--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় ২৪ বছৰ আগতে তেওঁ ঈশ্বৰক বিচাৰি ঘৰ এৰিছিল। সন্ন্যাসীৰ জীৱন আঁকোৱালি লৈছিল। কিন্তু হঠাতে এটা ঘটনাত তেওঁৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ গ'ল। আন এগৰাকী সন্ন্যাসিনীৰ প্ৰেমত পৰিল তেওঁ। ঈশ্বৰৰ পৰিৱৰ্তে আৰম্ভ কৰে প্ৰেমৰ সম্পৰ্ক। অৱশেষত বিবাহপাশত আৱদ্ধ হয় দুয়ো।

ঘটনাটোৰ দুটা মুখ্য চৰিত্ৰ হৈছে মেৰী এলিজাবেথ আৰু ৰবাৰ্ট নামৰ সন্ন্যাসী দুগৰাকী। তেওঁলোক দুয়ো আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাসিন্দা। দেশখনৰ দুটা বিখ্যাত কনভেন্টত ঈশ্বৰৰ সাধনাত তেওঁলোক০ নিয়োজিত আছিল।

এলিজাবেথে প্ৰায় ২৪ বছৰ ধৰি এটা মঠত এক কঠোৰ সন্ন্যাসী জীৱন যাপন কৰি আহিছে। বাহিৰৰ পৃথিৱীৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাছিল। ঈশ্বৰকে চিন্তি গোটেই দিনটো তেওঁ নিজৰ সৰু কোঠাটোত সাধনা কৰি আহিছিল।

হঠাতে এদিন ৰবাৰ্ট নামৰ এজন সন্ন্যাসী মঠটোলৈ আহিল। তেওঁৰ আগমনৰ খবৰ পোৱাৰ পিছত এলিজাবেথৰ মঠাধ্যক্ষে আদেশ দিছিল যে অতিথিৰ অভ্যৰ্থনাত যাতে কোনো ত্ৰুটি থাকিব নালাগে। সকলো দায়িত্ব এলিজাবেথৰ কান্ধত পৰিল। 

কাহিনীটো ইয়াতে আৰম্ভ হয়। এলিজাবেথ আৰু ৰবাৰ্টে প্ৰথমে খোৱা-বোৱাৰ বাবে এটা কোঠাত কিছু সময় অতিবাহিত কৰিছিল। এলিজাবেথে  ৰবাৰ্টক তেওঁলোকৰ মঠৰ পৰিৱেশ দেখুৱাইছিল। ইয়াৰ মাজতে এলিজাবেথে হঠাতে ৰবাৰ্টৰ হাত স্পৰ্শ কৰে। লগে লগে সন্ন্যাসীজনৰ শৰীৰত এক অদ্ভুত শিহৰণ হয়। পিছত তেওঁ নিজেই এইটো স্বীকাৰ কৰে।

একে অনুভৱ হয় এলিজাবেথৰো। মঠৰ পৰা উভতি অহাৰ এসপ্তাহৰ ভিতৰতে ৰবাৰ্টে এলিজাবেথলৈ বিবাহৰ প্ৰস্তাৱ দি এখন পত্ৰ প্ৰেৰণ কৰে। প্ৰথমে এলিজাবেথ ভয় খাইছিল। সন্ন্যাসী জীৱনৰ নিয়ম অনুসৰি এনেদৰে বিয়া কৰাৰ তেওঁৰ কোনো অধিকাৰ নাই। স্বাভাৱিকতে এলিজাবেথে এই পত্ৰখনৰ কোনো সঁহাৰি দিয়া নাছিল।

তাৰ পৰিৱৰ্তে এলিজাবেথে ৰবাৰ্টৰ ধৰ্ম্মীয় সভাবোৰ চাবলৈ যোৱা আৰম্ভ কৰিলে। এনেদৰে এলিজাবেথে তেওঁৰ ভাষণৰ দ্বাৰা কেইবাবাৰো প্ৰভাৱিত হৈছিল। তেওঁ উপলব্ধি কৰিছিল যে সেই প্ৰথম স্পৰ্শতে তেওঁলোক ইজনে সিজনৰ প্ৰেমত পৰিছিল। কিন্তু মঠৰ নিয়ম ভংগ কৰি বিয়া কৰাবলৈ তেওঁৰ সাহস নাছিল।

কিন্তু প্ৰেমে একো নামানে! এলিজাবেথে এদিন ৰাতিৰ আন্ধাৰত ৰবাৰ্টৰ পৰিকল্পনা অনুসৰি প্ৰয়োজনীয় বয়-বস্তুখিনি লগত লৈ মঠৰ পৰা ওলাই গ’ল।

ৰবাৰ্টে ইতিমধ্যে সিদ্ধান্ত লৈছিল যে ক'লৈ যাব লাগে। অৱশ্যে এই কামটো একেবাৰে সহজ নাছিল। সকলো বাধা অতিক্ৰম কৰাৰ পিছত তেওঁলোকে অৱশেষত ইজনে সিজনক লগ পাইছিল। দুয়োজনে এটা নতুন জীৱন আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। থাকিবলৈ লয় আন এখন দেশত।

তেতিয়াৰ পৰা বহু বছৰ পাৰ হৈ গ’ল। এতিয়ালৈকে তেওঁলোকে বিভিন্ন ভয়ৰ বাবে তেওঁলোকৰ প্ৰেমকাহিনীৰ বিষয়ে ৰাজহুৱাভাৱে কোৱা নাছিল। কিন্তু সামাজিক মাধ্যমত তেওঁলোকৰ কাহিনী প্ৰকাশ হোৱাৰ লগে লগে নেটিজেনসকলে ইয়াক ব্যাপকভাৱে সমৰ্থন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প