--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা৷ কেৰেলাৰ চাৰিজনীয়া পৰিয়াল এটাক ১৩ ফেব্ৰুৱাৰী মঙলবাৰে কেলিফৰ্ণিয়াৰ ছান মাটিঅ’ চহৰত নিজৰ ঘৰৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।তদন্ত চলি থকাৰ সময়তে কৰ্তৃপক্ষই এই ঘটনা আত্মহত্যা বুলি উল্লেখ কৰিছে।

এনবিচি বে এৰিয়াৰ এক প্ৰতিবেদন অনুসৰি মৃত লোক দুজন হৈছে আনন্দ সুজিত হেনৰী (৪২), তেওঁৰ পত্নী এলিছ প্ৰিয়ংকা বেনজিগাৰ (৪০) আৰু তেওঁলোকৰ ৪ বছৰীয়া দুজন যমজ ল’ৰা।

ঘৰটোত আৰক্ষী বিষয়াসকল উপস্থিত হোৱাৰ লগে লগে বিষয়াসকলে বলপূৰ্বক প্ৰৱেশৰ কোনো চিহ্ন নাপালে যদিও খোলা খিৰিকী এখনৰ সন্ধান পায়, য’ৰ পৰা তেওঁলোকে ঘৰটোত প্ৰৱেশ কৰে। ভিতৰত তেওঁলোকে এটা বাথৰুমত প্ৰাপ্তবয়স্ক দুজনৰ মৃতদেহ আৱিষ্কাৰ কৰে, দুয়োজনৰে শৰীৰত গুলীৰ আঘাত স্পষ্ট। ঘটনাস্থলীত উদ্ধাৰ হৈছে এটা ৯ এম এম পিষ্টল আৰু এটা লোডেড মেগজিন।যমজ ল’ৰাকেইটাক এটা শোৱা কোঠাত উদ্ধাৰ কৰা হৈছে আৰু তেওঁলোকৰ মৃত্যুৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই৷আদালতৰ ৰেকৰ্ড অনুসৰি ২০১৬ চনৰ ডিচেম্বৰ মাহত মৃত আনন্দে বিবাহ বিচ্ছেদৰ বাবে দাখিল কৰিছিল যদিও কাৰ্যবিধি চূড়ান্ত হোৱা নাছিল। ইয়াৰ পূৰ্বেও আৰক্ষীয়ে ঘৰৰ পৰা অহা ফোনত সঁহাৰি জনাইছে যদিও সেই কাণ্ডসমূহৰ সবিশেষ প্ৰকাশ কৰা হোৱা নাই।

উল্লেখ্য যে মৃত অৱস্থাত উদ্ধাৰ হোৱা আনন্দ আৰু এলিছ, দুয়োজনেই আই টি পেছাদাৰী, দুয়োৱে বিগত ৯ বছৰ ধৰি আমেৰিকাত বাস কৰিছিল। আনন্দে ছফ্‌টৱেৰ ইঞ্জিনিয়াৰ হিচাপে কাম কৰিছিল, আনহাতে এলিছে জ্যেষ্ঠ বিশ্লেষকৰ পদত  কাৰ্যনিৰ্বাহ কৰি আছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
অসম কন্যা নিয়ৰ পাৰিজাতলৈ শ্রেষ্ঠ মহিলা যুঁজাৰুৰ সন্মান
সীমান্তস্তম্ভ ধ্বংসৰে ভূমি দখলৰ অপচেষ্টা খাছি দুর্বৃত্তৰ
ফিডে মহিলা দবা বিশ্বকাপৰ খিতাপ দখল দিব্যা দেশমুখৰ
নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড বাতিলৰ দাবী গ্ৰেণ্ড মুফতি কাৰ্যালয়ৰ
অপাৰেচন মহাদেৱৰ সাফল্য ; ভাৰতীয় সেনাৰ আক্ৰমণত নিহত পেহেলগাম কাণ্ডত জড়িত ৩ সন্ত্রাসবাদী
কৃত্ৰিম বুদ্ধিমত্তাৰ উত্থানত সংকটত চাকৰি; জটিল সমাজ ব্যৱস্থাত নতুন চিন্তা
ৰে’লৰ পৰা কম্বল, আঠুৱা, টাৱেল চুৰি কৰিলে ৫ বছৰ পৰ্যন্ত জে'ল! নিয়ম জানি লওক
মাটি খান্দোতে মুছলমানৰ ঘৰত ওলাল শিৱলিংগ! মন্দিৰৰ বাবে মাটি দান কৰিলে মুছলমান পৰিয়ালটোৱে