--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ইজৰাইল-হামাছৰ  যুদ্ধ শাম কটাৰ কোনো ইংগিত এতিয়াও পোৱা হোৱা নাই। ৰাষ্ট্ৰসংঘৰ যুদ্ধ বিৰতিৰ প্ৰস্তাৱৰ প্ৰতিও কোনো পক্ষই গুৰুত্ব দিয়া নাই।  গাজা এতিয়া নেতান্যায়াহু বাহিনীৰ  দখলত । গাজা চহৰৰ  আটাইতকৈ ডাঙৰ চিকিৎসালয় আল-চিফাও "মৃত্যুৰ গহ্বৰ" ত পৰিণত হৈছে। ইজৰাইলী সেনাই হামাছক সমূলি নিপাত কৰিবলৈ চিকিৎসালয়খনত বোমা বৰ্ষণ কৰি আছে।  ৰোগীসকলক চিকিৎসালয় এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছিল। শেহতীয়াকৈ জানিব পৰা মতে বহু ৰোগী আৰু সাধাৰণ লোক চিকিৎসালয়ৰ পৰা পলায়ন কৰিছে । নেতান্যায়াহুৰ সেনাই অৱশ্যে কৈছে  যে ৰোগী বা সাধাৰণ লোকক  চিকিৎসালয় এৰি যাবলৈ কোৱা হোৱা নাছিল।

শনিবাৰে, খবৰ পোৱা গৈছিল যে ইজৰাইলী সেনাই চিকিৎসালয়ৰ বাহিৰত থিয় হৈ মাইকেৰে ঘোষণা কৰি চিকিৎসালয়খন খালি কৰিবলৈ নিৰ্দেশ দিছিল। ফলত আন্তৰ্জাতিক মহলত  ইজৰাইলৰ বিৰুদ্ধে  সমালোচনাৰ জোৱাৰ উঠিছিল। আন্তঃৰাষ্ট্ৰীয় হেঁচাৰ পিছতে ইজৰাইলী সেনাই এক বিবৃতি জাৰি কৰিছে। তেওঁলোকে কৈছে  যে এজনো ৰোগী বা চিকিৎসালয়ৰ কৰ্মচাৰীক চিকিৎসালয় এৰি যাবলৈ কোৱা হোৱা নাই। 

 বিবিচিৰ এক প্ৰতিবেদন অনুসৰি ইজৰাইলী আক্ৰমণৰ ফলত চিকিৎসালয়খনৰ প্ৰৱেশ দ্বাৰ এক গণ কবৰ হৈ পৰিছে। তাত কমেও ৮০ টা মৃতদেহ পৰি আছে। ইজৰাইলী সেনাই চিকিৎসালয় খন  এৰি যাবলৈ ভাবুকি দিয়াৰ পিছতে ৩০০ জন গুৰুতৰভাৱে অসুস্থ ৰোগীৰ বাহিৰে সকলোৱে পলাই গৈছে।

ইজৰাইলে দাবী কৰিছে যে  হামাছে চিকিৎসালয় খনত  ঘাটি স্থাপন কৰিছে। উগ্ৰপন্থীসকলে চিকিৎসালয়ৰ তলত এটা সুৰংগ খান্দি  আশ্ৰয় লৈ আছে। সেয়েহে, হামাছক নিৰ্মূল কৰিবলৈ চিকিৎসালয়খনত  আক্ৰমণৰ প্ৰয়োজন হৈছে। ইজৰাইলে এইবুলিও  কৈছিল যে ইজৰাইলী সেনাই  চিকিৎসালয়ত থকা ৰোগীসকলক সুৰক্ষা প্ৰদান কৰিব। খাদ্য, পানী আৰু অন্যান্য সাহায্য সামগ্ৰীও চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে  বুলি  সেনাই কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ