--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা৷ কেৰেলাৰ চাৰিজনীয়া পৰিয়াল এটাক ১৩ ফেব্ৰুৱাৰী মঙলবাৰে কেলিফৰ্ণিয়াৰ ছান মাটিঅ’ চহৰত নিজৰ ঘৰৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।তদন্ত চলি থকাৰ সময়তে কৰ্তৃপক্ষই এই ঘটনা আত্মহত্যা বুলি উল্লেখ কৰিছে।

এনবিচি বে এৰিয়াৰ এক প্ৰতিবেদন অনুসৰি মৃত লোক দুজন হৈছে আনন্দ সুজিত হেনৰী (৪২), তেওঁৰ পত্নী এলিছ প্ৰিয়ংকা বেনজিগাৰ (৪০) আৰু তেওঁলোকৰ ৪ বছৰীয়া দুজন যমজ ল’ৰা।

ঘৰটোত আৰক্ষী বিষয়াসকল উপস্থিত হোৱাৰ লগে লগে বিষয়াসকলে বলপূৰ্বক প্ৰৱেশৰ কোনো চিহ্ন নাপালে যদিও খোলা খিৰিকী এখনৰ সন্ধান পায়, য’ৰ পৰা তেওঁলোকে ঘৰটোত প্ৰৱেশ কৰে। ভিতৰত তেওঁলোকে এটা বাথৰুমত প্ৰাপ্তবয়স্ক দুজনৰ মৃতদেহ আৱিষ্কাৰ কৰে, দুয়োজনৰে শৰীৰত গুলীৰ আঘাত স্পষ্ট। ঘটনাস্থলীত উদ্ধাৰ হৈছে এটা ৯ এম এম পিষ্টল আৰু এটা লোডেড মেগজিন।যমজ ল’ৰাকেইটাক এটা শোৱা কোঠাত উদ্ধাৰ কৰা হৈছে আৰু তেওঁলোকৰ মৃত্যুৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই৷আদালতৰ ৰেকৰ্ড অনুসৰি ২০১৬ চনৰ ডিচেম্বৰ মাহত মৃত আনন্দে বিবাহ বিচ্ছেদৰ বাবে দাখিল কৰিছিল যদিও কাৰ্যবিধি চূড়ান্ত হোৱা নাছিল। ইয়াৰ পূৰ্বেও আৰক্ষীয়ে ঘৰৰ পৰা অহা ফোনত সঁহাৰি জনাইছে যদিও সেই কাণ্ডসমূহৰ সবিশেষ প্ৰকাশ কৰা হোৱা নাই।

উল্লেখ্য যে মৃত অৱস্থাত উদ্ধাৰ হোৱা আনন্দ আৰু এলিছ, দুয়োজনেই আই টি পেছাদাৰী, দুয়োৱে বিগত ৯ বছৰ ধৰি আমেৰিকাত বাস কৰিছিল। আনন্দে ছফ্‌টৱেৰ ইঞ্জিনিয়াৰ হিচাপে কাম কৰিছিল, আনহাতে এলিছে জ্যেষ্ঠ বিশ্লেষকৰ পদত  কাৰ্যনিৰ্বাহ কৰি আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ