--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ইজিপ্তৰ পিৰামিড আৰু মামী চাবলৈ দূৰ-দূৰণিৰ পৰা পৰ্যটক আহে। ইজিপ্ত মানে আশ্চৰ্য্য, লোককথা, হাজাৰ হাজাৰ ঐতিহাসিক কাহিনী আৰু কিংবদন্তি। এইবাৰ এই ৰহস্যময় দেশখনত আন এটা মামী আৱিষ্কাৰ হ’ল। ৰহস্যসময় এই মামীটোক লৈ বাঢ়িছে চাঞ্চল্য।

কিন্তু এই মামী কোনো ৰজাৰ নহয়। প্ৰত্নতত্ত্ববিদ আৰু বিশেষজ্ঞসকলে অনুমান কৰিছে যে এই মামীটো এজন সাধাৰণ ব্যক্তিৰ। কিন্তু মামীটোৰ চাৰিওফালে পোৱা সোণৰ পৰিমাণে এই মামীটোক অসাধাৰণ কৰি তুলিছিল।

মামীটোৰ বয়স প্ৰায় ৪,৩০০ বছৰ বুলি ধৰা পৰে। কিছুদিন পূৰ্বে পুৰাতত্ত্ববিদৰ এটা দলে শিলৰ এটা সমাধিস্থল খনন কৰি মামীটো আৱিষ্কাৰ কৰিছিল। মামীটো সোণেৰে নিৰ্মিত পাতৰ আকৃতিৰ বাকচ এটাত ঢাকি থোৱা আছিল।

ইজিপ্তৰ ৰাজধানী কায়ৰোৰ দক্ষিণে থকা ছাক্কাৰা নামৰ ঠাইত এই সমাধিটো পোৱা গৈছিল। প্ৰত্নতত্ত্ববিদসকলে প্ৰায় ১৫ মিটাৰ মাটি খান্দি সমাধি আৰু মামী উদ্ধাৰ কৰে।

এই ছাক্কাৰা চহৰখনো কম ৰহস্যময় নহয়! এই চহৰখনৰ অৱস্থান ইজিপ্তৰ স্ফিংক্স থকা ঠাইৰ পৰা যথেষ্ট দূৰত। কিন্তু এই চহৰখনত এটা কবৰস্থান আছে যিটো প্ৰায় ৩০০০ বছৰ পুৰণি।

ইউনেস্ক’ৰ ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হৈছে ছাক্কাৰা। এই চহৰৰ পৰা অলপ দূৰৈত প্ৰাচীন চহৰ মেম্ফিছ, য’ত বিখ্যাত ষ্টেপ পিৰামিড আৰু বাৰটা সৰু আৰু মজলীয়া পিৰামিড আছে।

শেহতীয়াকৈ ছাক্কাৰাৰ সমাধিৰ পৰা ৩টা মামী আৱিষ্কাৰ কৰা হৈছে। তাৰ ভিতৰত এই নতুন মামীটোৱেই আটাইতকৈ পুৰণি বুলি বিশ্বাস কৰা হয়।

প্ৰত্নতত্ত্ববিদসকলে এই মমিৰ ভিতৰত হেকাশ্বেপেছ নামৰ এজন ব্যক্তিৰ অৱশিষ্ট আছে বুলি জানিবলৈ দিছে। সাধাৰণ মানুহৰ সমাধিস্থলত এনে যত্ন আৰু আড়ম্বৰৰ প্ৰমাণ প্ৰায় বিৰল।

কিন্তু সেই তিনিটা মামী ভিতৰত আটাইতকৈ ডাঙৰ মামীটোৰ নাম খুনুমডেফেফ। বিশেষজ্ঞসকলে অনুমান কৰিছে যে এই মানুহজন আছিল এজন সম্ভ্ৰান্ত পুৰোহিত আৰু প্ৰাচীন মিচৰৰ সভ্যতাৰ অভিজাত শ্ৰেণীৰ নেতা।

আৰু এটা মামীত আছে মেৰী। এই মানুহজন সম্ভৱতঃ ফেৰাউনসকলৰ প্ৰহৰী আছিল। কাৰণ প্ৰাচীন শাস্ত্ৰত মেৰীক ‘গোপন ৰক্ষক’ বুলি কোৱা হৈছিল। এই বিশেষ পদবীৰ বাবেই মেৰীয়ে বিভিন্ন ধৰ্মীয় কাৰ্য্য সম্পাদন কৰিব পাৰিছিল যিবোৰ পিছলৈ ‘নিষিদ্ধ’ হৈ পৰিছিল।

আন এটা মামীত মৰ্চাৰীত ফেটেক নামৰ এজন ব্যক্তিৰ অৱশিষ্ট আছে। তেওঁৰ বিষয়ে বিশেষ একো জনা নাযায়। প্ৰতিটো মামীৰ লগতে সোণৰ মুদ্ৰাৰ উপৰিও বিভিন্ন আকাৰৰ পাত্ৰ পোৱা গৈছে।

ইজিপ্তৰ প্ৰাচীন সামগ্ৰী মন্ত্ৰালয়ৰ প্ৰাক্তন মন্ত্ৰী তথা প্ৰখ্যাত পুৰাতত্ত্ববিদ জাহি হাৱাছৰ মতে এই সমাধিসমূহ খ্ৰীষ্টপূৰ্ব ২৪০০ চনৰ পৰা ২১০০ চনৰ ভিতৰৰ।

মামীৰ গুৰুত্ব সন্দৰ্ভত জাহি আৰু আন এজন প্ৰত্নতত্ত্ববিদ আলী আবু দেছিছে কয় যে মমিৰ আকাৰ আৰু ইয়াৰ চাৰিওফালে পোৱা বিভিন্ন বস্তু পৰীক্ষা কৰিলে বুজিব পৰা যাব যে ৰজা বা ফেৰাউনৰ সৈতে জনসাধাৰণৰ কেনে সম্পৰ্ক আছিল।

শেহতীয়াকৈ ইজিপ্ত চৰকাৰে দেশখনৰ প্ৰত্নতাত্ত্বিক স্থানসমূহত অধিক  খনন চলোৱাৰ সিদ্ধান্ত লৈছে। ইয়াৰ দ্বাৰা আৰু বহু ৰহস্যৰ বিষয়ে জনা যাব বুলি তেওঁলোকৰ বিশ্বাস।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ