--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ন্যায়াধীশ সুনীতা আগৰৱালাই দেওবাৰে গুজৰাট উচ্চ ন্যায়ালয়ৰ ২৯ সংখ্যক  মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে গান্ধীনগৰৰ ৰাজভৱনত এক অনুষ্ঠানত তেওঁক শপত গ্ৰহণ কৰোৱায়, য'ত মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, গুজৰাট বিধানসভাৰ অধ্যক্ষ শংকৰ চৌধুৰী আৰু আইন আৰু ন্যায় মন্ত্ৰী ৰুশিকেশ পেটেলো উপস্থিত থাকে।

ন্যায়াধীশ সুনীতা আগৰৱালা হৈছে দেশৰ  উচ্চ ন্যায়ালয়সমূহৰ একমাত্ৰ মহিলা মুখ্য ন্যায়াধীশ । কাৰণ  বৰ্তমান দেশৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকলৰ মাজত কোনো মহিলা নাই।তেওঁ গুজৰাট উচ্চ ন্যায়ালয়ৰ দ্বিতীয় গৰাকী মহিলা মুখ্য ন্যায়াধীশ। তেওঁৰ আগতে ন্যায়াধীশ ছোনিয়া গোকানি ২৫ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখ লৈকে কেইদিনমানৰ বাবে গুজৰাট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল। তেওঁৰ  পিছত ন্যায়াধীশ মুখ্য ন্যায়াধীশ হিচাবে  দেশাই কাৰ্যকৰী চিজে হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

ন্যায়াধীশ সুনীতা আগৰৱালাৰ জন্ম ১৯৬৬ চনৰ ৩০ এপ্ৰিলত হৈছিল আৰু ১৯৮৯ চনত অৱধ বিশ্ববিদ্যালয়ৰ পৰা আইনত স্নাতক ডিগ্ৰী লাভ কৰিছিল। 

তেওঁ ১৯৯০ চনৰ ১৬ ডিচেম্বৰত অধিবক্তা হিচাপে পেছা আৰম্ভ  কৰে আৰু এলাহাবাদ উচ্চ ন্যায়ালয়ত  অনুশীলন আৰম্ভ  কৰে।

২১ নৱেম্বৰ,২০১১  তাৰিখে, তেওঁক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশলৈ উন্নীত কৰা হয় আৰু পিছত, ৬ আগষ্ট, ২০১৩ তাৰিখে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে তেওঁ  শপত গ্ৰহণ কৰিছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
নগাঁৱৰ কেইবাখনো হোটেলত উদ্ধাৰ গো-মাংস
এই ৩টা বস্তু মগজুৰ বাবে ছুপাৰফুড; দৈনিক খালে বৃদ্ধ বয়সলৈকে স্মৃতিশক্তি চোকা হৈ থাকিব
শ্রীভূমিত ছয় কোটি টকাৰ ড্ৰাগছ জব্দ! এয়াৰটেল কোম্পানীৰ অভিযন্তাসহ আটক ৩
১৪ দালাই লামাৰ পৱিত্ৰ জন্ম দিৱসত কৈলাশ শৰ্মা সম্বৰ্ধিত
লেখক শান্তনু তামুলীৰ 'জয় ইন দ্য জাংগল 'লৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি
ফাষ্টটেগৰ ক্ষেত্ৰত কঠোৰ হ'ব চৰকাৰ