--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদুদ্ধে কৰা পনৌটি আৰু পকেটমাৰ  মন্তব্যৰ বাবে  কংগ্ৰেছৰ নেতা  ৰাহুল গান্ধীলৈ  নিৰ্বাচন আয়োগে জাননী প্ৰেৰণ কৰিছে।  আয়োগে আজি ৰাহুললৈ  এখন জাননী প্ৰেৰণ কৰে। জাননী খনত  বিজেপিয়ে দাখিল কৰা অভিযোগৰ স্পষ্টীকৰণ দিবলৈ  কোৱা হৈছে।  

শনিবাৰৰ ভিতৰত ৰাহুলে আয়োগৰ জাননীৰ উত্তৰ দিব লাগিব।   উল্লেখ্য পনৌটি. যাৰ আৰক্ষৰিক অৰ্থ অশুভ লক্ষণ৷ এই এটা শব্দ ব্যৱহাৰ কৰিয়েই এতিয়া বিজেপিৰ ৰোষত পৰিছে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী৷ বিশ্বকাপ ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ হাতত ভাৰতৰ পৰাজয়ৰ পিছতে ৰাহুল গান্ধীয়ে মন্তব্য কৰিছিল যে পনৌটিৰ বাবেই অষ্ট্ৰেলিয়াই খেল খন জিকিল, নহ’লে ভাৰতেই খেল খনত বিজয়ী হ’লহেঁতেন৷ বিজেপিয়ে মোদীক উপহাস কৰি ৰাহুলে পৌনটিৰ কথা উল্লেখ কৰা বুলি ধাৰণা কৰিয়েই এতিয়া ৰাহুলৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে৷  

বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে 'পনৌটি' (অশুভ লক্ষণ) শব্দ তথা পকেটমাৰ আখ্যাৰে উপহাস কৰাৰ অভিযোগ কৰি  নিৰ্বাচন আয়োগৰ ওচৰলৈ গৈছিল৷ ভাৰতীয় জনতা পাৰ্টীয়ে বুধবাৰে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ   বিৰুদ্ধে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰে।" আজি ৰাজস্থানৰ ভৰতপুৰত এক নিৰ্বাচনী জনসভাত ভাষণ দি ৰাহুল গান্ধীয়ে কয়,  "পকেটমাৰে কেতিয়াও অকলে নাহে, তিনিজন লোক থাকে। এজনে সন্মুখৰ পৰা আহে, এজনে পিছফালৰ পৰা আৰু এজনে  দূৰৈত ৰৈ অপেক্ষা কৰে... প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাম হৈছে মানুহৰ মনোযোগ আঁতৰ কৰা । তেওঁ সন্মুখৰ পৰা টিভিত আহে আৰু হিন্দু-মুছলমান, বিমুদ্ৰাকৰণ তথা  জিএছটিৰ দৰে বিষয়সমূহ উত্থাপন কৰি ৰাইজক বিচলিত কৰে। ইফালে, আদানীয়ে পিছফালৰ পৰা আহি টকা খিনি লৈ যায়।"

 ৰাহুলৰ এনে মন্তব্যৰ পিছতে নিৰ্বাচনী আয়োগলৈ লিখা এখন পত্ৰত বিজেপিয়ে লিখিছে, "এজন প্ৰধানমন্ত্ৰীক পকেটমাৰ আৰু 'পনৌটি'ৰ সৈতে তুলনা কৰাটো এজন জ্যেষ্ঠ নেতাৰ বাবে আটাইতকৈ অশোভনীয় কথা আৰু ই ৰাজনৈতিক ক্ষেত্ৰ খনত অশুভ প্ৰভাৱ পেলাব৷ " যিকোনো ব্যক্তিক পকেটমাৰ বুলি কোৱাটো  ব্যক্তিগত আক্ৰমণৰ সমান হোৱাৰ লগতে সেই ব্যক্তিজনৰ চৰিত্ৰহননৰো অপচেষ্টা বুলি বিজেপিয়ে উল্লেখ কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement