--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইল এতিয়া যুদ্ধক্ষেত্ৰত পৰিণত হৈছে। কেতিয়া কাৰ প্ৰাণবায়ু উৰি যায় তাৰ কোনো নিশ্চয়তা নাই। এনে সময়তে ইজৰাইলত হামাছৰ   ৰকেটৰ আক্ৰমণত আহত হৈছে কেৰালাৰ পৰা যোৱা  এগৰাকী নাৰ্ছ । শ্বীজা আনন্দ নামৰ নাৰ্ছ গৰাকী ৰকেটৰ আক্ৰমণত আহত হোৱা বুলি জানিব পৰা গৈছে। 

 পৰিয়ালৰ মতে, ৪১ বছৰীয়া শ্বীজাই ইজৰাইলৰ এটা পৰিয়ালৰ বাবে কাম কৰি আছিল, তেতিয়াই চলি থকা সংঘাতৰ মাজতে তেওঁ আহত হয়। সংঘাত সৃষ্টি হোৱাৰ সময়ত শ্বীজাই প্ৰথমতে পৰিয়ালৰ সৈতে যোগাযোগ কৰি নিজৰ নিৰাপত্তাৰ কথা জনাইছিল আৰু তাৰ পৰবৰ্তী সময়ত স্বামীৰ সৈতে ভিডিঅ’ কল কৰিছিল যদিও স্বামীৰ সৈতে কথা পাতি থকাৰ সময়তে হঠাতে ফোন লাইনটো বিচ্ছিন্ন হৈ পৰিছিল।

পিছত ইজৰাইলত থকা এজন ভাৰতীয় ব্যক্তিৰ পৰা তেওঁৰ পৰিয়াললৈ ফোন কৰা হৈছিল যে শ্বীজা আঘাতপ্ৰাপ্ত হৈছে আৰু তাৰ কিছু সময়ৰ পিছতে তেওঁৰ অস্ত্ৰোপচাৰ কৰা হ’ব। 

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ইয়াৰ মাজতে শ্বীজাক চিকিৎসাৰ মাজতে আন এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। বৰ্তমান সময়ত শ্বীজা আনন্দৰ অৱস্থা সংকটজনক, বৰ্তমান তেওঁ চিকিৎসালয়ত ভৰ্তি কৰোঁৱা হৈছে। উল্লেখযোগ্য যে শ্বীজাই বিগত সাত বছৰ ধৰি ইজৰাইলত কাম কৰি আহিছে, আনহাতে তেওঁৰ পৰিয়াল ভাৰতত থাকে। উল্লেখ্য ইজৰাইলত থকা ভাৰতীয় লোকসকলক শনিবাৰেই ইজৰাইলৰ ভাৰতীয় দূতাবাসে সতৰ্ক কৰি দিছিল। জৰুৰী কাম নাথাকিলে ভাৰতীয় লোকসকলক ঘৰৰ বাহিৰলৈ  নোলাবলৈ সতৰ্ক কৰি দিয়া হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ