--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড তাৰকা ছেইফ আলী খানক দুৰ্বৃত্তৰ ভয়ংকৰ আক্ৰমণ।  বুধবাৰে গভীৰ নিশা নিজ ঘৰতে অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হয় জনপ্ৰিয় অভিনেতাগৰাকী। 

গুৰুতৰভাৱে আহত ছেইফ আলী খানক ততাতৈয়াকৈ মুম্বাইৰ লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰায় পৰিয়ালৰ লোকে। তেওঁৰ অৱস্থা বৰ্তমান সংকটমুক্ত বুলি জানিব পৰা গৈছে। 

আৰক্ষীয়ে জনোৱা মতে, মাজনিশা অভিনেতাজনৰ বান্দ্ৰাস্থিত ঘৰত সংঘটিত হয় এই ঘটনা। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত বান্দ্ৰা আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

প্ৰাথমিক তথ্য অনুসৰি ছেইফৰ ঘৰত প্ৰৱেশ কৰে এজন অচিনাকি লোক। দুয়োৰে মাজত কাজিয়া লাগে। ঘটনাৰ সময়ত অভিনেতা গৰাকীৰ পৰিয়ালৰ আন একাংশ সদস্যও ঘৰটোত উপস্থিত আছিল। ছেইফৰ ঘৰৰ বনকৰা মহিলাগৰাকীৰ লগত অচিনাকি লোকজনৰ কাজিয়া লাগে। যেতিয়া অভিনেতাজনে হস্তক্ষেপ কৰি মানুহজনক শান্ত কৰিবলৈ চেষ্টা কৰে তেতিয়াই তেওঁ ছেইফ আলী খানক আক্ৰমণ কৰে।

আৰক্ষীৰ তথ্য অনুসৰি বলীউডৰ অভিনেতা ছাইফ আলী খানক ঘৰত প্ৰৱেশ কৰা লোকজনে চোকা ছুৰীৰে আক্ৰমণ কৰে। উল্লেখ্য যে বান্দ্ৰাৰ সতগুৰু শৰণ বিল্ডিঙত ছেইফ আলী খানৰ ৩টা বেডৰুমৰ বিলাসী এপাৰ্টমেণ্ট আছে, য’ত টেৰেচ, বেলকনি আৰু চুইমিং পুলো আছে। ইয়াত ছেইফ, কৰীণা কাপুৰ খান আৰু দুই পুত্ৰ সন্তান টাইমুৰ আৰু জেহ বাস কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ