--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী সাহসী সাংবাদিক!ইজৰাইলৰ দ্বাৰা কৰা আক্ৰমণৰ ফলত সাংবাদিকগৰাকীৰ গৃহ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে৷মাতৃৰ বুকুৰ উমৰ পৰা সকলো সন্তানক সুৰক্ষিত দূৰত্বলৈ প্ৰেৰণ কৰি সাংবাদিকতাত ব্ৰতী হৈ পৰিছ সাংবাদিকগৰাকী৷চাৰিটা সন্তানৰ মাতৃ ৩৪ বছৰীয়া পেলেষ্টাইনী যুৱ সাংবাদিক খোৱালা আল খালিদীয়ে যুদ্ধবিধ্বস্ত গাজা ষ্ট্ৰীপৰ পৰা কৰা সাংবাদিকতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ ৮ অক্টোবৰৰ পৰা যুদ্ধ আৰম্ভ হোৱাৰ পৰাই আল খালিদীয়ে নিৰন্তৰ নিজ কাৰ্য সম্পাদন কৰি আহিছে।


খালিদীৰ সংগ্ৰামত কেতিয়াও তেওঁ অকলশৰীয়া  হোৱা নাছিল। খালিদীৰ কাষত থিয় হৈ আছিল স্বামী বাহৰ।আল জাজিৰাৰ বাতৰি অনুসৰি তেওঁৰ বহু সহকৰ্মীৰ দৰেই তেওঁ আল-আকছা শ্বহীদ হাস্পতালত থাকিবলৈ বাছি লৈছিল যিটো এতিয়া এটা অস্থায়ী ব্যুৰোত পৰিণত হৈছে কাৰণ হাস্পতালখন ইণ্টাৰনেট সংযোগ থকা অন্যতম স্থান আৰু সাংবাদিকসকলে নিজৰ ফোন আৰু অন্যান্য গেজেট চাৰ্জ কৰিব পৰা সুবিধা উপলব্ধ হৈ আছে।


প্ৰতিদিনে একেলগে প্ৰাৰ্থনা কৰাৰ পাছত হাতে হাত ধৰি প্ৰায় ১ কিলোমিটাৰ দূৰৈৰ চিকিৎসালয়ল দম্পতীহাল ৰাওনা হয়। চিকিৎসালয়ৰ চৌহদ পোৱাৰ পাছত খালিদীয়ে আল আৰবিয়াৰ বাবে পুৱা ৮ বজাৰ পৰা লাইভ আৰম্ভ কৰে আৰু বিয়লি ৪ বজালৈকে চলি এই কাৰ্য চলাই থাকে। তাৰ পাছত খালিদী ঘৰলৈ উভতি যায়, কাপোৰ সলনি কৰে আৰু নিশা ১০ বজালৈকে টেলিফোনিক সাক্ষাৎকাৰ কৰে।


আল-খালিদীয়ে নিজ স্বামী সম্পৰ্কত কয়, ‘তেওঁ মোৰ মেৰুদণ্ড, মোৰ ডেউকা। ঠিক যেনেকৈ প্ৰতিজন পুৰুষৰ আঁৰত থকা পুৰণি কথাষাৰত এগৰাকী মহান নাৰী থাকে মোৰ যত্ন ল’বলৈ এজন মহান পুৰুষ আছে।’


যুদ্ধৰ পূৰ্বে আল খালিদীয়ে পেলেষ্টাইন টিভিৰ বাবে পুৱাৰ অনুষ্ঠানটো প্ৰযোজক আৰু এংকৰিং কৰিছিল। কিন্তু এতিয়া তেওঁ ছৌদি আৰৱৰ মালিকানাধীন চেনেল আল হাদাথ আৰু আল আৰবিয়াৰ বাবেও কাম কৰি আহিছে। বিগত ১১ বছৰ ধৰি তেওঁ সাংবাদিকতা কৰি আহিছে৷


ঘৰ আৰু প্ৰিয়জনক হেৰুৱাই পেলোৱাটো পেলেষ্টাইনী জনসাধাৰণৰ বাবে সাধাৰণ ঘটনা হৈ পৰিছে। আল-খালিদীয়েও এই তিক্ততাৰ সোৱাদ লৈছিল। গাজা চহৰস্থিত আল-খালিদীৰ পিতৃ-মাতৃৰ ঘৰত থাকি তেওঁ খবৰ পাইছিল যে তেওঁ আৰু স্বামী বাহৰে ১০ বছৰ ধৰি একেলগে নিৰ্মাণ কৰা তেওঁলোকৰ মৰমৰ ঘৰটো ধ্বংস হৈ গৈছে। আল-খালিদীৰ ছবিবোৰ বাহেৰে দেৱালত ওলোমাই থোৱা ঘৰটো, স্বামী-স্ত্ৰীয়ে মৰমেৰে বাছি লোৱা ঘৰৰ কোণ আৰু চুকটো ভৰি পৰা সকলো ভিতৰৰ সজ্জা ছাই হৈ পৰিছিল।ইমানৰ মাজতো খালিদীৰ নিজ কামৰ প্ৰতি এই একাগ্ৰতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ