--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এতিয়াও হিজাব বিৰোধী আন্দোলনত উত্তাল হৈ আছে ইৰান। মাচা আমিনিৰ মৃত্যুৰ পাছত এই আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছে। শেহতীয়াকৈ সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত দেখা গৈছে এজন ইছলামিক ধৰ্মগুৰুৱে ৰাস্তাৰে খোজকাঢ়ি আহি থাকোতেই প্ৰতিবাদকাৰী এজনে অকস্মাৎ মূৰৰ পাগুৰি খুলি পেলাইছে। ইয়াৰ দ্বাৰা প্ৰতিবাদকাৰীজনে ইৰানৰ প্ৰশাসনৰ ওপৰত প্ৰতিকী প্ৰতিবাদ সাব্যষ্ট কৰিছে।

ধৰ্মগুৰুজনৰ পাগুৰি খোলাৰ পাছত স্বাভাৱিকভাৱেই প্ৰতিবাদকাৰীজন গুছি যায়। হতভম্ব হৈ পৰে ধৰ্মগুৰুজন।

উল্লেখ্য যে ১৬ ছেপ্টেম্বৰত হিজাব নিপিন্ধাৰ বাবেই মাছা আমিনিক আৰক্ষীয়ে মাৰ ধৰ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। ৰাজপথলৈ উলাই আহে ইৰানৰ সচেতন নাৰীসকল।

তাৰপাছৰে পৰা দেশখনত হিজাব বিৰোধী আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰি আছে। প্ৰশ্ন উঠিছে যে জনতাৰ এই জাগৰণৰ সমুখত ইৰানৰ মোল্লাতন্ত্ৰ বাচি থাকিবনে!

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
শিল্পীকা বৰদলৈৰ ৰাষ্ট্ৰীয় স্বীকৃতিক লৈ উৎফুল্ল যোৰহাটবাসী
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন
শীঘ্ৰেই ভাৰতৰ মানচিত্ৰৰ পৰা অদৃশ্য হ'ব হিমাচল প্রদেশ
প্ৰসংগ: ডিব্ৰুগড়ৰ উত্তম গগৈৰ হত্যাকাণ্ড ; ছুপাৰি কিলাৰক ১০ লাখ টকা দি হত্যা ব্যৱসায়ীজনক...