--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইলৰ বিৰুদ্ধে একেৰাহে প্ৰায় ৫,০০০ টা ৰকেট আক্ৰমণ ঘটোৱা হামাছৰ বিৰুদ্ধে এতিয়া ইজৰাইলী সেনা যুযুৎসু হৈ পৰিছে। এনে পৰিস্থিতিত গাজাত এতিয়া সাধাৰণ মানুহৰ জীৱন বিপন্ন হৈ পৰিছে। ইজৰাইলৰ প্ৰশাসনে গাজাত বাস কৰা লাখ লাখ সাধাৰণ লোকক গাজাৰ দক্ষিণ অংশলৈ যোৱাৰ বাবে নিৰ্দেশ দিছে।  উল্লেখ্য কেইদিনমনা পূৰ্বে পেলেষ্টাইনী সন্ত্ৰাসবাদী  গোট হামাছে ইজৰাইলৰ ওপৰত এক অভূতপূৰ্ব আক্ৰমণ চলাইছে। 

ইজৰাইলী সামৰিক বাহিনীয়ে এতিয়া সেই আক্ৰমণৰ প্ৰতিশোধ লৈছে। গাজা আৰু ইজৰাইলত যোৱা আঠ দিনৰ ৰক্তক্ষয়ী যুঁজত ৩,০০০ ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। কিন্তু মূল প্ৰশ্নটো হ'ল সীমিত ক্ষমতা থকা স্বত্বেও হামাছে কেনেকৈ এনে ভয়ংকৰ আক্ৰমণ চলাবলৈ সক্ষম হ’ল? হামাছৰ আক্ৰমণটোৰ মাষ্টাৰমাইণ্ড কোন আছিল?হামাছৰ কমাণ্ডাৰ মহম্মদ দেইফ ইজৰাইলৰ মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদীৰ  তালিকাত আছে। ২০২১ চনৰ মে’ মাহত জেৰুজালেমৰ আল-আকছা চৌহদত ইজৰাইলী সেনাৰ  আক্ৰমণত ১,২০০ জন লোক নিহত হৈছিল।

সেই আক্ৰমণত  ২,৭০০ জন লোক আহত হৈছিল। মন কৰিব যে   মক্কা আৰু মদিনাৰ পিছতে আকছাক ইছলামৰ তৃতীয় পৱিত্ৰ চহৰ হিচাপে গণ্য কৰা হয়। সেই সময়ৰে  পৰাই দেইফে ইজৰাইলৰ বিৰুদ্ধে  প্ৰতিশোধ লোৱাৰ পৰিকল্পনা কৰিছিল। যোৱা শনিবাৰে অৱশেষত দেইফৰ নিৰ্দেশতে হামাছে ইজৰাইলৰ বিৰুদ্ধে ৫,০০০ৰৰো অধিক ৰকেটেৰ  আক্ৰমণৰ চলাইছিল। ২০ মিনিটৰ ভিতৰতে হাজাৰ হাজাৰ ৰকেটে ইজৰাইলী অঞ্চলত আঘাত কৰিছিল। হামাছে এই আক্ৰমণক "আল-আকছা বান" বুলি অভিহিত কৰিছে। খবৰ অনুসৰি ইজৰাইলে দেইফক হত্যা কৰিবলৈ  কমেও সাতবাৰ চেষ্টা চলাইছিল । ইজৰাইলে হামাছৰ নেতাজনক হত্যা কৰিবলৈ শেষ চেষ্টা চলাইছিল  ২০২১ চনত। কিন্তু সেয়া সফল হোৱা নাছিল।

ইজৰাইলত আক্ৰমণ চলোৱাৰ আঁৰত থকা হামাছ নেতাসকলৰ ভিতৰত  দেইফেই একমাত্ৰ নহয়,  ইয়েহা ছিনৱাৰৰ দৰে হামাছ নেতাও এই আক্ৰমণৰ সৈতে জড়িত আছিল। হামাছৰ  সেই আক্ৰমণ ইমানেই  গোপনীয় আছিল যে  ইজৰাইলৰ বাবে তাৰ তৎ ধৰা মুঠেও সম্ভপৰ নাছিল।  ইজৰাইলৰ হাতত কেৱল  এটা ডাঙৰ আক্ৰমণ হ’ব পাৰে বুলিহে তথ্য আছিল।  কিন্তু আক্ৰমণটো কেতিয়া আৰু কেতিয়া হ'ব সেই বিষয়েও ইজৰাইলৰ  কোনো ধাৰণা নাছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক