--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অৱশেষত ঘোষণা হ’ল মিছ ইউনিভাৰ্ছ ২০২৩ৰ বিজয়ীৰ নাম। নিকাৰাগুয়াৰ শ্বেইনিছ পালাচিওছৰ শিৰত জিলিকিল  মিছ ইউনিভাৰ্ছ ২০২৩ৰ মুকুট ।  ভাৰতৰ শ্বেতা সাৰদাই শীৰ্ষ ১০ ত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল । নিকাৰাগুয়াৰ শ্বেইনিছ পালাচিওছে সকলো প্ৰতিযোগীকে চেৰ পেলাই শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয়।  নিকাৰাগুয়া এখন মধ্য আমেৰিকাৰ দেশ। দেশ খনৰ  প্ৰতিযোগীয়ে প্ৰথমবাৰৰ বাবে  মিছ ইউনিভাৰ্ছ ২০২৩ ৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে। 

এই বছৰৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা খন মধ্য আমেৰিকাৰ চান চালভাডৰত অনুষ্ঠিত হৈছিল। ৮৪ খন দেশৰ অংশগ্ৰহণকাৰীসকলে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল। ভাৰতৰ আশা আছিল চণ্ডীগড়ৰ কন্যা শ্বেতা সাৰদাকলৈ। কিন্তু তেওঁ ১৩ সংখ্যক  স্থানতে ক্ষান্ত থাকিবলগীয়া হয়।   নিকাৰাগুয়াৰ শ্বেইনিছ পালাচিওছ, থাইলেণ্ডৰ এণ্টোনিয়া পোৰ্চিল্ড আৰু অষ্ট্ৰেলিয়াৰ মৰিয়া উইলছনে শীৰ্ষ তিনিটা স্থান দখল কৰে।

 যোৱা বছৰৰ মিছ ইউনিভাৰ্ছ  আৰ'বনি গেব্ৰিয়েলে শ্বেইনিছৰ শিৰত প্ৰতিযোগিতাৰ  শ্ৰেষ্ঠৰ মুকুট পিন্ধাই দিয়ে। এই বছৰৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাখন আন এটা কাৰণত বিশেষ হিচাবে  বাবে বেলেগ। এইটো প্ৰথম বাৰৰ বাবে যে দুগৰাকী লিংগ সলনি কৰা  প্ৰতিযোগীয়ে  প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।তেওঁলোক হ’ল ক্ৰমে  পৰ্তুগালক মেৰিনা মেকেটে আৰু  নেডাৰলেণ্ডৰ  ৰিকি কলে।  পাকিস্তানৰ সুন্দৰী এৰিকা ৰবীনকো প্ৰথমবাৰৰ বাবে মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত সুযোগ দিয়া হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ