--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইল-হামাছৰ যুদ্ধকলৈ উদ্বেগ ব্যক্ত কৰি আহিছে যদিও ব্ৰিকছ দেশসমূহে এই যুদ্ধকলৈ আহ্বান জনোৱা বৈঠকত উপস্থিত নাথাকিল৷ ইয়াকেলৈ বিভিন্ন মহলত প্ৰশ্নৰ অৱতাৰণা হৈছে৷ লক্ষ্যণীয় কথাটো হ’ল উক্ত বৈঠকত ব্ৰিকছৰ সকলো মুখ্য দেশৰ ৰাষ্ট্ৰপ্ৰধান আছিল; কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েহে এই বৈঠকত উপস্থিত নাছিল। তেওঁৰ ঠাইত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেৰে প্ৰতিনিধিত্ব কৰিছিল৷  


ইজৰাইল-হামাস যুদ্ধই বিশ্বক এতিয়া  বিভক্ত কৰি তুলিছে। বহুতে ইজৰাইলৰ পক্ষ লোৱাৰ লগতে বহুতে আকৌ হামাছৰ পক্ষ লৈছে৷   ব্ৰিকছ গোটৰ (ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকা) নেতাসকলে ২১ নৱেম্বৰত যুদ্ধৰ বিষয়ে আলোচনা কৰিবলৈ এক ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত কৰিছিল। সকলো মুখ্য দেশে ইজৰাইলৰ কাৰ্যক  গৰিহণা দিছিল।  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ হৈ সেই  বৈঠকত উপস্থিত নাথাকিল৷ ইয়াৰ কাৰণ অৱশ্যে এতিয়াও অজ্ঞাত৷ ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে তাহানিৰে পৰাই মাত মাতি আহিছে৷ কিন্তু সন্ত্ৰাসবাদ নিপাতৰ নামত ইজৰাইলী সেনাই গাজাত চলোৱা অত্যাচাৰেও বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ 

এনে সময়তে ভাৰতে ইজৰাইলে গাজাত চলোৱা নিৰীহৰ হত্যাৰ বিৰোধিতা কৰাৰ অৰ্থ নিঃসন্দেহে হামাছক সমৰ্থন কৰা নহয়৷ কিন্তু এই যুদ্ধত এক প্ৰকাৰৰ মধ্যম পন্থা গ্ৰহণ কৰা ভাৰতে ইজৰাইলী আক্ৰমণক গৰিহণা দিব লাগিব বুলিয়েই হয়তো মোদীয়ে সেই বৈঠকত অংশগ্ৰহণ কৰা নাছিল বুলি বহুতে ধাৰণা কৰিছে৷ 
বৈঠকত ব্ৰাজিলৰ লুলা দা চিলভা, ৰাছিয়াৰ ভ্লাদিমিৰ পুটিন, চীনৰ ছি জিনপিং আৰু দক্ষিণ আফ্ৰিকাৰ চিৰিল ৰামাফোছা উপস্থিত আছিল। 

ব্ৰিকছৰ এই বৈঠকখন দক্ষিণ আফ্ৰিকাই আহ্বান কৰিছিল৷ সেই দেশ খন  বৰ্তমান গোটটোৰ অধ্যক্ষ। দক্ষিণ আফ্ৰিকাই  গাজা ষ্ট্ৰিপত ইজৰাইলী বোমা বিস্ফোৰণ আৰু 'হত্যা'ৰ বিৰুদ্ধেও  সৰৱ হৈ আছে। শেহতীয়াকৈবহু দেশে  ইজৰাইলৰ দূতাবাস বন্ধ কৰিবলৈ আৰু যুদ্ধবিৰতিৰ বাবে সন্মত নোহোৱালৈকে ইজৰাইলৰ সৈতে কূটনৈতিক সম্পৰ্ক ছিন্ন কৰিবলৈ  সিদ্ধা্ত লৈছে। 

মঙলবাৰৰ বৈঠকত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোছাই ইজৰাইলৰ বিৰুদ্ধে গাজাত যুদ্ধ অপৰাধ আৰু "গণহত্যা"ৰ অভিযোগ উত্থাপন কৰে। 

পুটিন আৰু ছিয়ে যুদ্ধবিৰতিৰ বাবে আবেদন কৰিছিল আৰু বন্দীসকলক মুকলি কৰি দিবলৈ  আহ্বান জনাইছিল। অৱশ্যে, পুটিনে এই চেগতে আমেৰিকা যুক্তৰাষ্ট্ৰক সমালোচনা কৰাৰ পৰাও বিৰত হোৱা নাছিল। 


বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ভাৰতৰ স্থিতি সন্দৰ্ভত যুক্তি দিছিল যে সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে তাৎক্ষণিক সংকট আৰম্ভ হৈছে আৰু সন্ত্ৰাসবাদৰ ক্ষেত্ৰত কোনেও আপোচ কৰা উচিত নহয়। তেওঁ কৈছিল "সন্ত্ৰাসবাদৰ ক্ষেত্ৰত, আমাৰ কোনেও ইয়াৰ সৈতে আপোচ কৰা উচিত নহয়। কাকো বন্দী কৰাটোও  গ্ৰহণযোগ্য নহয় আৰু এনে কাৰ্যক ক্ষমা কৰিব নোৱাৰি। বৃহৎ পৰিমাণৰ অসামৰিক লোকৰ মৃত্যু আৰু মানৱীয় সংকটৰ পৰিপ্ৰেক্ষিতত আমাৰ উদ্বেগ আৰু বৃদ্ধি পাইছে। আমি অসামৰিক লোকৰ প্ৰাণ হেৰুওৱাৰ ঘটনাক  তীব্ৰ গৰিহণা দিছো।"





FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement