌনতাকলৈ সৰব হৈ পৰে।  আজি পুৱা ৰাজ্যসভা আৰু লোকসভাৰ কামকাজ আৰম্ভ হোৱাৰ পিছতে মণিপুৰৰ ঘটনাকলৈ বিৰোধীয়ে চৰকাৰক উভতি ধৰে।  হুলস্থূলীয়া পৰিবেশৰ মাজতে   ৰাজ্যসভাৰ অধ্যক্ষ জবদীপ ধনখৰে  আম আদমী পাৰ্টিৰ সাংসদ সঞ্জয় সিঙক সংসদৰ পৰা অধিৱেশনৰ বাকী কেইটা দিনৰ বাবে  নিলম্বন কৰে।

তথ্য অনুসৰি, কেন্দ্ৰীয় মন্ত্ৰী  পীয়ুষ গোৱেলে সঞ্জয় সিঙৰ বিৰুদ্ধে  অধ্যক্ষৰ ওচৰত অভিযোগ দাখিল  কৰিছিল। তেওঁৰ অভিযোগৰ ভিত্তিতে এই সিদ্ধান্ত লোৱা হয়  আৰু সঞ্জয় সিঙক সমগ্ৰ বৰ্ষাকালীন  অধিৱেশনৰ বাবে ৰাজ্যসভাৰ পৰা নিলম্বিত কৰা হয় । এই সিদ্ধান্তৰ পিছত  সকলো বিৰোধী নেতাই ৰাজ্যসভাৰ অধ্যক্ষৰ সৈতে  বৈঠকত মিলিত হয়  আৰু তেওঁক সিদ্ধান্তটো পুনৰ বিবেচনা কৰিবলৈ কয়। উল্লেখ্য শেহতীয়াকৈ মণিপুৰৰ মহিলাক নগ্ন কৰি পেৰেড কৰোৱাৰ  ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

বিৰোধীয়ে মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত  সংসদত  প্ৰধানমন্ত্ৰীৰ পৰা বিবৃতি দাবী কৰি আহিছে। ইপিনে চৰকাৰে কৈছে যে মণিপুৰ বিষয়টো আলোচনা কৰা হ'ব  যদিও  সংশ্লিষ্ট মন্ত্ৰালয়েহে সদনত এই সন্দৰ্ভত বিবৃতি দিব। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে সদনৰ বাহিৰত মণিপুৰৰ বিষয়ত এটা বিবৃতি দিছে আৰু তেওঁৰ উদ্বেগ  প্ৰকাশ কৰিছে।

আম আদমী পাৰ্টিৰ নেতা সৌৰভ ভৰদ্বাজে  কয় যে  সঞ্জয় সিঙক দেশৰ বাবে মাত মাতি থকা বাবেই  নিলম্বিত কৰা হৈছে। ,আনহাতে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও মণিপুৰ বিষয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। অৰবিন্দ কেজৰিৱালে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে সংসদলৈ আহি এই বিষয়ত  বিবৃতি দিব লাগে।মোদীয়ে  কিয় আত্মগোপন কৰি বহি আছে বুলিও কেজৰিৱালে প্ৰশ্ন কৰে। উল্লেখ্য আম আদমী পাৰ্টিৰ ৰাজ্যসভাত ১০ জন সাংসদ আছে আৰু সদনত বিৰোধী দলৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ হিচাবে বিবেচিত হৈছে। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস