--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ ম'ষ্ট ৱাণ্টেড শ্বাহীদ লটিফক পাকিস্তানত গুলীয়াই হত্যা। অচিনাক্ত বন্দুকধাৰী দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে শ্বাহীদ লটিফক। প্ৰতিবেদন অনুসৰি পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ শিয়ালকোট চহৰৰ মছজিদত অজ্ঞাত আক্ৰমণকাৰীয়ে তেওঁক গুলীয়াই হত্যা কৰে।

সূত্ৰ অনুসৰি ৪১ বছৰীয়া লতিফৰ জম্মু-কাশ্মীৰৰ বহু সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্ক আছিল। কেন্দ্ৰীয় শাসিত অঞ্চলৰ সন্ত্ৰাসবাদী সংগঠনৰ সহযোগত তেওঁ কেইবাটাও আক্ৰমণ সংঘটিত কৰিছিল। তেওঁক লতিফ জৈছ-ই-মহম্মদৰ সেনাপতি বুলি অনুমান কৰা হৈছে।

পাঠানকোট আক্ৰমণৰ মূল অভিযুক্ত আছিল শ্বাহীদ লটিফ। NIA আৰু UAPAৰ অধীনত ভাৰতত নেতাজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। ভাৰতত সন্ত্ৰাস বিয়পোৱাৰ কাম কৰিছিল অভিযুক্ত আছিল শ্বাহীদে। 

এইজন শ্বাহীদৰ নেতৃত্বতেই ২০১৬ চনৰ ২ জানুৱাৰীত পাঠানকোট এয়াৰবেছ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল। য'ত কেইবাগৰাকী সেনা শ্বহীদ হৈছিল। 

শ্বাহীদ লটিফৰ ঘৰ পাকিস্তানৰ গুজৰাংৱালাত। ১৯৯৪ চনৰ নৱেম্বৰ মাহত ভাৰতত লতিফক গ্ৰেপ্তাৰ কৰি বিচাৰ চলিছিল। ভাৰতত শাস্তি সম্পূৰ্ণ কৰাৰ পিছত ২০১০ চনত তেওঁক পাকিস্তানলৈ বিতাড়িত কৰা হয়। এন আই এৰ মতে, ভাৰতৰ পৰা বহিষ্কাৰ হোৱাৰ পিছত শ্বাহিদ লতিফে পাকিস্তানৰ জেহাদী সন্ত্ৰাসবাদীৰ সৈতে পুনৰ যোগদান কৰিছিল। পাঠানকোট সন্ত্ৰাসবাদী আক্ৰমণত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু