--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুঁজ খনে শনিবাৰে অষ্টম দিনত ভৰি দিছে। বিগত দিন কেইটাত যুদ্ধত নিহত হৈছে ৩,০০০ৰৰো অধিক লোক।   ইজৰাইলৰ প্ৰতিশোধমূলক বিমান আক্ৰমণত গাজাত প্ৰতি দিনে শ শ লোক  নিহত হৈছে।

শেহতীয়া তথ্য অনুসৰি ইজৰাইলৰ  বিমান আক্ৰমণত গাজাত ১,৫৩০ ৰো অধিক লোক নিহত হৈছে। ইজৰাইলে দাবী কৰিছে যে ইজৰাইলৰ ভিতৰত প্ৰায় ১,৫০০ হামাছ সন্ত্ৰাসবাদী  নিহত হৈছে। যুদ্ধৰ সংবাদ সংগ্ৰহ কৰা  সাংবাদিকসকলৰ ওপৰত আক্ৰমণো বৃদ্ধি পাইছে। ইজৰাইলত থকা বিবিচিৰ সাংবাদিকৰ  দলটোক আক্ৰমণ কৰাৰ লগতে বন্দুক দেখুৱাই  আটক কৰা বুলি জানিব পৰা গৈছে। এনে পৰিস্থিতিত বিবিচিৰ এজন ক্ৰীড়া প্ৰতিবেদকে পুনৰ কেতিয়াও বিবিচিৰ বাবে কাম নকৰাৰ প্ৰতিশ্ৰুতি দিছে বুলি জানিব পৰা গৈছে। 

তেওঁ কৈছে যে বিবিচিয়ে স্পষ্টভাৱে হামাছক সন্ত্ৰাসবাদী বুলি ক'বলৈ অস্বীকাৰ কৰিছিল।  কিন্তু ইজৰাইলত দেখা শেহতীয়া  পৰিস্থিতিৰ পিছত তেওঁ বিবিচিৰ সিদ্ধান্তটো অন্যায় বুলি নিশ্চিত হৈছে।  সেয়ে  তেওঁ চাকৰিটো এৰি দিবলৈ সিদ্ধান্ত লৈছে। সাংবাদিক অব্ৰাহামছে এটা সাক্ষাৎকাৰত কয় , 'মোৰ বিশেষ আদৰ্শ আছে আৰু মই সেইবোৰৰ সৈতে আপোচ নকৰোঁ। মই ভাবো বিবিচিয়ে হামাছৰ বাবে সঠিক শব্দ ব্যৱহাৰ কৰিবলৈ অস্বীকাৰ কৰাটো উচিত নহয়।  শব্দই দেখুৱায় যে আমি কি ভাবোঁ, আমি কেনে প্ৰতিক্ৰিয়া দেখুৱাওঁ আৰু ইয়াৰ বাবে আমি কেনেদৰে পদক্ষেপ লওঁ। হামাছ স্বাধীনতা সংগ্ৰামীৰ গোট নহয়, তেওঁলোক সন্ত্ৰাসবাদী’’।

ইপিনে ইয়াৰ পূৰ্বে শুকুৰবাৰে দক্ষিণ লেবাননত ইজৰাইলী মিছাইলৰ আক্ৰমণত ৰয়টাৰৰ এজন ভিডিঅ' সাংবাদিক নিহত হয় আৰু আন ছয়জন সাংবাদিক আহত হয়। আল জাজিৰা আৰু এজেঞ্চ ফ্ৰান্স-প্ৰেছকে ধৰি কেইবাটাও প্ৰতিষ্ঠানৰ   সাংবাদিকৰ দলটোৱে ইজৰাইল সীমান্তৰ ওচৰৰ আলমা আল-চাবৰ ওচৰত বাতৰি সংগ্ৰহ  কৰি আছিল। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন