--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৪৬ বছৰীয়া এটা ভাষণ হঠাতে ছ’চিয়েল মিডিয়াত ‘প্ৰাসংগিক’ হৈ পৰিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে গাজা ষ্ট্ৰিপত অল আউট সামৰিক অভিযান ঘোষণা কৰাৰ লগতে পেলেষ্টাইনীসকলক সেই অঞ্চল এৰি যোৱাৰ ভাবুকি দিয়াৰ পাছতে নৰেন্দ্ৰ মোদীয়ে টেল আভিভৰ সমৰ্থন ঘোষণা কৰে।

শনিবাৰে বিয়লি ইজৰাইলৰ বায়ুসেনাই নিৰ্বিচাৰে গাজাৰ নিঃসামৰিক অঞ্চলত বোমাবৰ্ষণ কৰাৰ সময়তে পশ্চিম এছিয়াৰ প্ৰতি নতুন দিল্লীৰ দীৰ্ঘদিনীয়া কূটনৈতিক ভাৰসাম্য নীতিৰ পৰা আঁতৰি আহি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজহুৱাভাৱে ইজৰাইলক সমৰ্থন কৰে। ইয়াৰ পাছতে প্রধানমন্ত্রীৰ এই স্থিতি সন্দর্ভত ৰাজনৈতিক মহলত বিভিন্ন প্রশ্ন উত্থাপন হৈছে৷ ছচিয়েল মিডিয়াতো প্ৰশ্ন উত্থাপন হৈছে।আৰু মোদীৰ এই স্থিতি সলনিৰ আঁৰৰ কাৰণটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, ১৯৭৭ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে, দিল্লীত এখন সভাত তদানীন্তন জনতা পাৰ্টিৰ নেতা বাজপেয়ীৰ ভাষণ।

সেই ভাষণত বাজপেয়ীয়ে ইজৰাইলে পেলেষ্টাইন, লেবানন, ছিৰিয়াৰ ভূখণ্ড দখল কৰাটো স্পষ্টভাৱে গৰিহণা দিছিল। তেওঁ কয়, ‘ইজৰাইলে দখল কৰা আৰব ভূমি খালী কৰিব লাগিব।’ তেওঁৰ দলৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ দলৰ উত্তৰাধিকাৰী মোদীয়ে ভাৰতৰ সাড়ে সাত দশকৰ কূটনৈতিক স্থিতি সলনি কৰি পেলেষ্টাইনৰ গাজাৰ ভূখণ্ডত ইজৰাইলৰ আগ্ৰাসনক বৈধতা প্ৰদান কৰিলে, ছ’চিয়েল মিডিয়াত উত্থাপন হৈছে।

দিল্লী ৰেলীত দিয়া সেই ভাষণত তেওঁ পশ্চিম এছিয়াত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যে ইজৰাইলক স্বীকৃতি দিয়াৰ উপৰিও পেলেষ্টাইনী জনসাধাৰণৰ অধিকাৰ প্ৰতিষ্ঠা কৰাত গুৰুত্ব আৰোপ কৰিছিল। লগতে কংগ্ৰেছক পৰাস্ত কৰি জনতা পাৰ্টীয়ে কেন্দ্ৰত ক্ষমতালৈ আহিলেও নতুন দিল্লীৰ কূটনৈতিক স্থিতি সলনি নহ’ব বুলিও প্ৰতিশ্ৰুতি দিয়ে।

১৯৭৭ চনৰ লোকসভা নিৰ্বাচনত ইন্দিৰা গান্ধীৰ কংগ্ৰেছক পৰাস্ত কৰি জনতা পাৰ্টী ক্ষমতালৈ আহে। প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ চৰকাৰত বৈদেশিক মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি বাজপেয়ীয়ে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিছিল। তেওঁ নিজৰ গৃহভূমি হেৰুৱা পেলেষ্টাইনী জনসাধাৰণৰ পক্ষত দৃঢ়তাৰে থিয় দিছিল। ছ’চিয়েল মিডিয়াত প্ৰশ্ন, চাৰি দশকৰ পাছত কিয় নিজৰ দলৰ মোদীয়ে নিজৰ স্থিতি সলনি কৰিলে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement