--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সোমবাৰে এক ভয়ংকৰ ভূমিকম্পই জোঁকাৰি গ’ল আফগানিস্তান। এতিয়ালৈকে আফগানিস্তানত সোমবাৰে সংঘটিত হোৱা ভূমিকম্পত নিহতৰ সংখ্যা ২৬লৈ বৃদ্ধি পাইছে। সোমবাৰে আবেলি দুবাৰকৈ আফগানিস্তানৰ বাদগিছ প্ৰদেশত উৎপত্তি হৈছিল প্ৰচণ্ড ভূমিকম্পৰ। প্ৰচণ্ড কম্পনৰ ফলত তুৰ্কমেনিস্তানৰ কাষৰীয়া সীমান্ত অঞ্চলটো ভূমিকম্পই জোঁকাৰি গৈছিল। ভূমিকম্পৰ ফলত সংঘটিত দুৰ্ঘটনাত কমেও ২৬ জন লোক এতিয়ালৈকে মৃত্যু হোৱা খবৰ আহি পৰিছে। মৃতসকলৰ ভিতৰত ৫ গৰাকী মহিলা আৰু ৪ টা শিশু আছিল। আফগানিস্তানৰ এজন স্থানীয় বিষয়াই সংবাদ মাধ্যমৰ আগত এই তথ্য সদৰী কৰে। এতিয়াও ভূমিকম্পত ক্ষতিগ্ৰস্ত হোৱা দূৰৱৰ্তী এলেকাবোৰত প্ৰশাসনৰ উদ্ধাৰ অভিযান চলি আছে। যাৰ বাবে সংশ্লিষ্ট বিষয়াসকলে আশংকা প্ৰকাশ কৰিছে যে ভূমিকম্পৰ দ্বাৰা ক্ষতিগ্ৰস্ত দূৰৱৰ্তী গাঁওসমূহত চলি থকা এই উদ্ধাৰ অভিযানৰ ফলত ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে। ভূমিকম্পৰ পাছত দেশখনৰ বহুতো ঘৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ অনুসৰি, স্থানীয় সময় অনুসৰি প্ৰায় দিনৰ প্ৰায় ২ বজাত ৫.৩ প্ৰাবল্যৰ প্ৰথমটো ভূমিকম্প অনুভূত হৈছিল। আনহাতে দ্বিতীয়টো কম্পন স্থানীয় সময়ানুসাৰে আবেলি প্ৰায় ৪ বজাত অনুভূত হৈছিল। প্ৰথম কম্পনৰ তুলনাত দ্বিতীয় কম্পন কিছু কম অনুভূত হৈছিল। অৰ্থাৎ দ্বিতীয় কম্পনটো ৪.৯ প্ৰাবল্যৰ আছিল। চৰকাৰী তথ্য অনুসৰি ভূমিকম্পৰ ফলত দেশখনৰ দক্ষিণ অংশৰ কাদিছ জিলা ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে আৰু সৰ্বাধিক লোক হতাহত হৈছে। ইয়াৰ পূৰ্বে শুকুৰবাৰে নিশা আফগানিস্তানৰ ফৈজাবাদৰ ওচৰত ভূমিকম্পৰ তীব্ৰ কম্পন অনুভূত হৈছিল। অৱশ্যে, সেই কম্পনত কোনো প্ৰাণহানি বা সম্পত্তি ধ্বংস হোৱা নাছিল। ৰিখটাৰ স্কেলত সেই ভূমিকম্পৰ প্ৰাবল্য ৫.৩ পোৱা গৈছিল। শুকুৰবাৰৰ ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল আফগানিস্তানৰ ফৈজাবাদৰ পৰা ১১৭ কিলোমিটাৰ দক্ষিণ-পূবত। মন কৰিব লগীয়া যে, আফগানিস্তান প্ৰায়ে ভূমিকম্প প্ৰৱণ এলেকাৰ ভিতৰত এটা। কিয়নো ভৌগোলিকভাৱে দেশখনৰ অৱস্থিতি অতি ভূমিকম্প প্ৰৱণ। দেশখন ইউৰেচিয়ান আৰু ভাৰতীয় টেকটনিক প্লেটৰ সংযোগস্থলৰ ওচৰত অৱস্থিত হিন্দুকুশ পৰ্বতমালাৰ প্ৰায় কাষত অৱস্থিত। এই পৰ্বতমালা প্ৰায়ে ভূমিকম্পই জোঁকাৰি থকা দেখা যায়। এই ভূমিকম্পৰ ফলত আফগানিস্তানত দুৰ্বলভাৱে নিৰ্মিত ঘৰ আৰু অট্টালিকাসমূহৰ যথেষ্ট ক্ষতি হোৱা দেখা যায়। তালিবানে দখল কৰা পাছত দেশখনৰ বিধ্বস্ত অৰ্থনীতিৰ মাজতে এনেধৰণৰ প্ৰাকৃতিক ক্ষয় -ক্ষতিয়ে যথেষ্ট প্ৰভাৱিত কৰিব বুলি এতিয়া আলোচিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ