--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অবৈধ প্ৰেমে কিমান মানুহৰ জীৱন শেষ কৰি দিছে তাৰ কোনো লেখ-জোখ নাই। শেহতীয়াকৈ এক অবৈধ প্ৰেমৰ ভয়ংকৰ পৰিণতি পোহৰলৈ আহিছে। ৫ দিন পূৰ্বে কানপুৰৰ পাঙ্কি ৰতনপুৰ কলনিৰ পৰা নিৰুদ্দেশ হৈছিল এগৰাকী চিআৰপিএফ জোৱানৰ পত্নী। বহু বিচাৰ খোচাৰ কৰাৰ অন্তত কানপুৰ দেহাতৰ ভাউপুৰ মৈথাৰ ওচৰৰ এটা নলাত উদ্ধাৰ হৈছিল চিআৰপিএফ জোৱানজনৰ পত্নীৰ মৃতদেহ। ৰতনপুৰৰ বাসিন্দা ইন্দ্ৰপাল নামৰ লোকজন চিআৰপিএফত কৰ্মৰত। নিৰ্বাচনৰ বাবে তেওঁৰ কৰ্তব্য মৈনপুৰীত আছিল। তেওঁৰ পত্নী গীতাদেৱী(৩৪) তেওঁৰ দুই সন্তান সুশাংক আৰু সিদ্ধাৰ্থৰ সৈতে আছিল। ইন্দ্ৰপালে কৰ্তব্যস্থলীৰ পৰা তেওঁৰ পত্নীৰ ম'বাইলত ফোন কৰিছিল, কিন্তু পত্নীয়ে ফোনটো উঠোৱা নাছিল। বাৰে বাৰে ফোন কৰাৰ পাছতো পত্নীক ফোনত নাপাই তেওঁ পাঙ্কি আৰক্ষীক কোনো অপ্ৰীতিকৰ ঘটনাৰ আশংকা কৰি ঘটনাটোৰ বিষয়ে অৱগত কৰে। আৰক্ষী তেওঁৰ ঘৰত উপস্থিত হয়। আৰক্ষীয়ে গীতাদেৱীক ঘৰত লগ নাপালে। তেওঁৰ কোঠাটোত খালী বিয়েৰৰ কেন, গিলাচ আৰু কিছুমান আপত্তিজনক সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে। ঘৰলৈ উভতি অহা ইন্দ্ৰপালে আৰক্ষী থানাত পত্নী গীতাদেৱী নিৰুদ্দেশ হোৱাৰ অভিযোগ দাখিল কৰে। আৰক্ষীয়ে মহিলাগৰাকীৰ ম'বাইলৰ চিডিআৰ স্কেন কৰিছিল। তেওঁৰ শেষ ফোন কলটো মুখটাৰ নামৰ এজন লোকৰ নামত পোৱা গৈছিল। মুখটাৰ এজন গাড়ী মেকানিক। আৰক্ষীয়ে তেওঁক জিম্মাত লৈ জেৰা কৰিছিল আৰু মুখটাৰে সত্য স্বীকাৰ কৰিছিল। মুখটাৰে জেৰাৰ সময়ত আৰক্ষীক কৈছিল যে গীতাৰ সৈতে তেওঁৰ অবৈধ সম্পৰ্ক আছিল। মুখটাৰৰ লগত সম্পৰ্কত থাকোতেই গীতাই আন কাৰোবাৰ সৈতে কথা পাতিবলৈ আৰম্ভ কৰিলে। মুখটাৰে বাৰে বাৰে বাধা দিয়াৰ পাছতো গীতাই অন্য মানুহজনৰ লগত কথা পাতিবলৈ এৰা নাছিল। এই কথাত খং উঠি আছিল মুখটাৰৰ। তেওঁ এদিন সন্ধিয়া গীতাক গাড়ীৰে ফুৰাবলৈ লৈ যায় আৰু তেওঁক শ্বাসৰুদ্ধ কৰি হত্যা কৰে। হত্যাৰ পাছত গীতাৰ মৃতদেহটো নলাত পেলাই দিছিল মুখটাৰে। মুখটাৰে আৰক্ষীক স্বীকাৰ কৰে যে স্বামী ইন্দ্ৰপাল কৰ্তব্যৰ খাতিৰত বাহিৰত থাকিলেই মুখটাৰে গীতাক ঘৰত লগ কৰিবলৈ গৈছিল। গীতাৰ কল লিষ্টত পুষ্পেন্দ্ৰ সিং নামৰ এজন লোকৰো নাম পোহৰলৈ আহে। তেওঁকো আৰক্ষীয়ে জিম্মাত লৈ জেৰা কৰিছিল। পুষ্পেন্দ্ৰ সিঙৰ সৈতে নতুনকৈ সম্পৰ্ক গঢ়ি উঠিছিল গীতাৰ। সেইবাবেই মুখটাৰে হত্যা কৰে মহিলাগৰাকীক। গীতাৰ জ্যেষ্ঠ পুত্ৰই আৰক্ষীক কৈছিল যে ঘটনাটোৰ সন্ধিয়া মুখটাৰে মাকক এখন গাড়ীত লগত লৈ গৈছিল। পুত্ৰৰ মতে মুখটাৰৰ উপৰিও আন দুজন লোকো গাড়ীখনত বহি আছিল। আৰক্ষীয়ে সেই আন দুজন লোকক বিচাৰি আছে, যিয়ে গীতাক হত্যা কৰাত মুখটাৰক সহায় কৰিছিল। ঘটনাটোৱে সমগ্ৰ কানপুৰতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। আৰু পঢ়কঃ কেন্সাৰত আক্ৰান্ত জনপ্ৰিয় নৃত্যশিল্পী তথা অভিনেতা কিশোৰ দাস; আৰ্থিক সাহায্যৰ আহ্বান  

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ