--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ  আটাইতকৈ ধনী লোক জনে টুইটাৰ ক্ৰয় কৰিছে। টুইটাৰ ক্ৰয় কৰাৰ পিছতে ইলন মাস্কে বহু কেইটা নতুন নিয়ম প্ৰযোজ্য কৰিছে।ইলনে টুইটাৰৰ বিষয়ে কেইবাটাও ডাঙৰ সিদ্ধান্ত লৈছে। 'ব্লু টিক'ৰ সেৱাৰ মূল্য ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে। সূত্ৰ অনুসৰি এইবাৰ আপুনি টুইটাৰ ব্যৱহাৰ কৰিলে ধন আদায় দিব লাগিব।

কেৱল 'ব্লু  টিক' পাবলৈয়ে নহয়, আপুনি যদি সাধাৰণ ভাবেও  টুইটাৰ ব্যৱহাৰ কৰে তেন্তে তাৰ বাবে মচুল ভৰিবলগীয়া হ’ব পাৰে! আপাততঃ তেনে খবৰেই পোৱা গৈছে।আমেৰিকান বিলিয়নেয়াৰ ইলন মাস্কে  টুইটাৰ অধিগ্ৰহণকৰাৰ পিছৰে পৰা, মাইক্ৰ'ব্লগিং ছাইটটোৰ  ভিতৰত এনে ধৰণৰ চিন্তা ধাৰা চলি আহিছে। সূত্ৰ অনুসৰি টুইটাৰে সেৱাৰ বাবে ধন আদায় কৰাৰ কথা চিন্তা কৰি আছে।

ৱেবছাইট প্লেটফৰ্মাৰৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে ইলনে সকলো টুইটাৰ ব্যৱহাৰকাৰীৰ বাবে 'চাবস্ক্ৰিপশ্বন মাচুল' লোৱাৰ পৰিকল্পনা কৰিছে। ইলনে শেহতীয়া বৈঠকত কৰ্মচাৰীসকলৰ সৈতে বিষয়টো বিতংভাৱে আলোচনা কৰিছিল বুলি  প্ৰতিবেদনত কোৱা হৈছে । প্ৰতিবেদন অনুসৰি প্ৰতিজন টুইটাৰ ব্যৱহাৰকাৰীক প্ৰতি মাহে সীমিত সময়ৰ বাবে টুইটাৰ ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া হ'ব পাৰে। যাৰ পিছত ব্যৱহাৰকাৰীসকলে মাইক্ৰ'ব্লগিং ছাইটটো ব্যৱহাৰ কৰা অব্যাহত ৰাখিবলৈ সেৱাৰ মূল্য পৰিশোধ কৰিব লাগিব পাৰে।অৱশ্যে, প্ৰতিবেদনখনে এই সিদ্ধান্ত কেতিয়া কাৰ্যকৰী কৰা হ'ব সেই বিষয়ে একো কোৱা নাই।

যোৱা কেইদিনমানত ইলনে টুইটাৰৰ বিষয়ে কেইবাটাও ডাঙৰ সিদ্ধান্ত লৈছে।সেইবোৰৰ  ভিতৰত আছিল বৃহৎ সংখ্যক কৰ্মচাৰী কৰ্তন কৰাৰ সিদ্ধান্ত আৰু 'ব্লু টিক'ৰ বাবে সেৱা মাচুল লোৱাৰ সিদ্ধান্ত। ইলনে ঘোষণা কৰিছিল, "যদি ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ একাউণ্টত 'ব্লু টিক' বিচাৰে, তেওঁলোকে প্ৰতি মাহে ৬৫০  টকা পৰিশোধ কৰিব লাগিব। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক