--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী সাহসী সাংবাদিক!ইজৰাইলৰ দ্বাৰা কৰা আক্ৰমণৰ ফলত সাংবাদিকগৰাকীৰ গৃহ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে৷মাতৃৰ বুকুৰ উমৰ পৰা সকলো সন্তানক সুৰক্ষিত দূৰত্বলৈ প্ৰেৰণ কৰি সাংবাদিকতাত ব্ৰতী হৈ পৰিছ সাংবাদিকগৰাকী৷চাৰিটা সন্তানৰ মাতৃ ৩৪ বছৰীয়া পেলেষ্টাইনী যুৱ সাংবাদিক খোৱালা আল খালিদীয়ে যুদ্ধবিধ্বস্ত গাজা ষ্ট্ৰীপৰ পৰা কৰা সাংবাদিকতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ ৮ অক্টোবৰৰ পৰা যুদ্ধ আৰম্ভ হোৱাৰ পৰাই আল খালিদীয়ে নিৰন্তৰ নিজ কাৰ্য সম্পাদন কৰি আহিছে।


খালিদীৰ সংগ্ৰামত কেতিয়াও তেওঁ অকলশৰীয়া  হোৱা নাছিল। খালিদীৰ কাষত থিয় হৈ আছিল স্বামী বাহৰ।আল জাজিৰাৰ বাতৰি অনুসৰি তেওঁৰ বহু সহকৰ্মীৰ দৰেই তেওঁ আল-আকছা শ্বহীদ হাস্পতালত থাকিবলৈ বাছি লৈছিল যিটো এতিয়া এটা অস্থায়ী ব্যুৰোত পৰিণত হৈছে কাৰণ হাস্পতালখন ইণ্টাৰনেট সংযোগ থকা অন্যতম স্থান আৰু সাংবাদিকসকলে নিজৰ ফোন আৰু অন্যান্য গেজেট চাৰ্জ কৰিব পৰা সুবিধা উপলব্ধ হৈ আছে।


প্ৰতিদিনে একেলগে প্ৰাৰ্থনা কৰাৰ পাছত হাতে হাত ধৰি প্ৰায় ১ কিলোমিটাৰ দূৰৈৰ চিকিৎসালয়ল দম্পতীহাল ৰাওনা হয়। চিকিৎসালয়ৰ চৌহদ পোৱাৰ পাছত খালিদীয়ে আল আৰবিয়াৰ বাবে পুৱা ৮ বজাৰ পৰা লাইভ আৰম্ভ কৰে আৰু বিয়লি ৪ বজালৈকে চলি এই কাৰ্য চলাই থাকে। তাৰ পাছত খালিদী ঘৰলৈ উভতি যায়, কাপোৰ সলনি কৰে আৰু নিশা ১০ বজালৈকে টেলিফোনিক সাক্ষাৎকাৰ কৰে।


আল-খালিদীয়ে নিজ স্বামী সম্পৰ্কত কয়, ‘তেওঁ মোৰ মেৰুদণ্ড, মোৰ ডেউকা। ঠিক যেনেকৈ প্ৰতিজন পুৰুষৰ আঁৰত থকা পুৰণি কথাষাৰত এগৰাকী মহান নাৰী থাকে মোৰ যত্ন ল’বলৈ এজন মহান পুৰুষ আছে।’


যুদ্ধৰ পূৰ্বে আল খালিদীয়ে পেলেষ্টাইন টিভিৰ বাবে পুৱাৰ অনুষ্ঠানটো প্ৰযোজক আৰু এংকৰিং কৰিছিল। কিন্তু এতিয়া তেওঁ ছৌদি আৰৱৰ মালিকানাধীন চেনেল আল হাদাথ আৰু আল আৰবিয়াৰ বাবেও কাম কৰি আহিছে। বিগত ১১ বছৰ ধৰি তেওঁ সাংবাদিকতা কৰি আহিছে৷


ঘৰ আৰু প্ৰিয়জনক হেৰুৱাই পেলোৱাটো পেলেষ্টাইনী জনসাধাৰণৰ বাবে সাধাৰণ ঘটনা হৈ পৰিছে। আল-খালিদীয়েও এই তিক্ততাৰ সোৱাদ লৈছিল। গাজা চহৰস্থিত আল-খালিদীৰ পিতৃ-মাতৃৰ ঘৰত থাকি তেওঁ খবৰ পাইছিল যে তেওঁ আৰু স্বামী বাহৰে ১০ বছৰ ধৰি একেলগে নিৰ্মাণ কৰা তেওঁলোকৰ মৰমৰ ঘৰটো ধ্বংস হৈ গৈছে। আল-খালিদীৰ ছবিবোৰ বাহেৰে দেৱালত ওলোমাই থোৱা ঘৰটো, স্বামী-স্ত্ৰীয়ে মৰমেৰে বাছি লোৱা ঘৰৰ কোণ আৰু চুকটো ভৰি পৰা সকলো ভিতৰৰ সজ্জা ছাই হৈ পৰিছিল।ইমানৰ মাজতো খালিদীৰ নিজ কামৰ প্ৰতি এই একাগ্ৰতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীত ড্ৰাগছ বিৰোধী অভিযান! ড্ৰাগছসহ দুই লাখ টকা আৰু বাহন জব্দ, গ্ৰেপ্তাৰ ১
চিয়া ছিডছ ছালৰ বাবে অতি উপকাৰী? ইয়াৰ উপকাৰিতা জনাৰ পাছত আপুনিও খাবলৈ আৰম্ভ কৰিব
'শিক্ষাসেতু' এপত ২৫ সহস্রাধিক শিক্ষকৰ অনুপস্থিতি কেনেকৈ সম্ভৱ?
অসমৰ ভূমিত জলসিঞ্চন প্ৰকল্পৰ কাম বন্ধ কৰাৰ নিৰ্দেশ নগাৰ
কানাডাত ভূমিকম্পৰ আশংকা! ১২ হাজাৰ বছৰৰ পিছত জাগ্ৰত হোৱাৰ লক্ষণ ইউকন ফল্ট
বিশ্বনাথত নৱ বিবাহিতা মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি
পিতৃৰ মৃত্যু, প্ৰেমিকৰ সৈতে মাতৃৰ পলায়ন! নাবালক পুত্ৰই থানাত এজাহাৰ দি ক'লে- সিহঁতে মোক মাৰি পেলাব
ঘাইপথত হঠাতে ব্ৰেক মৰাটো অমনোযোগিতাৰ পৰিচায়ক! পথ দুর্ঘটনাক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূর্ণ মন্তব্য
টি চি এছৰ কৰ্মচাৰী চাটাইৰ সিদ্ধান্তৰ পাছতেই আন এক তথ্য প্রযুক্তি কোম্পানীয়ে আনিলে আশাৰ বতৰা
শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সানিলে নলবাৰীৰ এগৰাকী শিক্ষকে
ভাৰত-আমেৰিকা সম্বন্ধৰ নতুন মোৰ
ধনখড়ৰ উত্তৰসুৰী কোন হ'ব ?
কাজিৰঙাৰ মোনা বিলত মৃত অৱস্থাত উদ্ধাৰ ৬টা ম'হ
ছোবাৰ্ছ, গাভাস্কাৰৰ ৰেকৰ্ড ভাঙিলে গীলে