--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘হয় তুমি মোৰ লগত শুৱা, নহ’লে মই আৰু ২০জনক মাতি আনিম।’ এজন নিচাসক্ত সৈন্যই এগৰাকী ১৬ বছৰীয়া কিশোৰীক কোৱা কথা আছিল এয়া। সেই ভয়াৱহ অভিজ্ঞতাৰ কথা সুঁৱৰি আজিও কঁপি উঠে কিশোৰীগৰাকী। সংবাদ মাধ্যমৰ আগত সেই দুঃস্বপ্নৰ কথা তেওঁ প্ৰকাশ কৰিছে।

বিগত দীঘলীয়া সময় ধৰি ৰাছিয়া-ইউক্ৰেইনৰ মাজত চলি আছে প্ৰাণান্তক যুদ্ধ। সকলো যুদ্ধৰ দৰেই এই যুদ্ধতো আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে মহিলা আৰু শিশুসকল। হাজাৰ হাজাৰ ইউক্ৰেইনী জনতাই প্ৰাণ হেৰুৱাইছে ৰুছ আক্ৰমণত। ৰুছ সেনাৰ বৰ্বৰতা আৰু নিষ্ঠুৰতাৰ বলি হ’বলগীয়া হৈছে ইউক্ৰেনৰ মহিলা আৰু শিশুসকল। এই নিষ্ঠুৰতাৰ এটা অতি ভয়ংকৰ আৰু মৰ্মভেদী কাহিনী শেহতীয়াকৈ পোহৰলৈ আহিছে। এগৰাকী ১৬ বছৰীয়া কিশোৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ৰুছ সৈন্যৰ বৰ্বৰ আচৰণৰ কথা।

ৰুছ সেনাৰ আগ্ৰাসনৰ সন্মুখীন হোৱা খেৰচনৰ এখন গাঁৱত এই বৰ্বৰ ঘটনা সংঘটিত হৈছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান চিএনএনত প্ৰকাশ পোৱা মতে, কিশোৰীগৰাকীক বলাৎকাৰ কৰা ৰুছ সৈনিকজনে এই কাৰ্যত বাধা দিলে কিশোৰীগৰাকীক হত্যাৰ ভাবুকি দিছিল আৰু আন ২০ জন সৈনিকক মাতি আনি নিৰ্যাতন চলাব বুলি ভাবুকি দিছিল। ভুক্তভুগী পৰিয়ালটোৱে ৰুছ বোমা আক্ৰমণৰ পৰা বাছিবলৈ তেওঁলোকৰ ঘৰৰ বেছমেণ্টত আশ্ৰয় লৈছিল। কিন্তু খাদ্যৰ সন্ধানত ওলাই অহাৰ সময়তে তেওঁলোক ৰুছ সৈন্যৰ মুখামুখি হ’বলগীয়া হয়।

ভুক্তভুগী কিশোৰীগৰাকীয়ে প্ৰকাশ কৰে যে, নিচাসক্ত ৰুছ সৈনিকজনে তেওঁলোকক দেখি প্ৰশ্ন কৰিছিল যে, তেওঁলোকৰ বয়স কিমান হৈছে? তেওঁলোকৰ তিনি ভগ্নীৰ ভিতৰত এগৰাকীৰ ১২ বছৰ, এগৰাকীৰ ১৪ বছৰ আৰু তেওঁৰ হৈছিল ১৬ বছৰ। তেওঁ প্ৰথমে মোৰ মাক মাতি নিয়ে কিন্তু তাৰ পাছতে মোক মাতি নিয়ে। মই তেওঁৰ সন্মুখত উপস্থিত হোৱাৰ লগে লগে তেওঁ চিঞৰ-বাখৰ কৰি মোক কাপোৰ খুলিবলৈ নিৰ্দেশ দিয়ে। মই সেয়া কৰিবলৈ অস্বীকাৰ কৰাৰ লগে লগে তেওঁ মোক ভাবুকি দিয়ে যে, তেওঁ আৰু ২০জনক মাতি আনিব যদিহে মই তেওঁৰ প্ৰস্তাৱত সন্মতি নজনাওঁ। তেওঁ আনকি মোক ডিঙি চেপি হত্যা কৰাৰো চেষ্টা কৰিছিল।

কিশোৰীগৰাকীয়ে সেই ভয়াৱহ অভিজ্ঞতাৰ কথা প্ৰকাশ কৰি কয় যে, তেওঁৰ চকু দুটা নীলা আছিল। কিন্তু আন্ধাৰ পৰিৱেশৰ বাবে মই তেওঁৰ চেহেৰা ভালকৈ দেখা পোৱা নাছিলোঁ। আন এগৰাকী সৈনিকে তেওঁক এনে দুষ্কাৰ্যৰ কৰাৰ পৰা বাৰণ কৰিছিল যদিও তেওঁ সেইকথা শুনা নাছিল। অন্য ৰুছ সৈন্যসকলে তেওঁক ব্লু বুলি মাতিছিল আৰু তেওঁ নানা অপৰাধত পূৰ্বে পৰা জড়িত আছিল বুলি পাছত তেওঁ গম পোৱা বুলিও প্ৰকাশ কৰে। সৈনিকজনে যুদ্ধজৰ্জৰ অঞ্চলবোৰত ইউক্ৰেইনী কিশোৰী-যুৱতীক বিচাৰি ফুৰাৰ তথ্য প্ৰকাশ পায়।

ভুক্তভুগী কোশোৰীগৰাকীয়ে এতিয়া আক্ষেপ কৰিছে যে, যদিহে মই খাদ্য বিচাৰি নগ’লোঁহেঁতেন তেন্তে এনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া নহ’লহেঁতেন। তেওঁৰ ক্ষেত্ৰত কেৱল এটাহে এনে ঘটনা যে, ঘটিছিল সেয়া নহয়। বৰং আন একাধিক সৈন্যই তেওঁক যৌন নিৰ্যাতন চলোৱাৰ চেষ্টা কৰিছিল বুলিও তেওঁ প্ৰকাশ কৰে। যুদ্ধৰ ফলাফল যিয়েই নহওক কিয় ইউক্ৰেইনৰ এইসকল দুৰ্ভগীয়া কিশোৰী-যুৱতীয়ে সন্মুখীন হোৱা ভয়াৱহ পৰিস্থিতি তথা নাৰকীয় নিৰ্যাতনৰ স্মৃতিৰ মাজৰ পৰা সহজে যে মুক্ত হ’ব নোৱাৰে সেয়া নিশ্চিত। যুদ্ধৰ নিৰ্মমতা, অমানৱীয়তাৰো ই এক নিদাৰুণ নিদৰ্শন হৈ পৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন