--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় ২৪ বছৰ আগতে তেওঁ ঈশ্বৰক বিচাৰি ঘৰ এৰিছিল। সন্ন্যাসীৰ জীৱন আঁকোৱালি লৈছিল। কিন্তু হঠাতে এটা ঘটনাত তেওঁৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ গ'ল। আন এগৰাকী সন্ন্যাসিনীৰ প্ৰেমত পৰিল তেওঁ। ঈশ্বৰৰ পৰিৱৰ্তে আৰম্ভ কৰে প্ৰেমৰ সম্পৰ্ক। অৱশেষত বিবাহপাশত আৱদ্ধ হয় দুয়ো।

ঘটনাটোৰ দুটা মুখ্য চৰিত্ৰ হৈছে মেৰী এলিজাবেথ আৰু ৰবাৰ্ট নামৰ সন্ন্যাসী দুগৰাকী। তেওঁলোক দুয়ো আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাসিন্দা। দেশখনৰ দুটা বিখ্যাত কনভেন্টত ঈশ্বৰৰ সাধনাত তেওঁলোক০ নিয়োজিত আছিল।

এলিজাবেথে প্ৰায় ২৪ বছৰ ধৰি এটা মঠত এক কঠোৰ সন্ন্যাসী জীৱন যাপন কৰি আহিছে। বাহিৰৰ পৃথিৱীৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাছিল। ঈশ্বৰকে চিন্তি গোটেই দিনটো তেওঁ নিজৰ সৰু কোঠাটোত সাধনা কৰি আহিছিল।

হঠাতে এদিন ৰবাৰ্ট নামৰ এজন সন্ন্যাসী মঠটোলৈ আহিল। তেওঁৰ আগমনৰ খবৰ পোৱাৰ পিছত এলিজাবেথৰ মঠাধ্যক্ষে আদেশ দিছিল যে অতিথিৰ অভ্যৰ্থনাত যাতে কোনো ত্ৰুটি থাকিব নালাগে। সকলো দায়িত্ব এলিজাবেথৰ কান্ধত পৰিল। 

কাহিনীটো ইয়াতে আৰম্ভ হয়। এলিজাবেথ আৰু ৰবাৰ্টে প্ৰথমে খোৱা-বোৱাৰ বাবে এটা কোঠাত কিছু সময় অতিবাহিত কৰিছিল। এলিজাবেথে  ৰবাৰ্টক তেওঁলোকৰ মঠৰ পৰিৱেশ দেখুৱাইছিল। ইয়াৰ মাজতে এলিজাবেথে হঠাতে ৰবাৰ্টৰ হাত স্পৰ্শ কৰে। লগে লগে সন্ন্যাসীজনৰ শৰীৰত এক অদ্ভুত শিহৰণ হয়। পিছত তেওঁ নিজেই এইটো স্বীকাৰ কৰে।

একে অনুভৱ হয় এলিজাবেথৰো। মঠৰ পৰা উভতি অহাৰ এসপ্তাহৰ ভিতৰতে ৰবাৰ্টে এলিজাবেথলৈ বিবাহৰ প্ৰস্তাৱ দি এখন পত্ৰ প্ৰেৰণ কৰে। প্ৰথমে এলিজাবেথ ভয় খাইছিল। সন্ন্যাসী জীৱনৰ নিয়ম অনুসৰি এনেদৰে বিয়া কৰাৰ তেওঁৰ কোনো অধিকাৰ নাই। স্বাভাৱিকতে এলিজাবেথে এই পত্ৰখনৰ কোনো সঁহাৰি দিয়া নাছিল।

তাৰ পৰিৱৰ্তে এলিজাবেথে ৰবাৰ্টৰ ধৰ্ম্মীয় সভাবোৰ চাবলৈ যোৱা আৰম্ভ কৰিলে। এনেদৰে এলিজাবেথে তেওঁৰ ভাষণৰ দ্বাৰা কেইবাবাৰো প্ৰভাৱিত হৈছিল। তেওঁ উপলব্ধি কৰিছিল যে সেই প্ৰথম স্পৰ্শতে তেওঁলোক ইজনে সিজনৰ প্ৰেমত পৰিছিল। কিন্তু মঠৰ নিয়ম ভংগ কৰি বিয়া কৰাবলৈ তেওঁৰ সাহস নাছিল।

কিন্তু প্ৰেমে একো নামানে! এলিজাবেথে এদিন ৰাতিৰ আন্ধাৰত ৰবাৰ্টৰ পৰিকল্পনা অনুসৰি প্ৰয়োজনীয় বয়-বস্তুখিনি লগত লৈ মঠৰ পৰা ওলাই গ’ল।

ৰবাৰ্টে ইতিমধ্যে সিদ্ধান্ত লৈছিল যে ক'লৈ যাব লাগে। অৱশ্যে এই কামটো একেবাৰে সহজ নাছিল। সকলো বাধা অতিক্ৰম কৰাৰ পিছত তেওঁলোকে অৱশেষত ইজনে সিজনক লগ পাইছিল। দুয়োজনে এটা নতুন জীৱন আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। থাকিবলৈ লয় আন এখন দেশত।

তেতিয়াৰ পৰা বহু বছৰ পাৰ হৈ গ’ল। এতিয়ালৈকে তেওঁলোকে বিভিন্ন ভয়ৰ বাবে তেওঁলোকৰ প্ৰেমকাহিনীৰ বিষয়ে ৰাজহুৱাভাৱে কোৱা নাছিল। কিন্তু সামাজিক মাধ্যমত তেওঁলোকৰ কাহিনী প্ৰকাশ হোৱাৰ লগে লগে নেটিজেনসকলে ইয়াক ব্যাপকভাৱে সমৰ্থন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ছিনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰ চেম্পিয়নশ্বিপত অসম কন্যা জাহ্নৱী কাশ্যপৰ ৰূপৰ পদক অৰ্জন
বিশ্বকাপত হেটত্রিকসহ মেছিৰ ৮টা অভিলেখ
শান্তি চুক্তিত স্বাক্ষৰ আমেৰিকা-ইৰানৰ; মুকলি হ’ব হৰমুজ প্ৰণালী, স্বস্তিৰ নিঃশ্বাস বিশ্বৰ
ৰে’লৰ পৰা সন্ধানহীন গোসাইগাঁৱৰ বাসিন্দা সুভাষ পাল; দুৰ্বৃত্তৰ কবলত পৰাৰ সন্দেহ
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য