--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একে গৰ্ভতে দুটা সন্তান আছে, কিন্তু যমজ সন্তান নহয়। বিশ্বাস কৰিব নোৱাৰা কিন্তু সঁচা ঘটনা! প্ৰথম সন্তান জন্ম দিয়াৰ ছমাহৰ ভিতৰতে এগৰাকী যুৱতীয়ে দ্বিতীয় সন্তান জন্ম দিয়ে। সেই ঘটনা সম্প্রতি ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে৷

এক প্ৰতিবেদন অনুসৰি পেছাত হেয়াৰ ষ্টাইলিষ্ট জেচিকা কেলিফৰ্ণিয়াৰ বাসিন্দা। জেচিকাই কয় যে প্ৰথমবাৰৰ বাবে গৰ্ভৱতী অৱস্থাত সংগমৰ ফলত তেওঁৰ দ্বিতীয় সন্তান জন্ম হয়। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক ‘ছুপাৰফিটেচন’ বুলি কোৱা হয়। চিকিৎসকৰ মতে এই অৱস্থা বিৰল যদিও অবৈজ্ঞানিক নহয়। গৰ্ভৱতী অৱস্থাত পুনৰ গৰ্ভধাৰণ সম্ভৱ। ‘ছুপাৰফিট’ ভ্ৰুণ আচলতে যমজ সন্তান। একেটা জৰায়ুৰ ভিতৰত থকা দুটা ভ্ৰুণৰ বৃদ্ধি বা প্ৰসৱৰ সময় বেলেগ বেলেগ। জেচিকাৰ জন্মৰ মাজত ছমাহৰ ব্যৱধান আছিল। কিন্তু কেইবা সপ্তাহৰ ব্যৱধানত প্ৰসৱ হোৱাৰ দৃষ্টান্তও দেখা যায়।

জেচিকাই ক’লে, এই কথা বহু মাতৃৰ বাবে স্পষ্ট নহয়। বহু সময়ত মাতৃয়ে গৰ্ভত যমজ সন্তান আছে বুলি গম নাপায়। কিছুমান পৰীক্ষা অবিহনে বুজিব পৰা নাযায়। এতিয়ালৈকে আমেৰিকাত ‘ছুপাৰফিটেচন’ৰ দহটা ঘটনা সংঘটিত হৈছে। জেচিকা একাদশ।
FOLLOW US F
POPULAR
FEATURE
TRENDY
শিল্পীকা বৰদলৈৰ ৰাষ্ট্ৰীয় স্বীকৃতিক লৈ উৎফুল্ল যোৰহাটবাসী
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন
শীঘ্ৰেই ভাৰতৰ মানচিত্ৰৰ পৰা অদৃশ্য হ'ব হিমাচল প্রদেশ
প্ৰসংগ: ডিব্ৰুগড়ৰ উত্তম গগৈৰ হত্যাকাণ্ড ; ছুপাৰি কিলাৰক ১০ লাখ টকা দি হত্যা ব্যৱসায়ীজনক...