--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ আফগানিস্তানৰ ৰাজধানী কাবুলৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কাৰিকৰী সহায়ৰ আহ্বান তালিবানৰ। সহায় বিচাৰি তুৰ্কীৰ সৈতে আলোচনাত বহিছে তালিবানে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত বিদেশী বাহিনীয়ে দেশত্যাগ কৰাৰ পাছত সংগঠনটোৱে বিমানবন্দৰটো পৰিচালনা কৰিবলৈ শেহতীয়াকৈ তুৰ্কীৰ পৰা কাৰিকৰী সহায় বিচাৰিছে। একে সময়তে, তুৰ্কী সৈন্যইও নিৰ্ধাৰিত সময়সীমাৰ অনুসৰি অৰ্থাৎ ৩১ আগষ্টৰ ভিতৰত আফগানিস্তান ত্যাগ কৰাত জোৰ দিছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা ‘ৰয়টাৰ্ছ’ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।


ইফালে, তুৰ্কীৰ ৰাষ্ট্ৰপতিৰ মুখপাত্ৰ ইব্ৰাহিম কালিনে সদৰী কৰে যে, ‘আমাৰ সৈন্য প্ৰত্যাহাৰৰ পাছতো আমি তাত থকা বিমানবন্দৰত নিৰাপত্তাৰ কাম অব্যাহত ৰাখিবলৈ সক্ষম হ'ম। যদি চৰ্তাৱলী আৰু নিয়মাৱলীত তালিবানে পূৰ্ণ সমৰ্থন আগবঢ়ায়। এই সন্দৰ্ভত এক চুক্তি হ’লে আমাৰ প্ৰয়োজনীয় সেৱা অব্যাহত ৰাখিম।’
অৱশ্যে, তালিবানৰ চৰ্ত অনুসৰি আফগানিস্তানত সৈন্য অবিহনে কাবুল বিমানবন্দৰ চলাবলৈ তুৰ্কীয়ে প্ৰয়োজনীয় কাৰিকৰী সমৰ্থন প্ৰদান কৰিবলৈ সন্মত হ’বনে নাই, সেয়া এতিয়ালৈ নিশ্চিত হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ