--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকাৰ দৈতাকাৰ। ঠিক সেইদৰে পেটৰ ভোকো  দৈত্যৰ দৰে।  এতিয়ালৈকে ৩০০ জন জীৱন্ত মানুহক গিলিছে এই ঘঁৰিয়ালটোৱে। কিন্তু গুস্তাভ নামৰ এই আচৰিত ঘঁৰিয়ালটো আজিলৈকে ধৰা পৰা নাই।

গুস্তাভে ইজিপ্তৰ নীল নদীত বাস কৰে। গুস্তাভক আফ্ৰিকাৰ আটাইতকৈ ডাঙৰ সৰীসৃপ বুলি কোৱা হয়। প্ৰায় ছয় মিটাৰ ওখ এই ঘঁৰিয়ালটোৰ ওজন প্ৰায় এক টন। কিছুমান গৱেষকে দাবী কৰে যে গুস্তাভৰ ওজন ২,০০০ পাউণ্ড। অৰ্থাৎ প্ৰায় ৯০৭ কিলোগ্ৰাম।

ঘঁৰিয়াল বিশেষজ্ঞ মাৰ্ক গানচুয়ানাই কৈছিল যে গুস্তাভক প্ৰথমে ১৯৮৭ চনত চিনাক্ত কৰা হৈছিল। সেইসময়ৰে পৰা গুস্তাভ নৰখাদক হৈ পৰিছিল। তাৰ পিছতে  উত্তেজনা ক্ৰমান্বয়ে বাঢ়ি আহিল। ২০০১ চনত বিশেষজ্ঞ পেট্ৰিচ ফায়েৰে ঘঁৰিয়ালটোক গুস্তাভ নাম দিছিল।

 বুৰুণ্ডিৰ টাঙ্গানিকা হ্ৰদৰ পাৰত এখন সৰু নদী দ্বীপত থাকে গুস্তাভ। ৰুজিজী নামৰ সৰু নদীখনতো চলা ফিৰা কৰে গুস্তাভে। চলা ফিৰা মানেই চিকাৰ। গুস্তাভৰ সন্ত্ৰাসত বিপন্ন হৈ পৰিছে স্থানীয় বাসিদন্দাসকলৰ জীৱন।

বহু বছৰ ধৰি বিশেষজ্ঞ পেট্ৰিচ ফায়েৰে গুস্তাভক লক্ষ্য কৰিছিল। তেওঁ কৈছিল যে টাঙ্গানিকাৰ বাকী ঘঁৰিয়ালবোৰে মাছ, ছাগলী, পোৱালীৰ দৰে স্তন্যপায়ী প্ৰাণী  খায়। কিন্তু গুস্তাভৰ লক্ষ্য হৈছে মানুহ।

ঘঁৰিয়াল বিশেষজ্ঞসকলৰ মতে, গুস্তাভৰ ওজন আন ঘঁৰিয়ালতকৈ বেছি।  নদীত সাঁতুৰিবলৈ অহা লোক, মাছমৰীয়াক গুস্তাভে চিকাৰ কৰে।

পেটৰিচে জনায় যে গুস্তাভে চিকাৰ কৰাৰ পাছত গোটেই মানুহটো নাখায়। কিছুমান অংশ এৰি থৈ যায়। গাওঁবাসীয়ে দাবী কৰে যে গুস্তাভে ভোকৰ বাবে মানুহ চিকাৰ নকৰে।  আনন্দ লাভ কৰিবলৈহে  মানুহে চিকাৰ কৰি খায়। 

যোৱা এক দশকত গুস্তাভক বন্দী কৰাৰ কেইবাটাও প্ৰয়াস কৰা হৈছিল। কিন্তু সকলো পণ্ড হৈছিল।  ঘঁৰিয়াল চিকাৰী তথা বিশেষজ্ঞ পেট্ৰিচ ফায়েও গুস্তাভক কৰায়ত্ত কৰাত ব্যৰ্থ হৈছিল। নানাধৰণৰ ফান্দ পতা হৈছিল, কিন্তু গুস্তাভে ফান্দত পৰা নাছিল।

পেট্ৰিছৰ মতে, গুস্তাভ বাকী ঘঁৰিয়ালতকৈ প্ৰায় তিনিগুণ ডাঙৰ।  প্ৰকৃতিও ভয়ানক। পেট্ৰিচে দাবী কৰিছিল যে গুস্তাভৰ শৰীৰত তিনিটা গুলীৰ আঘাত আছে। চিকাৰীৰ গুলীৰ দ্বাৰা আঘাত প্ৰাপ্ত হোৱাৰ পিছতো তেওঁ তিনিবাৰ জীয়াই আছিল। গতিকে তেওঁৰ মতে, গুস্তাভক হত্যা কৰাৰ ক্ষমতা কাৰো নাই।






FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ