--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অৱশেষত ঘোষণা হ’ল মিছ ইউনিভাৰ্ছ ২০২৩ৰ বিজয়ীৰ নাম। নিকাৰাগুয়াৰ শ্বেইনিছ পালাচিওছৰ শিৰত জিলিকিল  মিছ ইউনিভাৰ্ছ ২০২৩ৰ মুকুট ।  ভাৰতৰ শ্বেতা সাৰদাই শীৰ্ষ ১০ ত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল । নিকাৰাগুয়াৰ শ্বেইনিছ পালাচিওছে সকলো প্ৰতিযোগীকে চেৰ পেলাই শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয়।  নিকাৰাগুয়া এখন মধ্য আমেৰিকাৰ দেশ। দেশ খনৰ  প্ৰতিযোগীয়ে প্ৰথমবাৰৰ বাবে  মিছ ইউনিভাৰ্ছ ২০২৩ ৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে। 

এই বছৰৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা খন মধ্য আমেৰিকাৰ চান চালভাডৰত অনুষ্ঠিত হৈছিল। ৮৪ খন দেশৰ অংশগ্ৰহণকাৰীসকলে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল। ভাৰতৰ আশা আছিল চণ্ডীগড়ৰ কন্যা শ্বেতা সাৰদাকলৈ। কিন্তু তেওঁ ১৩ সংখ্যক  স্থানতে ক্ষান্ত থাকিবলগীয়া হয়।   নিকাৰাগুয়াৰ শ্বেইনিছ পালাচিওছ, থাইলেণ্ডৰ এণ্টোনিয়া পোৰ্চিল্ড আৰু অষ্ট্ৰেলিয়াৰ মৰিয়া উইলছনে শীৰ্ষ তিনিটা স্থান দখল কৰে।

 যোৱা বছৰৰ মিছ ইউনিভাৰ্ছ  আৰ'বনি গেব্ৰিয়েলে শ্বেইনিছৰ শিৰত প্ৰতিযোগিতাৰ  শ্ৰেষ্ঠৰ মুকুট পিন্ধাই দিয়ে। এই বছৰৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাখন আন এটা কাৰণত বিশেষ হিচাবে  বাবে বেলেগ। এইটো প্ৰথম বাৰৰ বাবে যে দুগৰাকী লিংগ সলনি কৰা  প্ৰতিযোগীয়ে  প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।তেওঁলোক হ’ল ক্ৰমে  পৰ্তুগালক মেৰিনা মেকেটে আৰু  নেডাৰলেণ্ডৰ  ৰিকি কলে।  পাকিস্তানৰ সুন্দৰী এৰিকা ৰবীনকো প্ৰথমবাৰৰ বাবে মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত সুযোগ দিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা