--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুঁজ খনে শনিবাৰে অষ্টম দিনত ভৰি দিছে। বিগত দিন কেইটাত যুদ্ধত নিহত হৈছে ৩,০০০ৰৰো অধিক লোক।   ইজৰাইলৰ প্ৰতিশোধমূলক বিমান আক্ৰমণত গাজাত প্ৰতি দিনে শ শ লোক  নিহত হৈছে।

শেহতীয়া তথ্য অনুসৰি ইজৰাইলৰ  বিমান আক্ৰমণত গাজাত ১,৫৩০ ৰো অধিক লোক নিহত হৈছে। ইজৰাইলে দাবী কৰিছে যে ইজৰাইলৰ ভিতৰত প্ৰায় ১,৫০০ হামাছ সন্ত্ৰাসবাদী  নিহত হৈছে। যুদ্ধৰ সংবাদ সংগ্ৰহ কৰা  সাংবাদিকসকলৰ ওপৰত আক্ৰমণো বৃদ্ধি পাইছে। ইজৰাইলত থকা বিবিচিৰ সাংবাদিকৰ  দলটোক আক্ৰমণ কৰাৰ লগতে বন্দুক দেখুৱাই  আটক কৰা বুলি জানিব পৰা গৈছে। এনে পৰিস্থিতিত বিবিচিৰ এজন ক্ৰীড়া প্ৰতিবেদকে পুনৰ কেতিয়াও বিবিচিৰ বাবে কাম নকৰাৰ প্ৰতিশ্ৰুতি দিছে বুলি জানিব পৰা গৈছে। 

তেওঁ কৈছে যে বিবিচিয়ে স্পষ্টভাৱে হামাছক সন্ত্ৰাসবাদী বুলি ক'বলৈ অস্বীকাৰ কৰিছিল।  কিন্তু ইজৰাইলত দেখা শেহতীয়া  পৰিস্থিতিৰ পিছত তেওঁ বিবিচিৰ সিদ্ধান্তটো অন্যায় বুলি নিশ্চিত হৈছে।  সেয়ে  তেওঁ চাকৰিটো এৰি দিবলৈ সিদ্ধান্ত লৈছে। সাংবাদিক অব্ৰাহামছে এটা সাক্ষাৎকাৰত কয় , 'মোৰ বিশেষ আদৰ্শ আছে আৰু মই সেইবোৰৰ সৈতে আপোচ নকৰোঁ। মই ভাবো বিবিচিয়ে হামাছৰ বাবে সঠিক শব্দ ব্যৱহাৰ কৰিবলৈ অস্বীকাৰ কৰাটো উচিত নহয়।  শব্দই দেখুৱায় যে আমি কি ভাবোঁ, আমি কেনে প্ৰতিক্ৰিয়া দেখুৱাওঁ আৰু ইয়াৰ বাবে আমি কেনেদৰে পদক্ষেপ লওঁ। হামাছ স্বাধীনতা সংগ্ৰামীৰ গোট নহয়, তেওঁলোক সন্ত্ৰাসবাদী’’।

ইপিনে ইয়াৰ পূৰ্বে শুকুৰবাৰে দক্ষিণ লেবাননত ইজৰাইলী মিছাইলৰ আক্ৰমণত ৰয়টাৰৰ এজন ভিডিঅ' সাংবাদিক নিহত হয় আৰু আন ছয়জন সাংবাদিক আহত হয়। আল জাজিৰা আৰু এজেঞ্চ ফ্ৰান্স-প্ৰেছকে ধৰি কেইবাটাও প্ৰতিষ্ঠানৰ   সাংবাদিকৰ দলটোৱে ইজৰাইল সীমান্তৰ ওচৰৰ আলমা আল-চাবৰ ওচৰত বাতৰি সংগ্ৰহ  কৰি আছিল। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত