--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সামুদ্ৰিক ধুমুহাত ক্ৰমাৎ বিধ্বস্ত হৈছে বাংলাদেশৰ উপকূলীয় অঞ্চল৷ বিগত বৰ্ষৰ অক্টোবৰত ঘূৰ্ণি বতাহ ‘চিত্ৰাং’এ বিপৰ্যস্ত কৰিছিল দেশখনৰ উপকূলীয় অঞ্চলক৷ 

ইয়াৰ পাছতে বিগত মে’ত ঘূৰ্ণি বতাহ ‘মোছা’ই বিভীষিকাৰ সৃষ্টি কৰিছিল দেশখনৰ বিস্তীৰ্ণ এলেকাত৷ ৪০০তকৈ অধিক লোকৰ প্ৰাণ কাঢ়িছিল ঘূৰ্ণি বতাহ ‘মোছা’ই৷ মোছাৰ বিভীষিকা মচ নৌখাওঁতেই বাংলাদেশক পুনৰ আঘাত কৰিব আন এটা ভয়ংকৰ ঘূৰ্ণি ধুমুহাই৷ 

আৰু প্ৰায় ২ ঘণ্টাৰ পাছতে বাংলাদেশৰ উপকূলত আঘাত কৰিব চাইক্ল’ন ‘মিধিলি’এ৷ ঘণ্টাত ৮০ কিলোমিটাৰ গতিবেগৰ বতাহে দেশখনৰ উপকূলত সৃষ্টি কৰিব তাণ্ডৱৰ৷ ঘূৰ্ণি ধুমুহাজাকে উপকূল স্পৰ্শ কৰাৰ পূৰ্বেই বিস্তীৰ্ণ এলেকাত আৰম্ভ হৈছে প্ৰবল বৃষ্টিপাত৷ 

মিধিলিয়ে আঘাত কৰাৰ পাছত প্ৰচণ্ড বেগৰ বতাহ আৰু ধাৰাসাৰ বৃষ্টিপাতে বহু এলেকাত বিস্তৰ ক্ষতি কৰাটো নিশ্চিত হৈ পৰিছে৷ ক্ষয়-ক্ষতি হ্ৰাস কৰাৰ বাবে দেশখনৰ উপকূলীয় অঞ্চলৰ পৰা কেইবাহাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে স্থানীয় প্ৰশাসনে৷ এই পদক্ষেপৰ বাবে প্ৰাণহানি হ্ৰাস পাব বুলি আশা কৰিছে স্থানীয় প্ৰশাসনে৷ 

কিন্তু প্ৰৱল ধুমুহাত উপকূলীয় অঞ্চলৰ হাজাৰ হাজাৰ দুৰ্বল ঘৰ ভাগি পৰাৰ সম্পূৰ্ণ আশংকা আছে৷ লগতে উপকূলীয় অঞ্চলৰ বিদ্যুৎ যোগান ব্যৱস্থাৰো ক্ষতি কৰিব ধুমুহাই৷ বিগত সময়ৰ ‘চিত্ৰাং’ আৰু ‘মোছা’ চাইক্ল’নৰ আঘাতত ইতিমধ্যে বাংলাদেশৰ উপকূলীয় এলেকাৰ আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি হৈছে৷ 

বিশেষকৈ বিগত মে’ মাহৰ মোছা ধুমুহাৰ আঘাতে কৰা ক্ষতিপূৰণ কৰাটো এতিয়াও সম্ভৱ হৈ উঠা নাই৷ তেনে সময়তে মিধিলিৰ আঘাতে বাংলাদেশৰ উপকূলীয় অঞ্চলক বহু পিছুৱাই নিয়াটো নিশ্চিত৷ বাৰম্বাৰ ধুমুহাৰ আঘাতে দেশখনৰ উপকূলীয় এলেকাত দৰিদ্ৰতাও বৃদ্ধি কৰিছে অভূতপূৰ্বভাৱে৷ ধুমুহাৰ আঘাতত ইতিমধ্যে ঘৰ-বাৰী হেৰুৱাইছে ১০ হাজাৰতকৈ অধিক লোকে৷ এনে লোকসকলে এতিয়া চৰকাৰী সাহায্যৰ ওপৰতে নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰিছে৷ এতিয়া চাইক্ল’ন মেধিলিৰ আঘাতৰ পাছত এনে লোকসকলৰ জীৱন অধিক দুৰ্বিসহ হৈ পৰাতো নিশ্চিত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ