--°C
Loading...
Listen to Article
2 min read
80%

নিউয়ৰ্কঃ নতুন তালিবানৰ অধীনত সংগীতৰ কোনো স্থান নাই বুলি তালিবানৰ মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে শেহতীয়াকৈ সদৰী কৰিছে। নিউয়ৰ্ক টাইমছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে, ‘ইছলামত সংগীত নিষিদ্ধ। আমি আশা কৰিছোঁ যে মানুহক হেঁচা দিয়াৰ পৰিৱৰ্তে, আমি তেওঁলোকক এনে কাৰ্য নকৰিবলৈ প্ৰবোধ দিবলৈ সক্ষম হ’ম।‘


উল্লেখ্য যে, ১৯৯০ৰ দশকত তালিবানৰ অধীনত সংগীত, দূৰদৰ্শন আৰু চলচ্চিত্ৰ নিষিদ্ধ কৰা হৈছিল। নিয়ম ভংগকাৰীসকলক নিৰ্ণায়ক শাস্তি পৰ্যন্ত বিহা হৈছিল। কিন্তু তালিবানে ক্ষমতা হেৰুওৱাৰ পাছত আফগানিস্তানত সংগীত আৰু সংগীতানুষ্ঠানৰ পৰিৱেশে বিগত সময়ছোৱাত এক নতুন ৰূপ পৰিগ্ৰহ কৰিছিল। আফগানিস্তানত ৰাষ্ট্ৰীয় সংগীত প্ৰতিষ্ঠানও মুকলি কৰা হৈছিল। ইয়াৰোপৰি, মহিলা গোটবোৰে দেশ-বিদেশৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল।


মহিলাসকলক কেন্দ্ৰ কৰি সৃষ্টি হোৱা নানা অভিসন্ধিৰ আৱৰণ আঁতৰাই মুজাহিদে আফগানিস্তানত মহিলাৰ সুৰক্ষা সম্পৰ্কীয় উদ্বেগ ভিত্তিহীন বুলি বৰ্ণনা কৰিছে। তেওঁৰ মতে, মহিলাসকলে সদায় ঘৰত থাকিব। প্ৰতিগৰাকী মহিলাই তেওঁলোকৰ মুখ ঢাকিবলৈ হিজাপ ব্যৱহাৰ কৰিব। মহিলাসকলে ৩ দিন বা অধিক সময়ৰ বাবে ভ্ৰমণলৈ গ’লে তেওঁলোকৰ সৈতে এগৰাকী পুৰুষ অভিভাৱক হিচাপে থাকিব। ইয়াৰ পূৰ্বেও আফগানিস্তানৰ উত্তপ্ত পৰিস্থিতিৰ সাম নকটালৈকে জাবিউল্লাহ মুজাহিদে মহিলাসকলক নিৰাপত্তাজনিত কাৰণত ঘৰতে থাকিবলৈ পৰামৰ্শ দিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ