--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত আৰৱ গণৰাজ্যৰ আবু ধাবিত স্বামী নাৰায়ণ মন্দিৰ স্থাপনক ভাৰত আৰু সংযুক্ত আৰৱ গণৰাজ্যৰ  মাজত এক নতুন সম্পৰ্কৰ আৰম্ভণি হিচাপে অভিহিত কৰিছে।  বিএপিএছ স্বামীনাৰায়ণ মন্দিৰ হৈছে সংযুক্ত আৰৱ গণৰাজ্যৰ  প্ৰথম হিন্দু মন্দিৰ । এই মন্দিৰৰ নে পাঁচটা বৈশিষ্ট্য আছে যিয়ে এই মন্দিৰটোক বিশেষ কৰি তুলিছে। সেই বোৰৰ বিষয়ে জানো আহক ।

এই মন্দিৰৰ বাবে সংযুক্ত আৰৱ গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদ আল নাহিয়ানে ভূমি দান কৰিছে। 
বিএপিএছ স্বামীনাৰায়ণ মন্দিৰটো সংযুক্ত আৰৱ গণৰাজ্যৰ  আবু মুৰেখ জিলাৰ ২৭ একৰ ভূমিত নিৰ্মাণ কৰা হৈছে। 

মন্দিৰটো কিমান ডাঙৰ?

মন্দিৰৰ উচ্চতা প্ৰায় ৩৩ মিটাৰ, দৈৰ্ঘ্য ৮০  মিটাৰ আৰু প্ৰস্থ ৫৫ মিটাৰ। মন্দিৰত ৭ টা চূড়া আছে আৰু বাহিৰৰ অংশত ৯৬ টা ঘণ্টা স্থাপন কৰা হৈছে। মন্দিৰৰ দেৱালবোৰত ৰামায়ণ আৰু শিৱ পুৰাণৰ পৌৰাণিক কাহিনীৰ সৈতে ভগৱান জগন্নাথৰ যাত্ৰাৰ এক আভাস দাঙি ধৰা হৈছে।  ইয়াৰ লগতে মন্দিৰৰ ওচৰত এটা গংগা ঘাটো নিৰ্মাণ কৰা হৈছে।  

মন্দিৰ নিৰ্মাণৰ ব্যয় 

মন্দিৰটো নিৰ্মাণৰ বাবে ৭০০  কোটি টকা ব্যয় কৰা হৈছে। 

মন্দিৰত উপাসনাৰ বাবে ভাৰতৰ পৰা  গংগা-যমুনাৰ পানী বিশেষভাৱে প্ৰেৰণ কৰা হৈছে।  আজি কাশীৰ ঘাটৰ আৰ্হিত মন্দিৰত  গংগা ঘাট  নিৰ্মাণ কৰা হৈছে। মন্দিৰত গংগা আৰু যমুনাৰ ৰূপত দুটা বিশেষ সোঁত দেখা যাব। লগতে মন্দিৰত সৰস্বতী নদীৰ ৰূপত এটা পাতল ৰশ্মি স্থাপন কৰা হৈছে, যি হৈছে ত্ৰিবেণী সংগমৰ প্ৰতীক। . 

ভাৰতৰ পৰা প্ৰেৰণ কৰা হৈছে বিশেষ শিল ।মন্দিৰ নিৰ্মাণৰ বাবে ৰাজস্থান আৰু গুজৰাটৰ দক্ষ শিল্পীসকলে খোদিত কৰা ২৫,০০০ শিল প্ৰেৰণ কৰা হৈছে। এই গুলপীয়া বালিৰ শিলবোৰ উত্তৰ ৰাজস্থানৰ পৰা আবু ধাবিলৈ প্ৰেৰণ কৰা হৈছে। মন্দিৰত প্ৰাৰ্থনা গৃহ, পুথিভঁৰাল, বাগিচা, পানীৰ ফোৱাৰা আদি আছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
অবৈধ খননৰ বাবে অসমৰ বান 'মানৱসৃষ্ট': কংগ্ৰেছৰ অভিযোগ, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ তদন্তৰ দাবী