--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘হয় তুমি মোৰ লগত শুৱা, নহ’লে মই আৰু ২০জনক মাতি আনিম।’ এজন নিচাসক্ত সৈন্যই এগৰাকী ১৬ বছৰীয়া কিশোৰীক কোৱা কথা আছিল এয়া। সেই ভয়াৱহ অভিজ্ঞতাৰ কথা সুঁৱৰি আজিও কঁপি উঠে কিশোৰীগৰাকী। সংবাদ মাধ্যমৰ আগত সেই দুঃস্বপ্নৰ কথা তেওঁ প্ৰকাশ কৰিছে।

বিগত দীঘলীয়া সময় ধৰি ৰাছিয়া-ইউক্ৰেইনৰ মাজত চলি আছে প্ৰাণান্তক যুদ্ধ। সকলো যুদ্ধৰ দৰেই এই যুদ্ধতো আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে মহিলা আৰু শিশুসকল। হাজাৰ হাজাৰ ইউক্ৰেইনী জনতাই প্ৰাণ হেৰুৱাইছে ৰুছ আক্ৰমণত। ৰুছ সেনাৰ বৰ্বৰতা আৰু নিষ্ঠুৰতাৰ বলি হ’বলগীয়া হৈছে ইউক্ৰেনৰ মহিলা আৰু শিশুসকল। এই নিষ্ঠুৰতাৰ এটা অতি ভয়ংকৰ আৰু মৰ্মভেদী কাহিনী শেহতীয়াকৈ পোহৰলৈ আহিছে। এগৰাকী ১৬ বছৰীয়া কিশোৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ৰুছ সৈন্যৰ বৰ্বৰ আচৰণৰ কথা।

ৰুছ সেনাৰ আগ্ৰাসনৰ সন্মুখীন হোৱা খেৰচনৰ এখন গাঁৱত এই বৰ্বৰ ঘটনা সংঘটিত হৈছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান চিএনএনত প্ৰকাশ পোৱা মতে, কিশোৰীগৰাকীক বলাৎকাৰ কৰা ৰুছ সৈনিকজনে এই কাৰ্যত বাধা দিলে কিশোৰীগৰাকীক হত্যাৰ ভাবুকি দিছিল আৰু আন ২০ জন সৈনিকক মাতি আনি নিৰ্যাতন চলাব বুলি ভাবুকি দিছিল। ভুক্তভুগী পৰিয়ালটোৱে ৰুছ বোমা আক্ৰমণৰ পৰা বাছিবলৈ তেওঁলোকৰ ঘৰৰ বেছমেণ্টত আশ্ৰয় লৈছিল। কিন্তু খাদ্যৰ সন্ধানত ওলাই অহাৰ সময়তে তেওঁলোক ৰুছ সৈন্যৰ মুখামুখি হ’বলগীয়া হয়।

ভুক্তভুগী কিশোৰীগৰাকীয়ে প্ৰকাশ কৰে যে, নিচাসক্ত ৰুছ সৈনিকজনে তেওঁলোকক দেখি প্ৰশ্ন কৰিছিল যে, তেওঁলোকৰ বয়স কিমান হৈছে? তেওঁলোকৰ তিনি ভগ্নীৰ ভিতৰত এগৰাকীৰ ১২ বছৰ, এগৰাকীৰ ১৪ বছৰ আৰু তেওঁৰ হৈছিল ১৬ বছৰ। তেওঁ প্ৰথমে মোৰ মাক মাতি নিয়ে কিন্তু তাৰ পাছতে মোক মাতি নিয়ে। মই তেওঁৰ সন্মুখত উপস্থিত হোৱাৰ লগে লগে তেওঁ চিঞৰ-বাখৰ কৰি মোক কাপোৰ খুলিবলৈ নিৰ্দেশ দিয়ে। মই সেয়া কৰিবলৈ অস্বীকাৰ কৰাৰ লগে লগে তেওঁ মোক ভাবুকি দিয়ে যে, তেওঁ আৰু ২০জনক মাতি আনিব যদিহে মই তেওঁৰ প্ৰস্তাৱত সন্মতি নজনাওঁ। তেওঁ আনকি মোক ডিঙি চেপি হত্যা কৰাৰো চেষ্টা কৰিছিল।

কিশোৰীগৰাকীয়ে সেই ভয়াৱহ অভিজ্ঞতাৰ কথা প্ৰকাশ কৰি কয় যে, তেওঁৰ চকু দুটা নীলা আছিল। কিন্তু আন্ধাৰ পৰিৱেশৰ বাবে মই তেওঁৰ চেহেৰা ভালকৈ দেখা পোৱা নাছিলোঁ। আন এগৰাকী সৈনিকে তেওঁক এনে দুষ্কাৰ্যৰ কৰাৰ পৰা বাৰণ কৰিছিল যদিও তেওঁ সেইকথা শুনা নাছিল। অন্য ৰুছ সৈন্যসকলে তেওঁক ব্লু বুলি মাতিছিল আৰু তেওঁ নানা অপৰাধত পূৰ্বে পৰা জড়িত আছিল বুলি পাছত তেওঁ গম পোৱা বুলিও প্ৰকাশ কৰে। সৈনিকজনে যুদ্ধজৰ্জৰ অঞ্চলবোৰত ইউক্ৰেইনী কিশোৰী-যুৱতীক বিচাৰি ফুৰাৰ তথ্য প্ৰকাশ পায়।

ভুক্তভুগী কোশোৰীগৰাকীয়ে এতিয়া আক্ষেপ কৰিছে যে, যদিহে মই খাদ্য বিচাৰি নগ’লোঁহেঁতেন তেন্তে এনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া নহ’লহেঁতেন। তেওঁৰ ক্ষেত্ৰত কেৱল এটাহে এনে ঘটনা যে, ঘটিছিল সেয়া নহয়। বৰং আন একাধিক সৈন্যই তেওঁক যৌন নিৰ্যাতন চলোৱাৰ চেষ্টা কৰিছিল বুলিও তেওঁ প্ৰকাশ কৰে। যুদ্ধৰ ফলাফল যিয়েই নহওক কিয় ইউক্ৰেইনৰ এইসকল দুৰ্ভগীয়া কিশোৰী-যুৱতীয়ে সন্মুখীন হোৱা ভয়াৱহ পৰিস্থিতি তথা নাৰকীয় নিৰ্যাতনৰ স্মৃতিৰ মাজৰ পৰা সহজে যে মুক্ত হ’ব নোৱাৰে সেয়া নিশ্চিত। যুদ্ধৰ নিৰ্মমতা, অমানৱীয়তাৰো ই এক নিদাৰুণ নিদৰ্শন হৈ পৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক