--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ অগ্নিকাণ্ডই ইৰাণত ত্ৰাসৰ সৃষ্টি কৰিছে। দেশ খনৰ  এটা পুনৰ্সংস্থাপন কেন্দ্ৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ আহিছে। অগ্নিকাণ্ডত এতিয়ালৈকে কমেও ৩২  জন লোকৰ মৃত্যু ঘটিছে। কেইবাজনো লোক গুৰুতৰভাবে অগ্নিদগ্ধ হৈছে। 

অৱশ্যে জুইলগাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে  তদন্ত আৰম্ভ কৰিছে।স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি শুকুৰবাৰে উত্তৰ ইৰাণৰ গিলান প্ৰদেশৰ লাংগাৰাদ চহৰৰ  পুনৰ্সংস্থাপন কেন্দ্ৰটোত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো ঘটে। 

গিলান প্ৰদেশৰ উপ ৰাজ্যপাল মহম্মদ জালাই কয় "ঘটনাটোত ষোল্লজন লোক আহত হৈছে, যাৰ ভিতৰত চাৰিজনৰ অৱস্থা সংকটজনক," ।  গিলান প্ৰদেশৰ মুখ্য ন্যায়াধীশ ইছমাইল চাদেঘিয়ে কয়  যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে। পুনৰ্সংস্থাপন কেন্দ্ৰৰ পৰিচালককে  ধৰি কেইবাজনো সন্দেহজনক লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।

স্থানীয় সংবাদ মাধ্যমৰ দ্বাৰা প্ৰকাশিত ভিডিঅ'সমূহত দেখা গৈছে যে কেন্দ্ৰটোত জুই লগাৰ ফলত  ক'লা ধোঁৱাই সমগ্ৰ এলেকাটো  আৱৰি ধৰে। ঘৰটোৰ চাল, দেৱাল আৰু খিৰিকী ক্ষতিগ্ৰস্ত হৈছে। উল্লেখ্য এই বছৰৰ আগষ্ট মাহত ইৰাণৰ ৰাজধানী তেহৰাণৰ এখন বজাৰত জুই লাগিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ