--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইল এতিয়া যুদ্ধক্ষেত্ৰত পৰিণত হৈছে। কেতিয়া কাৰ প্ৰাণবায়ু উৰি যায় তাৰ কোনো নিশ্চয়তা নাই। এনে সময়তে ইজৰাইলত হামাছৰ   ৰকেটৰ আক্ৰমণত আহত হৈছে কেৰালাৰ পৰা যোৱা  এগৰাকী নাৰ্ছ । শ্বীজা আনন্দ নামৰ নাৰ্ছ গৰাকী ৰকেটৰ আক্ৰমণত আহত হোৱা বুলি জানিব পৰা গৈছে। 

 পৰিয়ালৰ মতে, ৪১ বছৰীয়া শ্বীজাই ইজৰাইলৰ এটা পৰিয়ালৰ বাবে কাম কৰি আছিল, তেতিয়াই চলি থকা সংঘাতৰ মাজতে তেওঁ আহত হয়। সংঘাত সৃষ্টি হোৱাৰ সময়ত শ্বীজাই প্ৰথমতে পৰিয়ালৰ সৈতে যোগাযোগ কৰি নিজৰ নিৰাপত্তাৰ কথা জনাইছিল আৰু তাৰ পৰবৰ্তী সময়ত স্বামীৰ সৈতে ভিডিঅ’ কল কৰিছিল যদিও স্বামীৰ সৈতে কথা পাতি থকাৰ সময়তে হঠাতে ফোন লাইনটো বিচ্ছিন্ন হৈ পৰিছিল।

পিছত ইজৰাইলত থকা এজন ভাৰতীয় ব্যক্তিৰ পৰা তেওঁৰ পৰিয়াললৈ ফোন কৰা হৈছিল যে শ্বীজা আঘাতপ্ৰাপ্ত হৈছে আৰু তাৰ কিছু সময়ৰ পিছতে তেওঁৰ অস্ত্ৰোপচাৰ কৰা হ’ব। 

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ইয়াৰ মাজতে শ্বীজাক চিকিৎসাৰ মাজতে আন এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। বৰ্তমান সময়ত শ্বীজা আনন্দৰ অৱস্থা সংকটজনক, বৰ্তমান তেওঁ চিকিৎসালয়ত ভৰ্তি কৰোঁৱা হৈছে। উল্লেখযোগ্য যে শ্বীজাই বিগত সাত বছৰ ধৰি ইজৰাইলত কাম কৰি আহিছে, আনহাতে তেওঁৰ পৰিয়াল ভাৰতত থাকে। উল্লেখ্য ইজৰাইলত থকা ভাৰতীয় লোকসকলক শনিবাৰেই ইজৰাইলৰ ভাৰতীয় দূতাবাসে সতৰ্ক কৰি দিছিল। জৰুৰী কাম নাথাকিলে ভাৰতীয় লোকসকলক ঘৰৰ বাহিৰলৈ  নোলাবলৈ সতৰ্ক কৰি দিয়া হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু