--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে নিজকে স্বৰগৰ দেৱদূত বুলি নাভাৱে। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ নামত উলোৱা  'যৌন ফোন কথোপকথন'ৰ অডিঅ' সম্পৰ্কে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেওঁ নিজে।

এই কাণ্ড পোহৰলৈ অহাৰ পাছতে অনেকে তেওঁক প্লে’বয় হিচাপে অভিহিত কৰিছে। শেহতীয়াকৈ লাহোৰস্থিত তেওঁৰ বাসভৱনত সাংবাদিকৰ সৈতে কথা বাৰ্তা হয় ইমৰানৰ।

"হয়, মই অতীতত এজন প্লেবয় আছিলোঁ। আৰু মই কেতিয়াও দাবী কৰা নাছিলো যে মই এজন দেৱদূত।"- ইমৰান খানে এইদৰে কয়।


উল্লেখ্য যে ডিচেম্বৰৰ শেষ সপ্তাহত এটা অডিঅ' ফাইল টুইটাৰত ভাইৰেল হৈছিল। য'ত ইমৰানৰ দৰে মাত শুনা যায়। বিপৰীত ফালে মহিলাৰ মাত শুনা যায়। নেটিজেনৰ এটা অংশই ঘটনাটোক লৈ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক গৰিহণা দিছিল।

অৱশ্যে, একাংশই দাবী কৰে যে অডিঅ'টো ভুৱা। ইমৰানৰ ভাৱমূৰ্তি বেয়া কৰিবলৈকে এই ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। এইবাৰ ইমৰানে নিজেই প্ৰায় স্বীকাৰ কৰিলে যে অডিঅ'টোত তেওঁৰ মাত থাকিবও পাৰে। যিয়ে এই বিতৰ্কক এক নতুন মাত্ৰা প্ৰদান কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ