--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদুদ্ধে কৰা পনৌটি আৰু পকেটমাৰ  মন্তব্যৰ বাবে  কংগ্ৰেছৰ নেতা  ৰাহুল গান্ধীলৈ  নিৰ্বাচন আয়োগে জাননী প্ৰেৰণ কৰিছে।  আয়োগে আজি ৰাহুললৈ  এখন জাননী প্ৰেৰণ কৰে। জাননী খনত  বিজেপিয়ে দাখিল কৰা অভিযোগৰ স্পষ্টীকৰণ দিবলৈ  কোৱা হৈছে।  

শনিবাৰৰ ভিতৰত ৰাহুলে আয়োগৰ জাননীৰ উত্তৰ দিব লাগিব।   উল্লেখ্য পনৌটি. যাৰ আৰক্ষৰিক অৰ্থ অশুভ লক্ষণ৷ এই এটা শব্দ ব্যৱহাৰ কৰিয়েই এতিয়া বিজেপিৰ ৰোষত পৰিছে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী৷ বিশ্বকাপ ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ হাতত ভাৰতৰ পৰাজয়ৰ পিছতে ৰাহুল গান্ধীয়ে মন্তব্য কৰিছিল যে পনৌটিৰ বাবেই অষ্ট্ৰেলিয়াই খেল খন জিকিল, নহ’লে ভাৰতেই খেল খনত বিজয়ী হ’লহেঁতেন৷ বিজেপিয়ে মোদীক উপহাস কৰি ৰাহুলে পৌনটিৰ কথা উল্লেখ কৰা বুলি ধাৰণা কৰিয়েই এতিয়া ৰাহুলৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে৷  

বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে 'পনৌটি' (অশুভ লক্ষণ) শব্দ তথা পকেটমাৰ আখ্যাৰে উপহাস কৰাৰ অভিযোগ কৰি  নিৰ্বাচন আয়োগৰ ওচৰলৈ গৈছিল৷ ভাৰতীয় জনতা পাৰ্টীয়ে বুধবাৰে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ   বিৰুদ্ধে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰে।" আজি ৰাজস্থানৰ ভৰতপুৰত এক নিৰ্বাচনী জনসভাত ভাষণ দি ৰাহুল গান্ধীয়ে কয়,  "পকেটমাৰে কেতিয়াও অকলে নাহে, তিনিজন লোক থাকে। এজনে সন্মুখৰ পৰা আহে, এজনে পিছফালৰ পৰা আৰু এজনে  দূৰৈত ৰৈ অপেক্ষা কৰে... প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাম হৈছে মানুহৰ মনোযোগ আঁতৰ কৰা । তেওঁ সন্মুখৰ পৰা টিভিত আহে আৰু হিন্দু-মুছলমান, বিমুদ্ৰাকৰণ তথা  জিএছটিৰ দৰে বিষয়সমূহ উত্থাপন কৰি ৰাইজক বিচলিত কৰে। ইফালে, আদানীয়ে পিছফালৰ পৰা আহি টকা খিনি লৈ যায়।"

 ৰাহুলৰ এনে মন্তব্যৰ পিছতে নিৰ্বাচনী আয়োগলৈ লিখা এখন পত্ৰত বিজেপিয়ে লিখিছে, "এজন প্ৰধানমন্ত্ৰীক পকেটমাৰ আৰু 'পনৌটি'ৰ সৈতে তুলনা কৰাটো এজন জ্যেষ্ঠ নেতাৰ বাবে আটাইতকৈ অশোভনীয় কথা আৰু ই ৰাজনৈতিক ক্ষেত্ৰ খনত অশুভ প্ৰভাৱ পেলাব৷ " যিকোনো ব্যক্তিক পকেটমাৰ বুলি কোৱাটো  ব্যক্তিগত আক্ৰমণৰ সমান হোৱাৰ লগতে সেই ব্যক্তিজনৰ চৰিত্ৰহননৰো অপচেষ্টা বুলি বিজেপিয়ে উল্লেখ কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ