--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইলৰ বিৰুদ্ধে একেৰাহে প্ৰায় ৫,০০০ টা ৰকেট আক্ৰমণ ঘটোৱা হামাছৰ বিৰুদ্ধে এতিয়া ইজৰাইলী সেনা যুযুৎসু হৈ পৰিছে। এনে পৰিস্থিতিত গাজাত এতিয়া সাধাৰণ মানুহৰ জীৱন বিপন্ন হৈ পৰিছে। ইজৰাইলৰ প্ৰশাসনে গাজাত বাস কৰা লাখ লাখ সাধাৰণ লোকক গাজাৰ দক্ষিণ অংশলৈ যোৱাৰ বাবে নিৰ্দেশ দিছে।  উল্লেখ্য কেইদিনমনা পূৰ্বে পেলেষ্টাইনী সন্ত্ৰাসবাদী  গোট হামাছে ইজৰাইলৰ ওপৰত এক অভূতপূৰ্ব আক্ৰমণ চলাইছে। 

ইজৰাইলী সামৰিক বাহিনীয়ে এতিয়া সেই আক্ৰমণৰ প্ৰতিশোধ লৈছে। গাজা আৰু ইজৰাইলত যোৱা আঠ দিনৰ ৰক্তক্ষয়ী যুঁজত ৩,০০০ ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। কিন্তু মূল প্ৰশ্নটো হ'ল সীমিত ক্ষমতা থকা স্বত্বেও হামাছে কেনেকৈ এনে ভয়ংকৰ আক্ৰমণ চলাবলৈ সক্ষম হ’ল? হামাছৰ আক্ৰমণটোৰ মাষ্টাৰমাইণ্ড কোন আছিল?হামাছৰ কমাণ্ডাৰ মহম্মদ দেইফ ইজৰাইলৰ মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদীৰ  তালিকাত আছে। ২০২১ চনৰ মে’ মাহত জেৰুজালেমৰ আল-আকছা চৌহদত ইজৰাইলী সেনাৰ  আক্ৰমণত ১,২০০ জন লোক নিহত হৈছিল।

সেই আক্ৰমণত  ২,৭০০ জন লোক আহত হৈছিল। মন কৰিব যে   মক্কা আৰু মদিনাৰ পিছতে আকছাক ইছলামৰ তৃতীয় পৱিত্ৰ চহৰ হিচাপে গণ্য কৰা হয়। সেই সময়ৰে  পৰাই দেইফে ইজৰাইলৰ বিৰুদ্ধে  প্ৰতিশোধ লোৱাৰ পৰিকল্পনা কৰিছিল। যোৱা শনিবাৰে অৱশেষত দেইফৰ নিৰ্দেশতে হামাছে ইজৰাইলৰ বিৰুদ্ধে ৫,০০০ৰৰো অধিক ৰকেটেৰ  আক্ৰমণৰ চলাইছিল। ২০ মিনিটৰ ভিতৰতে হাজাৰ হাজাৰ ৰকেটে ইজৰাইলী অঞ্চলত আঘাত কৰিছিল। হামাছে এই আক্ৰমণক "আল-আকছা বান" বুলি অভিহিত কৰিছে। খবৰ অনুসৰি ইজৰাইলে দেইফক হত্যা কৰিবলৈ  কমেও সাতবাৰ চেষ্টা চলাইছিল । ইজৰাইলে হামাছৰ নেতাজনক হত্যা কৰিবলৈ শেষ চেষ্টা চলাইছিল  ২০২১ চনত। কিন্তু সেয়া সফল হোৱা নাছিল।

ইজৰাইলত আক্ৰমণ চলোৱাৰ আঁৰত থকা হামাছ নেতাসকলৰ ভিতৰত  দেইফেই একমাত্ৰ নহয়,  ইয়েহা ছিনৱাৰৰ দৰে হামাছ নেতাও এই আক্ৰমণৰ সৈতে জড়িত আছিল। হামাছৰ  সেই আক্ৰমণ ইমানেই  গোপনীয় আছিল যে  ইজৰাইলৰ বাবে তাৰ তৎ ধৰা মুঠেও সম্ভপৰ নাছিল।  ইজৰাইলৰ হাতত কেৱল  এটা ডাঙৰ আক্ৰমণ হ’ব পাৰে বুলিহে তথ্য আছিল।  কিন্তু আক্ৰমণটো কেতিয়া আৰু কেতিয়া হ'ব সেই বিষয়েও ইজৰাইলৰ  কোনো ধাৰণা নাছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত