ডিজিটেল ডেস্ক: হামাছৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক হৈ উঠিছে ইজৰাইল। যিকোনো মূল্যৰ বিনিময়ত পেলেষ্টাইন সন্ত্ৰাসবাদী সংগঠন হামাছক নিঃশেষ কৰাৰ পণ ইজৰাইলী বাহিনীৰ। যাৰ বাবে ইজৰাইল-হামাছ সংঘৰ্ষৰ সপ্তমটো দিনত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে ইজৰাইলে। বিগত ৬টা দিনে গাজাষ্ট্রীপ অঞ্চলত ভীষণ এয়াৰষ্ট্রাইক সংঘটিত কৰিছিল ইজৰাইলে।
যাৰ ফলত সম্প্ৰতি ধ্বংসস্তূপত পৰিণত হৈছে গাজা অঞ্চল। কিন্তু তাৰ পাছতো ক্ষান্ত হোৱা নাই ইজৰাইলী বাহিনী। শুকুৰবাৰে গাজা সীমান্তলৈ ইজৰাইলে প্ৰেৰণ কৰিছে বিশাল টেংক বাহিনী। আকাশী যুদ্ধৰ পাছত এইবাৰ ভূমিভাগত হামাছ সন্ত্ৰাসবাদীৰে মুখামুখি হোৱাৰ পৰিকল্পনা ৰচিছে ইজৰাইলে। গাজাত এক নিৰ্ণায়ক যুঁজত অৱতীৰ্ণ হোৱাৰ পৰিকল্পনা ৰচা ইজৰাইলে সাধাৰণ গাজাবাসীলৈ জাৰি কৰিছে সতৰ্কবাণী।
ইজৰাইলৰ সেনা বাহিনীয়ে ২৪ ঘণ্টাৰ ভিতৰত উত্তৰ গাজা অঞ্চল এৰি দক্ষিণ প্ৰান্তলৈ আঁতৰি যাবলৈ নিৰ্দেশ প্ৰদান কৰিছে গাজা অঞ্চলৰ বাসিন্দাক। যাক লৈ এতিয়া বিবুধিত পৰিছে উত্তৰ গাজাত বাস কৰা ১১ লাখ পেলেষ্টাইনী লোক। কিয়নো মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰত বৃহৎ সংখ্যক স্থানীয় বাসিন্দা অঞ্চলটো এৰি কিদৰে আঁতৰি যাব তাকে লৈ সৃষ্টি হৈছে হাহাকাৰময় পৰিৱেশৰ। ইতিমধ্যে ৰাষ্ট্রসংঘয়ো ইজৰাইলৰ এনে স্থিতিক তীব্ৰভাৱে সমালোচনা কৰিছে। কিন্তু এই ক্ষেত্ৰত ৰাষ্ট্রসংঘৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে ইজৰাইলৰ বেঞ্জামিন নেতান্যাহুৰ চৰকাৰে। তাৰ পৰিৱৰ্তে ইজৰাইলৰ হামাছে পণবন্দী কৰি ৰখা ইজৰাইলীসকলক মুক্ত কৰাৰ প্ৰচেষ্টা চলাবলৈ আহ্বান জনাইছে ৰাষ্ট্রসংঘক।
ইপিনে, ৭ দিনে অব্যাহত এই সংঘৰ্ষত এতিয়ালৈ প্ৰাণ হেৰুৱাইছে ২,৮০০ৰো অধিক লোকে। যাৰ ভিতৰত ১,৩০০ৰো অধিক ইজৰাইলী লোকৰ লগতে আছে ১,৫৩৭ পেলেষ্টাইনী লোক। আনহাতে, সংঘৰ্ষত ৩ হাজাৰ ২০০ ইজৰাইলী লোকৰ লগতে আহত হৈছে ৬ হাজাৰ ৬১২ পেলেষ্টাইনী নাগৰিক। নিহতসকলৰ ভিতৰত আছে ৫০০ পেলেষ্টাইনী শিশু। আনহাতে ইজৰাইলৰ আক্ৰমণত ঘৰ-বাৰী হেৰুৱাইছে ৩ লাখ ৩৮ হাজাৰ পেলেষ্টাইনী লোকে। ধ্বংস হৈছে গাজা অঞ্চলৰ ৮৮খন বিদ্যালয়। বিশুদ্ধ খোৱা পানীৰ অভাৱত ভুগিছে ৫০হাজাৰৰো অধিক গৰ্ভৱতী পেলেষ্টাইনী মহিলা।
ইপিনে, গাজা অঞ্চললৈ খাদ্য, পানী তথা বিদ্যুৎ যোগান বন্ধ কৰি দিছে ইজৰাইল চৰকাৰে। ইজৰাইলী পণবন্দীক মুক্তি দিলেহে এই ব্যৱস্থা পুনৰ বাহাল কৰিব ঘোষণা কৰিছে ইজৰাইল চৰকাৰে। ইপিনে, গাজাত ইজৰাইলে চলোৱা বিমান আক্ৰমণত প্ৰাণ হেৰুৱাইছে হামাছে পণবন্দী কৰি ৰখা ১৩গৰাকী ইজৰাইলী লোকৰ। ৭ অক্টোবৰৰ পৰা এইসকল লোকক বন্দী কৰি ৰাখিছিল হামাছে। আনহাতে, হামাছৰ আক্ৰমণক লৈ পোনপ্ৰথমবাৰৰ বাবে নিজৰ ভুল স্বীকাৰ কৰিছে ইজৰাইলী সেনাই। হামাছৰ আক্ৰমণত প্ৰতিৰোধ কৰাত ইজৰাইলী সেনা ব্যৰ্থ হোৱা বুলি স্বীকাৰ কৰিছে দেশখনৰ সেনাবাহিনীয়ে।
ইপিনে, পেলেষ্টাইনৰ বিৰুদ্ধে ইজৰাইলৰ আক্ৰমণক লৈ শুকুৰবাৰে বিশ্বজুৰি প্ৰতিবাদৰ আহ্বান জনাইছে সন্ত্ৰাসবাদী সংগঠনটোৱে। পেলেষ্টাইনবাসীৰ ৱেষ্টবেংক আৰু পূব জেৰুজালেমত থকা অল আক্সা মছজিদলৈ প্ৰতিবাদী সমদল উলিয়াবলৈ আহ্বান জনাইছে হামাছে। দৰাচলতে শুকুৰবাৰে নামাজৰ বাবে অল আক্সা মছজিদত সমৱেত হয় হাজাৰ হাজাৰ পেলেষ্টাইনী লোক। এনেদৰে সমৱেত লোকসকলক ইজৰাইলী সেনাৰে সংঘৰ্ষত লিপ্ত হ’বলৈ আহ্বান জনাইছে হামাছে। ইতিমধ্যে ইজৰাইলৰ আক্ৰমণত ধ্বংস হৈছে ২২ হাজাৰৰো অধিক অট্টালিকা। আক্ৰমণত ক্ষতিগ্ৰস্ত হৈছে ১০খন চিকিৎসালয়। একেদৰে আক্ৰমণত নিহত লোকৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পোৱাত এতিয়া মৃতদেহ ৰাখিবলৈ স্থানৰ অভাৱ ঘটিছে গাজাৰ আটাইতকৈ বৃহৎ চিকিৎসালয়খনতো।
বৃহস্পতিবাৰে নিশা গাজাত ইজৰাইলে চলোৱা আক্ৰমণত প্ৰাণ হেৰুৱাইছে ৪৫জন লোকে। ইজৰাইলৰ আক্ৰমণৰ পাছৰে পৰা গাজা অঞ্চলৰ লোকসকলক খাদ্যৰ যোগান ধৰিছে ৰাষ্ট্রসংঘৰ কৰ্মীয়ে। ইপিনে, ইজৰাইল-হামাছ সংঘৰ্ষক লৈ ইজৰাইলৰ বিৰুদ্ধে বিশ্বৰ বিভিন্ন স্থানত সাব্যস্ত হৈছে প্ৰতিবাদ। ইজৰাইলৰ বিৰুদ্ধে প্ৰতিবাদৰ আশংকাত ব্ৰিটেইনত শুকুৰবাৰে বন্ধ ৰখা হয় ৩খনকৈ ইহুদি বিদ্যালয়। চীনতো এগৰাকী ইজৰাইলী কূটনীতিবিদক চুৰিকাঘাত কৰে দুৰ্বৃত্তই।
আনহাতে, ভয়ানক সংঘৰ্ষৰ মাজতে ২৫০ গৰাকী পণবন্দীক হামাছৰ কবলৰ পৰা উদ্ধাৰ কৰিছে ইজৰাইলী সেনাবাহিনীয়ে। এই অভিযানত ইজৰাইলী সেনাই গুলীয়াই নিহত কৰে ৬০টাকৈ হামাছ সন্ত্ৰাসবাদীক। আনহাতে, ইজৰাইলী সেনাই আটক কৰে ২৬টা অন্য সন্ত্ৰাসবাদীক। ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ইজৰাইলৰ এই দুঃসাহসিক অভিযানৰ দৃশ্য।
ইপিনে, ভাৰততো ইজৰাইলৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে প্ৰতিবাদ। উত্তৰ প্ৰদেশ- জম্মু-কাশ্মীৰ আৰু হায়দৰাবাদত একাংশ লোকে শুকুৰবাৰে ইজৰাইলৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ।
ইজৰাইল আৰু পেলেষ্টাইনত আবদ্ধ হৈ পৰা ভাৰতীয় লোকক উদ্ধাৰৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে অপাৰেচন অজয়। যাৰ জৰিয়তে প্ৰথমখন চাৰ্টৰ্ড ফ্লাইটৰ সহায়ত ভাৰতলৈ ওভতাই অনা হয় ২১২গৰাকী ভাৰতীয় নাগৰিকক। বৃহস্পতিবাৰে পুৱতি নিশা নতুন দিল্লীৰ বিমান বন্দৰত উপস্থিত হয় এইসকল ভাৰতীয় লোক।