--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰৰ ঘটনাক্ৰমকলৈ আজিও উত্তপ্ত হৈ পৰে বৰ্ষাকালীন অধিৱেশন চলি থকা সংসদৰ উভয় সদন। সংসদৰ দুয়োখন সদনতে আজিও বিৰোধীয়ে মণিপুৰ প্ৰসংগত চৰকাৰৰ মৌনতাকলৈ সৰব হৈ পৰে।  আজি পুৱা ৰাজ্যসভা আৰু লোকসভাৰ কামকাজ আৰম্ভ হোৱাৰ পিছতে মণিপুৰৰ ঘটনাকলৈ বিৰোধীয়ে চৰকাৰক উভতি ধৰে।  হুলস্থূলীয়া পৰিবেশৰ মাজতে   ৰাজ্যসভাৰ অধ্যক্ষ জবদীপ ধনখৰে  আম আদমী পাৰ্টিৰ সাংসদ সঞ্জয় সিঙক সংসদৰ পৰা অধিৱেশনৰ বাকী কেইটা দিনৰ বাবে  নিলম্বন কৰে।

তথ্য অনুসৰি, কেন্দ্ৰীয় মন্ত্ৰী  পীয়ুষ গোৱেলে সঞ্জয় সিঙৰ বিৰুদ্ধে  অধ্যক্ষৰ ওচৰত অভিযোগ দাখিল  কৰিছিল। তেওঁৰ অভিযোগৰ ভিত্তিতে এই সিদ্ধান্ত লোৱা হয়  আৰু সঞ্জয় সিঙক সমগ্ৰ বৰ্ষাকালীন  অধিৱেশনৰ বাবে ৰাজ্যসভাৰ পৰা নিলম্বিত কৰা হয় । এই সিদ্ধান্তৰ পিছত  সকলো বিৰোধী নেতাই ৰাজ্যসভাৰ অধ্যক্ষৰ সৈতে  বৈঠকত মিলিত হয়  আৰু তেওঁক সিদ্ধান্তটো পুনৰ বিবেচনা কৰিবলৈ কয়। উল্লেখ্য শেহতীয়াকৈ মণিপুৰৰ মহিলাক নগ্ন কৰি পেৰেড কৰোৱাৰ  ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

বিৰোধীয়ে মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত  সংসদত  প্ৰধানমন্ত্ৰীৰ পৰা বিবৃতি দাবী কৰি আহিছে। ইপিনে চৰকাৰে কৈছে যে মণিপুৰ বিষয়টো আলোচনা কৰা হ'ব  যদিও  সংশ্লিষ্ট মন্ত্ৰালয়েহে সদনত এই সন্দৰ্ভত বিবৃতি দিব। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে সদনৰ বাহিৰত মণিপুৰৰ বিষয়ত এটা বিবৃতি দিছে আৰু তেওঁৰ উদ্বেগ  প্ৰকাশ কৰিছে।

আম আদমী পাৰ্টিৰ নেতা সৌৰভ ভৰদ্বাজে  কয় যে  সঞ্জয় সিঙক দেশৰ বাবে মাত মাতি থকা বাবেই  নিলম্বিত কৰা হৈছে। ,আনহাতে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও মণিপুৰ বিষয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। অৰবিন্দ কেজৰিৱালে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে সংসদলৈ আহি এই বিষয়ত  বিবৃতি দিব লাগে।মোদীয়ে  কিয় আত্মগোপন কৰি বহি আছে বুলিও কেজৰিৱালে প্ৰশ্ন কৰে। উল্লেখ্য আম আদমী পাৰ্টিৰ ৰাজ্যসভাত ১০ জন সাংসদ আছে আৰু সদনত বিৰোধী দলৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ হিচাবে বিবেচিত হৈছে। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ