--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰ ৰাজনীতিৰ সৈতে অংগাংগী ভাবে জৰিত তিনিটা নাম হৈছে ক্ৰমে একনাথ সিন্দে, দেৱেন্দ্ৰ ফাড়নবিছ আৰু উদ্ধৱ থাকৰে৷  এওঁলোকৰ ভিতৰৰে এজন ৰাজ্যখনৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু দুজন প্ৰাক্তন মুখ্যমন্ত্ৰী৷ আকৌ এওঁলোকৰ মাজৰে বৰ্তমানৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেক বাদ দি বাকী দুজনে সোণৰ চামুচ মুখত লৈ জন্মগ্ৰহণ কৰিছিল৷ একনাথ সিন্দেৰ জন্ম হৈছিল এটা দুখীয়া পৰিয়ালত৷ 

এয়া প্ৰায় ১৯৮০ ৰ দশকৰ কথা। সেই সময়ত মহাৰাষ্ট্ৰ  চাটাৰাৰ পৰা প্ৰায় ৮৫ কিলোমিটাৰ দূৰৈত কয়না নদীৰ ওচৰৰ দাৰে তাম্বা নামৰ এখন গাঁৱত বাস কৰিছিল এটা  মাৰাঠী পৰিয়ালে। সম্ভাজী সিন্দে এই পৰিয়ালটোৰ মুৰব্বী আছিল। পৰিয়ালটোত এগৰাকী কন্যা সন্তান সুনীতাৰ লগতে তিনিজন পুত্ৰ ক্ৰমে একনাথ, সুভাষ আৰু প্ৰকাশ আছিল। 

সেই সময়ত, কোঙ্কন আৰু দক্ষিণ মহাৰাষ্ট্ৰৰ বেছিভাগ গাঁৱৰ যুৱক-যুৱতীয়ে জীৱিকাৰ সন্ধানত থানে আৰু মুম্বাইলৈ আহিছিল। কামৰ সন্ধানত সম্ভাজী সিন্দেও থানেলৈ গুচি গৈছিল। সেই সময়ত, তিনিওটা শিশুৱে বিদ্যালয়ত পঢ়ি আছিল। থানে আহি তেওঁ এটা বাকচ নিৰ্মাণ কাৰখানাত চুপাৰভাইজাৰ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল। তিনিওটা ল'ৰা-ছোৱালীয়ে পিছতে দেউতাকৰ কামত সহায় কৰি দিবলৈ আৰম্ভ কৰিছিল৷ তথাপিও যেন তেওঁলোকৰ দুখ মোচন হোৱা নাছিল৷ কিন্তু ভাগ্যৰ চকৰী সদায় একে দিশত নুঘূৰে৷ 

একনাথ সিন্দেৰো ভাগ্যৰ চকৰী লাহে লাহে শুভ দিশত ঘূৰিবলৈ আৰম্ভ কৰিছিল৷ নিজৰ লগতে পৰিয়ালটোক সকাহ দিবলৈ একনাথে অটো চলাবলৈ আৰম্ভ কৰিছিল৷ সেই অটোৰ শেষ ষ্টেছনৰ নাম যেন আছিল ’সাফল্য’৷ ভাগ্যই একনাথ সিন্দেক অটোৰ ষ্টিয়েৰিঙৰ পৰা মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ মূলসুঁতিলৈ লৈ আহিল৷ 

সেয়া এক বেলেগ অধ্যায়৷ যিকিনহওঁক মহাৰাষ্ট্ৰৰ  বৰ্তমানৰ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ তিনিগৰাকীৰ ভিতৰত  আটাইতকৈ ধনী কোন বাৰু? এক কথাত ক’বলৈ গ’লে প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে এই তালিকাৰ শীৰ্ষত আছে। অৱশ্যে, দেৱেন্দ্ৰ ফাড়নবিছ আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেও সম্পত্তিৰ ক্ষেত্ৰত পিছ পৰি থকা নাই।
 
বিদ্ৰোহৰ পৰা 'বাদশ্বাহ'লৈকে মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ মহা পৰিক্ৰমাৰ  কাহিনীয়ে এতিয়া দেশজুৰি চৰ্চা লাভ কৰিছে৷ বহু যুঁজ-বাগৰ, ৰণকৌশলৰ অন্তত একনাথ সিন্দে এতিয়া মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী। তেওঁ ৩০ জুনত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। শিৱসেনাৰ নেতা তথা উদ্ধৱ থাকৰেৰ মন্ত্ৰীসভাত গুৰুত্বপূৰ্ণ মন্ত্ৰীৰ পদত থকা একনাথ সিন্দেৰো সম্পত্তিৰ পৰিমাণ কম নহয়৷  আহক চাওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে আৰু দেৱেন্দ্ৰ ফাড়নবিছৰ কিমান সম্পত্তি আছে?

 উদ্ধৱ থাকৰেৰ কিমান সম্পত্তি আছে?
নিৰ্বাচন আয়োগত দিয়া তথ্য অনুসৰি উদ্ধৱ থাকৰেৰ ১৪৩ কোটি ২৬ লাখ টকাৰ সম্পত্তি  আছে৷
 নিৰ্বাচন আয়োগক দিয়া শপতনামা অনুসৰি তেওঁৰ ১৪৩.২৬ কোটি টকাৰ স্থাৱৰ আৰু স্থাৱৰ সম্পত্তি আছে। উদ্ধৱ থাকৰেৰ লগতে  ১৫ কোটি ৫০ হাজাৰ টকাৰ দায়বদ্ধতা (ধাৰ বা অন্যান্য দেয় আদি) পৰিশোধ কৰিবলগীয়া আছে। উদ্ধৱ থাকৰেৰ নিজৰ নামত  দুটা বিলাসী বাংলো আছে।

 উদ্ধৱ থাকৰেৰ পত্নী ৰশ্মি থাকৰেৰ ৬৫.০৯  কোটি টকাৰ সম্পত্তি আছে, যাৰ ভিতৰত ২৮.৯২ কোটি টকাৰ স্থাৱৰ আৰু ৩৬.১৬ কোটি টকা অস্থাৱৰ সম্পত্তি।

বৰ্তমানৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে কিমান সম্পত্তিৰ গৰাকী বাৰু?

নিৰ্বাচনী শপতনামা অনুসৰি সিন্দেৰ মুঠ ১১,৫৬,১২,৪৬৬ টকাৰ স্থাৱৰ আৰু স্থাৱৰ সম্পত্তি আছে। শপতনামাত উল্লেখ থকা  অনুসৰি সিন্দেৰ নিজৰ  আৰু তেওঁৰ পত্নী লতা একনাথ সিন্দেৰ একাউণ্টত নগদ ৩২,৬৪,৭৬০ টকা আছিল। শপতনামাখনত কোৱা হৈছে যে সিন্দে দম্পতীয়ে জীৱন বীমাত ৫০,০৮,৯৩০  টকা বিনিয়োগ কৰিছে। সিন্দে দম্পতীৰ আৰ্মাডা, স্কৰপিঅ’, বোলেৰো, ইনোভা আদিকে ধৰি বিভিন্ন কোম্পানীৰ  সাতখন গাড়ী আছে। সিন্দেৰ ওচৰত এটা অনুজ্ঞাপ্ৰাপ্ত ৰিভলভাৰ আৰু এটা পিষ্টল আছে৷ দুয়োটাৰে মূল্য প্ৰায় ৪.৭৫  লাখ টকা হ’ব। সিন্দে দম্পতীৰ ৯,৪৫,৫০,০০০ টকাৰ স্থাৱৰ সম্পত্তি আছে। ইয়াৰ ভিতৰত একনাথ সিন্দেৰ ৪,৪৭,৫০,০০০ টকাৰ স্থাৱৰ সম্পত্তি থকাৰ লগতে  তেওঁৰ পত্নীৰ ৪,৯৮,০০,০০০কোটি টকাৰ স্থাৱৰ সম্পত্তি আছে। স্থাৱৰ সম্পত্তিৰ দিশৰ পৰা মুখ্যমন্ত্ৰী একনাথ সিন্দেতকৈ তেওঁৰ পত্নী ধনী৷

ফাড়নবিছৰ সম্পত্তি ১০০ শতাংশ বৃদ্ধি পাইছিল

বিজেপিৰ নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছৰ  ৩.৭৮  কোটি টকাৰ সম্পত্তি আছে৷ এই সম্পত্তি  ২০১৪ চনৰ তুলনাত ২০১৯ প্ৰায়  ১০০ শতাংশ বৃদ্ধি পাইছিল৷ শপতনামা অনুসৰি তেওঁৰ সম্পত্তি ২০১৪  চনত আছিল  ১.৮১ কোটি ৷ বৰ্তমান সেই পৰিমাণ  ৩.৭৮  কোটি টকাৰ সমান হৈছে। 

 ফাড়নবিছ পত্নী অম্ৰুতা মুম্বাই এক্সিছ বেংকৰ উপ-সভাপতি (উপ-সভাপতি) আৰু পশ্চিম ভাৰতৰ কৰ্পোৰেট মুৰব্বী। অমৃতাৰ সম্পত্তিৰ পৰিমাণ হৈছে ৯৯.৩০  লাখ টকা৷ ফাড়নবিছৰ বেংকত  নগদ ধন জমা আছিল  ৮ লাখ ২৯ হাজাৰ ৬৬৫ টকা আছে, আনহাতে তেওঁৰ পত্নীৰ বেংক একাউণ্টত জমা থকা নগদ ধনৰ পৰিমাণ হৈছে  ২.৩৩ কোটি টকা ৷ বেংকত জমা থকা নগদ ধনৰ দিশৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী ফাড়নবিছতকৈ তেওঁৰ পত্নী  অম্ৰুতা বেছি ধনী৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু