--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৪৬ বছৰীয়া এটা ভাষণ হঠাতে ছ’চিয়েল মিডিয়াত ‘প্ৰাসংগিক’ হৈ পৰিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে গাজা ষ্ট্ৰিপত অল আউট সামৰিক অভিযান ঘোষণা কৰাৰ লগতে পেলেষ্টাইনীসকলক সেই অঞ্চল এৰি যোৱাৰ ভাবুকি দিয়াৰ পাছতে নৰেন্দ্ৰ মোদীয়ে টেল আভিভৰ সমৰ্থন ঘোষণা কৰে।

শনিবাৰে বিয়লি ইজৰাইলৰ বায়ুসেনাই নিৰ্বিচাৰে গাজাৰ নিঃসামৰিক অঞ্চলত বোমাবৰ্ষণ কৰাৰ সময়তে পশ্চিম এছিয়াৰ প্ৰতি নতুন দিল্লীৰ দীৰ্ঘদিনীয়া কূটনৈতিক ভাৰসাম্য নীতিৰ পৰা আঁতৰি আহি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজহুৱাভাৱে ইজৰাইলক সমৰ্থন কৰে। ইয়াৰ পাছতে প্রধানমন্ত্রীৰ এই স্থিতি সন্দর্ভত ৰাজনৈতিক মহলত বিভিন্ন প্রশ্ন উত্থাপন হৈছে৷ ছচিয়েল মিডিয়াতো প্ৰশ্ন উত্থাপন হৈছে।আৰু মোদীৰ এই স্থিতি সলনিৰ আঁৰৰ কাৰণটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, ১৯৭৭ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে, দিল্লীত এখন সভাত তদানীন্তন জনতা পাৰ্টিৰ নেতা বাজপেয়ীৰ ভাষণ।

সেই ভাষণত বাজপেয়ীয়ে ইজৰাইলে পেলেষ্টাইন, লেবানন, ছিৰিয়াৰ ভূখণ্ড দখল কৰাটো স্পষ্টভাৱে গৰিহণা দিছিল। তেওঁ কয়, ‘ইজৰাইলে দখল কৰা আৰব ভূমি খালী কৰিব লাগিব।’ তেওঁৰ দলৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ দলৰ উত্তৰাধিকাৰী মোদীয়ে ভাৰতৰ সাড়ে সাত দশকৰ কূটনৈতিক স্থিতি সলনি কৰি পেলেষ্টাইনৰ গাজাৰ ভূখণ্ডত ইজৰাইলৰ আগ্ৰাসনক বৈধতা প্ৰদান কৰিলে, ছ’চিয়েল মিডিয়াত উত্থাপন হৈছে।

দিল্লী ৰেলীত দিয়া সেই ভাষণত তেওঁ পশ্চিম এছিয়াত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যে ইজৰাইলক স্বীকৃতি দিয়াৰ উপৰিও পেলেষ্টাইনী জনসাধাৰণৰ অধিকাৰ প্ৰতিষ্ঠা কৰাত গুৰুত্ব আৰোপ কৰিছিল। লগতে কংগ্ৰেছক পৰাস্ত কৰি জনতা পাৰ্টীয়ে কেন্দ্ৰত ক্ষমতালৈ আহিলেও নতুন দিল্লীৰ কূটনৈতিক স্থিতি সলনি নহ’ব বুলিও প্ৰতিশ্ৰুতি দিয়ে।

১৯৭৭ চনৰ লোকসভা নিৰ্বাচনত ইন্দিৰা গান্ধীৰ কংগ্ৰেছক পৰাস্ত কৰি জনতা পাৰ্টী ক্ষমতালৈ আহে। প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ চৰকাৰত বৈদেশিক মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি বাজপেয়ীয়ে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিছিল। তেওঁ নিজৰ গৃহভূমি হেৰুৱা পেলেষ্টাইনী জনসাধাৰণৰ পক্ষত দৃঢ়তাৰে থিয় দিছিল। ছ’চিয়েল মিডিয়াত প্ৰশ্ন, চাৰি দশকৰ পাছত কিয় নিজৰ দলৰ মোদীয়ে নিজৰ স্থিতি সলনি কৰিলে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি