--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইল-হামাছৰ যুদ্ধকলৈ উদ্বেগ ব্যক্ত কৰি আহিছে যদিও ব্ৰিকছ দেশসমূহে এই যুদ্ধকলৈ আহ্বান জনোৱা বৈঠকত উপস্থিত নাথাকিল৷ ইয়াকেলৈ বিভিন্ন মহলত প্ৰশ্নৰ অৱতাৰণা হৈছে৷ লক্ষ্যণীয় কথাটো হ’ল উক্ত বৈঠকত ব্ৰিকছৰ সকলো মুখ্য দেশৰ ৰাষ্ট্ৰপ্ৰধান আছিল; কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েহে এই বৈঠকত উপস্থিত নাছিল। তেওঁৰ ঠাইত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেৰে প্ৰতিনিধিত্ব কৰিছিল৷  


ইজৰাইল-হামাস যুদ্ধই বিশ্বক এতিয়া  বিভক্ত কৰি তুলিছে। বহুতে ইজৰাইলৰ পক্ষ লোৱাৰ লগতে বহুতে আকৌ হামাছৰ পক্ষ লৈছে৷   ব্ৰিকছ গোটৰ (ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকা) নেতাসকলে ২১ নৱেম্বৰত যুদ্ধৰ বিষয়ে আলোচনা কৰিবলৈ এক ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত কৰিছিল। সকলো মুখ্য দেশে ইজৰাইলৰ কাৰ্যক  গৰিহণা দিছিল।  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ হৈ সেই  বৈঠকত উপস্থিত নাথাকিল৷ ইয়াৰ কাৰণ অৱশ্যে এতিয়াও অজ্ঞাত৷ ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে তাহানিৰে পৰাই মাত মাতি আহিছে৷ কিন্তু সন্ত্ৰাসবাদ নিপাতৰ নামত ইজৰাইলী সেনাই গাজাত চলোৱা অত্যাচাৰেও বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ 

এনে সময়তে ভাৰতে ইজৰাইলে গাজাত চলোৱা নিৰীহৰ হত্যাৰ বিৰোধিতা কৰাৰ অৰ্থ নিঃসন্দেহে হামাছক সমৰ্থন কৰা নহয়৷ কিন্তু এই যুদ্ধত এক প্ৰকাৰৰ মধ্যম পন্থা গ্ৰহণ কৰা ভাৰতে ইজৰাইলী আক্ৰমণক গৰিহণা দিব লাগিব বুলিয়েই হয়তো মোদীয়ে সেই বৈঠকত অংশগ্ৰহণ কৰা নাছিল বুলি বহুতে ধাৰণা কৰিছে৷ 
বৈঠকত ব্ৰাজিলৰ লুলা দা চিলভা, ৰাছিয়াৰ ভ্লাদিমিৰ পুটিন, চীনৰ ছি জিনপিং আৰু দক্ষিণ আফ্ৰিকাৰ চিৰিল ৰামাফোছা উপস্থিত আছিল। 

ব্ৰিকছৰ এই বৈঠকখন দক্ষিণ আফ্ৰিকাই আহ্বান কৰিছিল৷ সেই দেশ খন  বৰ্তমান গোটটোৰ অধ্যক্ষ। দক্ষিণ আফ্ৰিকাই  গাজা ষ্ট্ৰিপত ইজৰাইলী বোমা বিস্ফোৰণ আৰু 'হত্যা'ৰ বিৰুদ্ধেও  সৰৱ হৈ আছে। শেহতীয়াকৈবহু দেশে  ইজৰাইলৰ দূতাবাস বন্ধ কৰিবলৈ আৰু যুদ্ধবিৰতিৰ বাবে সন্মত নোহোৱালৈকে ইজৰাইলৰ সৈতে কূটনৈতিক সম্পৰ্ক ছিন্ন কৰিবলৈ  সিদ্ধা্ত লৈছে। 

মঙলবাৰৰ বৈঠকত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোছাই ইজৰাইলৰ বিৰুদ্ধে গাজাত যুদ্ধ অপৰাধ আৰু "গণহত্যা"ৰ অভিযোগ উত্থাপন কৰে। 

পুটিন আৰু ছিয়ে যুদ্ধবিৰতিৰ বাবে আবেদন কৰিছিল আৰু বন্দীসকলক মুকলি কৰি দিবলৈ  আহ্বান জনাইছিল। অৱশ্যে, পুটিনে এই চেগতে আমেৰিকা যুক্তৰাষ্ট্ৰক সমালোচনা কৰাৰ পৰাও বিৰত হোৱা নাছিল। 


বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ভাৰতৰ স্থিতি সন্দৰ্ভত যুক্তি দিছিল যে সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে তাৎক্ষণিক সংকট আৰম্ভ হৈছে আৰু সন্ত্ৰাসবাদৰ ক্ষেত্ৰত কোনেও আপোচ কৰা উচিত নহয়। তেওঁ কৈছিল "সন্ত্ৰাসবাদৰ ক্ষেত্ৰত, আমাৰ কোনেও ইয়াৰ সৈতে আপোচ কৰা উচিত নহয়। কাকো বন্দী কৰাটোও  গ্ৰহণযোগ্য নহয় আৰু এনে কাৰ্যক ক্ষমা কৰিব নোৱাৰি। বৃহৎ পৰিমাণৰ অসামৰিক লোকৰ মৃত্যু আৰু মানৱীয় সংকটৰ পৰিপ্ৰেক্ষিতত আমাৰ উদ্বেগ আৰু বৃদ্ধি পাইছে। আমি অসামৰিক লোকৰ প্ৰাণ হেৰুওৱাৰ ঘটনাক  তীব্ৰ গৰিহণা দিছো।"





FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ