--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ইজিপ্তৰ পিৰামিড আৰু মামী চাবলৈ দূৰ-দূৰণিৰ পৰা পৰ্যটক আহে। ইজিপ্ত মানে আশ্চৰ্য্য, লোককথা, হাজাৰ হাজাৰ ঐতিহাসিক কাহিনী আৰু কিংবদন্তি। এইবাৰ এই ৰহস্যময় দেশখনত আন এটা মামী আৱিষ্কাৰ হ’ল। ৰহস্যসময় এই মামীটোক লৈ বাঢ়িছে চাঞ্চল্য।

কিন্তু এই মামী কোনো ৰজাৰ নহয়। প্ৰত্নতত্ত্ববিদ আৰু বিশেষজ্ঞসকলে অনুমান কৰিছে যে এই মামীটো এজন সাধাৰণ ব্যক্তিৰ। কিন্তু মামীটোৰ চাৰিওফালে পোৱা সোণৰ পৰিমাণে এই মামীটোক অসাধাৰণ কৰি তুলিছিল।

মামীটোৰ বয়স প্ৰায় ৪,৩০০ বছৰ বুলি ধৰা পৰে। কিছুদিন পূৰ্বে পুৰাতত্ত্ববিদৰ এটা দলে শিলৰ এটা সমাধিস্থল খনন কৰি মামীটো আৱিষ্কাৰ কৰিছিল। মামীটো সোণেৰে নিৰ্মিত পাতৰ আকৃতিৰ বাকচ এটাত ঢাকি থোৱা আছিল।

ইজিপ্তৰ ৰাজধানী কায়ৰোৰ দক্ষিণে থকা ছাক্কাৰা নামৰ ঠাইত এই সমাধিটো পোৱা গৈছিল। প্ৰত্নতত্ত্ববিদসকলে প্ৰায় ১৫ মিটাৰ মাটি খান্দি সমাধি আৰু মামী উদ্ধাৰ কৰে।

এই ছাক্কাৰা চহৰখনো কম ৰহস্যময় নহয়! এই চহৰখনৰ অৱস্থান ইজিপ্তৰ স্ফিংক্স থকা ঠাইৰ পৰা যথেষ্ট দূৰত। কিন্তু এই চহৰখনত এটা কবৰস্থান আছে যিটো প্ৰায় ৩০০০ বছৰ পুৰণি।

ইউনেস্ক’ৰ ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হৈছে ছাক্কাৰা। এই চহৰৰ পৰা অলপ দূৰৈত প্ৰাচীন চহৰ মেম্ফিছ, য’ত বিখ্যাত ষ্টেপ পিৰামিড আৰু বাৰটা সৰু আৰু মজলীয়া পিৰামিড আছে।

শেহতীয়াকৈ ছাক্কাৰাৰ সমাধিৰ পৰা ৩টা মামী আৱিষ্কাৰ কৰা হৈছে। তাৰ ভিতৰত এই নতুন মামীটোৱেই আটাইতকৈ পুৰণি বুলি বিশ্বাস কৰা হয়।

প্ৰত্নতত্ত্ববিদসকলে এই মমিৰ ভিতৰত হেকাশ্বেপেছ নামৰ এজন ব্যক্তিৰ অৱশিষ্ট আছে বুলি জানিবলৈ দিছে। সাধাৰণ মানুহৰ সমাধিস্থলত এনে যত্ন আৰু আড়ম্বৰৰ প্ৰমাণ প্ৰায় বিৰল।

কিন্তু সেই তিনিটা মামী ভিতৰত আটাইতকৈ ডাঙৰ মামীটোৰ নাম খুনুমডেফেফ। বিশেষজ্ঞসকলে অনুমান কৰিছে যে এই মানুহজন আছিল এজন সম্ভ্ৰান্ত পুৰোহিত আৰু প্ৰাচীন মিচৰৰ সভ্যতাৰ অভিজাত শ্ৰেণীৰ নেতা।

আৰু এটা মামীত আছে মেৰী। এই মানুহজন সম্ভৱতঃ ফেৰাউনসকলৰ প্ৰহৰী আছিল। কাৰণ প্ৰাচীন শাস্ত্ৰত মেৰীক ‘গোপন ৰক্ষক’ বুলি কোৱা হৈছিল। এই বিশেষ পদবীৰ বাবেই মেৰীয়ে বিভিন্ন ধৰ্মীয় কাৰ্য্য সম্পাদন কৰিব পাৰিছিল যিবোৰ পিছলৈ ‘নিষিদ্ধ’ হৈ পৰিছিল।

আন এটা মামীত মৰ্চাৰীত ফেটেক নামৰ এজন ব্যক্তিৰ অৱশিষ্ট আছে। তেওঁৰ বিষয়ে বিশেষ একো জনা নাযায়। প্ৰতিটো মামীৰ লগতে সোণৰ মুদ্ৰাৰ উপৰিও বিভিন্ন আকাৰৰ পাত্ৰ পোৱা গৈছে।

ইজিপ্তৰ প্ৰাচীন সামগ্ৰী মন্ত্ৰালয়ৰ প্ৰাক্তন মন্ত্ৰী তথা প্ৰখ্যাত পুৰাতত্ত্ববিদ জাহি হাৱাছৰ মতে এই সমাধিসমূহ খ্ৰীষ্টপূৰ্ব ২৪০০ চনৰ পৰা ২১০০ চনৰ ভিতৰৰ।

মামীৰ গুৰুত্ব সন্দৰ্ভত জাহি আৰু আন এজন প্ৰত্নতত্ত্ববিদ আলী আবু দেছিছে কয় যে মমিৰ আকাৰ আৰু ইয়াৰ চাৰিওফালে পোৱা বিভিন্ন বস্তু পৰীক্ষা কৰিলে বুজিব পৰা যাব যে ৰজা বা ফেৰাউনৰ সৈতে জনসাধাৰণৰ কেনে সম্পৰ্ক আছিল।

শেহতীয়াকৈ ইজিপ্ত চৰকাৰে দেশখনৰ প্ৰত্নতাত্ত্বিক স্থানসমূহত অধিক  খনন চলোৱাৰ সিদ্ধান্ত লৈছে। ইয়াৰ দ্বাৰা আৰু বহু ৰহস্যৰ বিষয়ে জনা যাব বুলি তেওঁলোকৰ বিশ্বাস।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ