--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ  আটাইতকৈ ধনী লোক জনে টুইটাৰ ক্ৰয় কৰিছে। টুইটাৰ ক্ৰয় কৰাৰ পিছতে ইলন মাস্কে বহু কেইটা নতুন নিয়ম প্ৰযোজ্য কৰিছে।ইলনে টুইটাৰৰ বিষয়ে কেইবাটাও ডাঙৰ সিদ্ধান্ত লৈছে। 'ব্লু টিক'ৰ সেৱাৰ মূল্য ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে। সূত্ৰ অনুসৰি এইবাৰ আপুনি টুইটাৰ ব্যৱহাৰ কৰিলে ধন আদায় দিব লাগিব।

কেৱল 'ব্লু  টিক' পাবলৈয়ে নহয়, আপুনি যদি সাধাৰণ ভাবেও  টুইটাৰ ব্যৱহাৰ কৰে তেন্তে তাৰ বাবে মচুল ভৰিবলগীয়া হ’ব পাৰে! আপাততঃ তেনে খবৰেই পোৱা গৈছে।আমেৰিকান বিলিয়নেয়াৰ ইলন মাস্কে  টুইটাৰ অধিগ্ৰহণকৰাৰ পিছৰে পৰা, মাইক্ৰ'ব্লগিং ছাইটটোৰ  ভিতৰত এনে ধৰণৰ চিন্তা ধাৰা চলি আহিছে। সূত্ৰ অনুসৰি টুইটাৰে সেৱাৰ বাবে ধন আদায় কৰাৰ কথা চিন্তা কৰি আছে।

ৱেবছাইট প্লেটফৰ্মাৰৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে ইলনে সকলো টুইটাৰ ব্যৱহাৰকাৰীৰ বাবে 'চাবস্ক্ৰিপশ্বন মাচুল' লোৱাৰ পৰিকল্পনা কৰিছে। ইলনে শেহতীয়া বৈঠকত কৰ্মচাৰীসকলৰ সৈতে বিষয়টো বিতংভাৱে আলোচনা কৰিছিল বুলি  প্ৰতিবেদনত কোৱা হৈছে । প্ৰতিবেদন অনুসৰি প্ৰতিজন টুইটাৰ ব্যৱহাৰকাৰীক প্ৰতি মাহে সীমিত সময়ৰ বাবে টুইটাৰ ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া হ'ব পাৰে। যাৰ পিছত ব্যৱহাৰকাৰীসকলে মাইক্ৰ'ব্লগিং ছাইটটো ব্যৱহাৰ কৰা অব্যাহত ৰাখিবলৈ সেৱাৰ মূল্য পৰিশোধ কৰিব লাগিব পাৰে।অৱশ্যে, প্ৰতিবেদনখনে এই সিদ্ধান্ত কেতিয়া কাৰ্যকৰী কৰা হ'ব সেই বিষয়ে একো কোৱা নাই।

যোৱা কেইদিনমানত ইলনে টুইটাৰৰ বিষয়ে কেইবাটাও ডাঙৰ সিদ্ধান্ত লৈছে।সেইবোৰৰ  ভিতৰত আছিল বৃহৎ সংখ্যক কৰ্মচাৰী কৰ্তন কৰাৰ সিদ্ধান্ত আৰু 'ব্লু টিক'ৰ বাবে সেৱা মাচুল লোৱাৰ সিদ্ধান্ত। ইলনে ঘোষণা কৰিছিল, "যদি ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ একাউণ্টত 'ব্লু টিক' বিচাৰে, তেওঁলোকে প্ৰতি মাহে ৬৫০  টকা পৰিশোধ কৰিব লাগিব। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজবাটত একাংশ মুছলিমৰ কাণ্ডই লাজত পেলাইছে মুছলমান সমাজক! এনে ঘটনাৰ পৰা পৰিত্ৰাণ পাবলৈ অনুষ্ঠিত সজাগতা সভা
ফলমূল,শাক-পাছলি, মাছৰ পৰা মৌলৈকে কি নাই! বোকাখাতত কৃষি বিপ্লৱৰ চমক প্ৰাক্তন নৌ সেনাৰ ডুবাৰু চম্পক ডেকাৰ
শিল্পীকা বৰদলৈৰ ৰাষ্ট্ৰীয় স্বীকৃতিক লৈ উৎফুল্ল যোৰহাটবাসী
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন