--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সামুদ্ৰিক ধুমুহাত ক্ৰমাৎ বিধ্বস্ত হৈছে বাংলাদেশৰ উপকূলীয় অঞ্চল৷ বিগত বৰ্ষৰ অক্টোবৰত ঘূৰ্ণি বতাহ ‘চিত্ৰাং’এ বিপৰ্যস্ত কৰিছিল দেশখনৰ উপকূলীয় অঞ্চলক৷ 

ইয়াৰ পাছতে বিগত মে’ত ঘূৰ্ণি বতাহ ‘মোছা’ই বিভীষিকাৰ সৃষ্টি কৰিছিল দেশখনৰ বিস্তীৰ্ণ এলেকাত৷ ৪০০তকৈ অধিক লোকৰ প্ৰাণ কাঢ়িছিল ঘূৰ্ণি বতাহ ‘মোছা’ই৷ মোছাৰ বিভীষিকা মচ নৌখাওঁতেই বাংলাদেশক পুনৰ আঘাত কৰিব আন এটা ভয়ংকৰ ঘূৰ্ণি ধুমুহাই৷ 

আৰু প্ৰায় ২ ঘণ্টাৰ পাছতে বাংলাদেশৰ উপকূলত আঘাত কৰিব চাইক্ল’ন ‘মিধিলি’এ৷ ঘণ্টাত ৮০ কিলোমিটাৰ গতিবেগৰ বতাহে দেশখনৰ উপকূলত সৃষ্টি কৰিব তাণ্ডৱৰ৷ ঘূৰ্ণি ধুমুহাজাকে উপকূল স্পৰ্শ কৰাৰ পূৰ্বেই বিস্তীৰ্ণ এলেকাত আৰম্ভ হৈছে প্ৰবল বৃষ্টিপাত৷ 

মিধিলিয়ে আঘাত কৰাৰ পাছত প্ৰচণ্ড বেগৰ বতাহ আৰু ধাৰাসাৰ বৃষ্টিপাতে বহু এলেকাত বিস্তৰ ক্ষতি কৰাটো নিশ্চিত হৈ পৰিছে৷ ক্ষয়-ক্ষতি হ্ৰাস কৰাৰ বাবে দেশখনৰ উপকূলীয় অঞ্চলৰ পৰা কেইবাহাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে স্থানীয় প্ৰশাসনে৷ এই পদক্ষেপৰ বাবে প্ৰাণহানি হ্ৰাস পাব বুলি আশা কৰিছে স্থানীয় প্ৰশাসনে৷ 

কিন্তু প্ৰৱল ধুমুহাত উপকূলীয় অঞ্চলৰ হাজাৰ হাজাৰ দুৰ্বল ঘৰ ভাগি পৰাৰ সম্পূৰ্ণ আশংকা আছে৷ লগতে উপকূলীয় অঞ্চলৰ বিদ্যুৎ যোগান ব্যৱস্থাৰো ক্ষতি কৰিব ধুমুহাই৷ বিগত সময়ৰ ‘চিত্ৰাং’ আৰু ‘মোছা’ চাইক্ল’নৰ আঘাতত ইতিমধ্যে বাংলাদেশৰ উপকূলীয় এলেকাৰ আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি হৈছে৷ 

বিশেষকৈ বিগত মে’ মাহৰ মোছা ধুমুহাৰ আঘাতে কৰা ক্ষতিপূৰণ কৰাটো এতিয়াও সম্ভৱ হৈ উঠা নাই৷ তেনে সময়তে মিধিলিৰ আঘাতে বাংলাদেশৰ উপকূলীয় অঞ্চলক বহু পিছুৱাই নিয়াটো নিশ্চিত৷ বাৰম্বাৰ ধুমুহাৰ আঘাতে দেশখনৰ উপকূলীয় এলেকাত দৰিদ্ৰতাও বৃদ্ধি কৰিছে অভূতপূৰ্বভাৱে৷ ধুমুহাৰ আঘাতত ইতিমধ্যে ঘৰ-বাৰী হেৰুৱাইছে ১০ হাজাৰতকৈ অধিক লোকে৷ এনে লোকসকলে এতিয়া চৰকাৰী সাহায্যৰ ওপৰতে নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰিছে৷ এতিয়া চাইক্ল’ন মেধিলিৰ আঘাতৰ পাছত এনে লোকসকলৰ জীৱন অধিক দুৰ্বিসহ হৈ পৰাতো নিশ্চিত৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
পেঙেৰীৰ ব্ৰহ্মাজানত শিক্ষাগুৰুৰ নিৰ্লজ্জ কাণ্ড , ওলাই আহিল কেইবাশতাধিক অৱিভাৱক
সমগ্ৰ গাজা দখলৰ পৰিকল্পনা নাই ইজৰাইলৰ
বক্সিং ফেডাৰেশ্যনৰ কৰ্মকৰ্তাক সমালোচনা লাভলীনাৰ
অসমৰ যুৱ চিত্রশিল্পীলৈ ৰাষ্ট্ৰীয় অকাদেমি বঁটা
দেশজুৰি ভেজাল ঔষধৰ বেহা চলোৱা চক্ৰ উৎখাত
ড’নাল্ড ট্ৰাম্পৰ ৫০% শুল্ক বোমাত ভাৰতক মুকলিকৈ সমৰ্থন, আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ওপৰত বৃহৎ আক্ৰমণ
ছোবাৰ্ছ, গাভাস্কাৰৰ ৰেকৰ্ড ভাঙিলে গীলে
শুল্ক প্রত্যাহাৰ নকৰিলে আমেৰিকাৰ সামগ্ৰী বর্জন কৰিব ভাৰতত
কুন্দুলীৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক
জন্মদিনৰ পাৰ্টিৰ পৰা উভতি আহোতে ভয়ংকৰ দুৰ্ঘটনা! একে পৰিয়ালৰ ৫জনৰ থিতাতে মৃত্যু
৮ জন পুৰুষক বিয়া কৰাই লাখ লাখ টকা প্ৰতাৰণা! ৯ নম্বৰ দৰাৰ সন্ধানত থাকোতেই গ্ৰেপ্তাৰ প্ৰবঞ্চক কইনা
অসমীয়া ভাষাৰ শ্রেষ্ঠ ছবি আদিত্যম শইকীয়াৰ 'ৰঙা টাপু ১৯৮২'
ফ্ৰীজত ৰখা আটা ‘বিহ’ হৈ পৰে নেকি? পুষ্টিবিদে কি কয় জানি লওক
বৃহৎ নাৰী সৰবৰাহ চক্ৰৰ লগত জড়িত এগৰাকী মহিলাক আটক ডিব্ৰুগড় আৰক্ষীৰ