--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকাৰ দৈতাকাৰ। ঠিক সেইদৰে পেটৰ ভোকো  দৈত্যৰ দৰে।  এতিয়ালৈকে ৩০০ জন জীৱন্ত মানুহক গিলিছে এই ঘঁৰিয়ালটোৱে। কিন্তু গুস্তাভ নামৰ এই আচৰিত ঘঁৰিয়ালটো আজিলৈকে ধৰা পৰা নাই।

গুস্তাভে ইজিপ্তৰ নীল নদীত বাস কৰে। গুস্তাভক আফ্ৰিকাৰ আটাইতকৈ ডাঙৰ সৰীসৃপ বুলি কোৱা হয়। প্ৰায় ছয় মিটাৰ ওখ এই ঘঁৰিয়ালটোৰ ওজন প্ৰায় এক টন। কিছুমান গৱেষকে দাবী কৰে যে গুস্তাভৰ ওজন ২,০০০ পাউণ্ড। অৰ্থাৎ প্ৰায় ৯০৭ কিলোগ্ৰাম।

ঘঁৰিয়াল বিশেষজ্ঞ মাৰ্ক গানচুয়ানাই কৈছিল যে গুস্তাভক প্ৰথমে ১৯৮৭ চনত চিনাক্ত কৰা হৈছিল। সেইসময়ৰে পৰা গুস্তাভ নৰখাদক হৈ পৰিছিল। তাৰ পিছতে  উত্তেজনা ক্ৰমান্বয়ে বাঢ়ি আহিল। ২০০১ চনত বিশেষজ্ঞ পেট্ৰিচ ফায়েৰে ঘঁৰিয়ালটোক গুস্তাভ নাম দিছিল।

 বুৰুণ্ডিৰ টাঙ্গানিকা হ্ৰদৰ পাৰত এখন সৰু নদী দ্বীপত থাকে গুস্তাভ। ৰুজিজী নামৰ সৰু নদীখনতো চলা ফিৰা কৰে গুস্তাভে। চলা ফিৰা মানেই চিকাৰ। গুস্তাভৰ সন্ত্ৰাসত বিপন্ন হৈ পৰিছে স্থানীয় বাসিদন্দাসকলৰ জীৱন।

বহু বছৰ ধৰি বিশেষজ্ঞ পেট্ৰিচ ফায়েৰে গুস্তাভক লক্ষ্য কৰিছিল। তেওঁ কৈছিল যে টাঙ্গানিকাৰ বাকী ঘঁৰিয়ালবোৰে মাছ, ছাগলী, পোৱালীৰ দৰে স্তন্যপায়ী প্ৰাণী  খায়। কিন্তু গুস্তাভৰ লক্ষ্য হৈছে মানুহ।

ঘঁৰিয়াল বিশেষজ্ঞসকলৰ মতে, গুস্তাভৰ ওজন আন ঘঁৰিয়ালতকৈ বেছি।  নদীত সাঁতুৰিবলৈ অহা লোক, মাছমৰীয়াক গুস্তাভে চিকাৰ কৰে।

পেটৰিচে জনায় যে গুস্তাভে চিকাৰ কৰাৰ পাছত গোটেই মানুহটো নাখায়। কিছুমান অংশ এৰি থৈ যায়। গাওঁবাসীয়ে দাবী কৰে যে গুস্তাভে ভোকৰ বাবে মানুহ চিকাৰ নকৰে।  আনন্দ লাভ কৰিবলৈহে  মানুহে চিকাৰ কৰি খায়। 

যোৱা এক দশকত গুস্তাভক বন্দী কৰাৰ কেইবাটাও প্ৰয়াস কৰা হৈছিল। কিন্তু সকলো পণ্ড হৈছিল।  ঘঁৰিয়াল চিকাৰী তথা বিশেষজ্ঞ পেট্ৰিচ ফায়েও গুস্তাভক কৰায়ত্ত কৰাত ব্যৰ্থ হৈছিল। নানাধৰণৰ ফান্দ পতা হৈছিল, কিন্তু গুস্তাভে ফান্দত পৰা নাছিল।

পেট্ৰিছৰ মতে, গুস্তাভ বাকী ঘঁৰিয়ালতকৈ প্ৰায় তিনিগুণ ডাঙৰ।  প্ৰকৃতিও ভয়ানক। পেট্ৰিচে দাবী কৰিছিল যে গুস্তাভৰ শৰীৰত তিনিটা গুলীৰ আঘাত আছে। চিকাৰীৰ গুলীৰ দ্বাৰা আঘাত প্ৰাপ্ত হোৱাৰ পিছতো তেওঁ তিনিবাৰ জীয়াই আছিল। গতিকে তেওঁৰ মতে, গুস্তাভক হত্যা কৰাৰ ক্ষমতা কাৰো নাই।






FOLLOW US F
POPULAR
FEATURE
TRENDY
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ