--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাজহুৱা খণ্ডৰ উদ্যোগ-প্ৰতিষ্ঠান ব্যক্তিগতকৰণৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ কোনো নতুন কথা নহয়৷ দেশৰ প্ৰায়বোৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ, প্ৰতিষ্ঠান ইতিমধ্যে ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰিছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে৷ কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা খণ্ডৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে ইতিমধ্যে দেশজুৰি প্ৰতিবাদ অব্যাহত আছে৷ অসমতো লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰো কেন্দ্ৰীয় চৰকাৰে গতাই দিছিল আদানীৰ হাতত৷ তেতিয়াও ৰাজ্যজুৰি উঠিছিল প্ৰতিবাদৰ জোৱাৰ৷ ৰাজ্যবাসীৰ প্ৰবল প্ৰতিবাদকো নেওচি অসমবাসীৰ আদৰৰ বিমান বন্দৰটো অৰ্পণ কৰা হৈছিল আদানীৰ হাতত৷ একেদৰে, মহানগৰীৰ মাজমজিয়াৰ ৫৮ বিঘা ৰে’লৱেৰ মাটিও অলপতে লীজত দিয়া হ’ল বহিৰাগত বণিয়াক ৷ এইদৰেই অসমৰ মাটিতে বঞ্চিত কৰি ৰখা হৈছে থলুৱা অসমীয়াক৷ আৰু এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ টেলিকমিউনিকেশ্যন প্ৰতিষ্ঠান বিএছএনএল কৰ্তৃপক্ষৰ অসম মণ্ডল সাজু হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অৱস্থিত বিএছএনএলৰ কাৰ্যালয়সমূহ ভাড়াত দিবলৈ৷ প্ৰথম পৰ্যায়ত ৰাজ্যখনত থকা বিএছএনএলৰ ২০টা ভৱন আৰু কাৰ্যালয়ৰ অংশ ভাড়াত দিয়া হ’ব বুলি জানিব পৰা গৈছে৷ তাৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে বিএছএনএল কৰ্তৃপক্ষই৷ বিএছএনএল কৰ্তৃপক্ষই নিবিদা আহ্বান কৰিছে বুলিও জানিব পৰা গৈছে৷ আৰ্থিক সংকটৰ পৰা উদ্ধাৰ পাবলৈ বিএছএনএল কৰ্তৃপক্ষই কাৰ্যালয় ভাড়ালৈ দিবলগীয়া হোৱা ঘটনাত আশ্বৰ্য প্ৰকাশ কৰিছে সচেতন ৰাইজে৷ কিয়নো, এসময়ত লাভজনক ব্যৱসায়েৰে সুচাৰুৰূপে চলি থকা কেন্দ্ৰীয় চৰকাৰৰ এই দূৰসংযোগ প্ৰতিষ্ঠানটো ক্ৰমশ: দেউলীয়া হৈ পৰাৰ পাছত কেন্দ্ৰই ব্যক্তিগতকৰণৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে৷ অসম মণ্ডল বিএছএনএল কৰ্তৃপক্ষই প্ৰকাশ কৰা জাননী অনুসৰি প্ৰথম পৰ্যায়ত মহানগৰীকে ধৰি ৰাজ্যৰ কেইবাটাও প্ৰান্তৰ কাৰ্যালয়ৰ অংশ ভাড়ালৈ দিয়া হ’ব৷ তাৰ ভিতৰত গুৱাহাটীৰ পাণবজাৰত থকা বিএছএনএল ভৱনৰ প্ৰথম, পঞ্চম আৰু ষষ্ঠ মহলা, একেটা স্থানতে থকা চি টি অ’ ভৱনৰ ভূমি আৰু দ্বিতীয় মহলা, দিছপুৰৰ ৱায়াৰলেছত থকা চিএছচি ভৱনৰ ভূমি, প্ৰথম আৰু দ্বিতীয় মহলা, সাতগাঁওস্থিত ইটিআৰ ভৱনৰ ভূমি আৰু প্ৰথম মহলা, হাজোৰ টেলিফোন কেন্দ্ৰৰ ভূমি আৰু প্ৰথম মহলা, তেজপুৰস্থিত ভৱনৰ ভূমি এলেকা, বিশ্বনাথ চাৰিআলিৰ এমবিএম কেন্দ্ৰৰ প্ৰথম মহলা, নগাঁৱৰ প্ৰশাসনীয় ভৱনৰ ভূমি আৰু প্ৰথম মহলা, নগাঁৱৰে টেলিফোন কেন্দ্ৰৰ ভূমি আৰু প্ৰথম মহলা, শিলচৰৰ প্ৰশাসনীয় ভৱনৰ ভূমি, প্ৰথম আৰু দ্বিতীয় মহলা, কৰিমগঞ্জৰ টেলিফোন কেন্দ্ৰৰ দ্বিতীয় মহলা, যোৰহাট ভৱনৰ ভূমি আৰু প্ৰথম মহলা, যোৰহাটৰে পুৰণি চিটিঅ’ গৃহৰ ভূমি এলেকা, যোৰহাটৰে টেলিফোন কেন্দ্ৰৰ প্ৰথম, দ্বিতীয়, তৃতীয় মহলা, গোলাঘাটৰ প্ৰশাসনীয় ভৱনৰ প্ৰথম, দ্বিতীয়, তৃতীয় মহলা, ডিব্ৰুগড়ৰ প্ৰশাসনীয় ভৱনৰ ভূমি এলেকা, তিনিচুকীয়াৰ টেলিফোন কেন্দ্ৰৰ প্ৰথম মহলা, বঙাইগাঁৱৰ পুৰণি অফিচ গৃহৰ ভূমি এলেকা, মানকাচৰ টেলিফোন কেন্দ্ৰৰ ভূমি এলেকা আৰু ধুবুৰী লন অফিচৰ ভূমি এলেকা আৰু প্ৰথম মহলা আদি৷ কেৱল অৰ্থ সংকটৰ বাবেই এনেদৰে এটা বৃহৎ চৰকাৰী প্ৰতিষ্ঠানে নিজৰ কাৰ্যালয় ভাড়ালৈ দিবলগীয়া হোৱা কাৰ্যক বহুজনে দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে৷ একেসময়তে, ৰাজহুৱা খণ্ডৰ সুচলাৱস্থা বজাই ৰখাত কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যৰ্থতাও সমালোচিত হৈছে৷ এপদ এপদকৈ দেশৰ সম্পদ বিক্ৰী হৈ গৈ থাকিলে দেশৰ সম্ভাৱ্য জটিল সামাজিক ভৱিষ্যতলৈও উদ্বিগ্ন হৈ পৰিছে দেশবাসী৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাষ্ট্ৰীয় ৰেংকিং টেনিছৰ ছুপাৰ ছিৰিজ খিতাপ জয় অসম কন্যা ফাগুন জ্যোতিৰ
মধ্যপ্ৰদেশৰ বাৰগী বান্ধত শোকাবহ নাও দুৰ্ঘটনা: ৯ জনৰ সলিল সমাধি, উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ
ধৰ্মীয় অনুভূতিত আঘাতৰ গোচৰ: ভাৰতী সিং আৰু শেখৰ সুমনক বম্বে উচ্চ ন্যায়ালয়ৰ বৃহৎ সকাহ
দুর্ভিক্ষৰ কৰাল গ্ৰাসত পৰিব বিশ্বৰ ১.২ কোটি লোক
অনলাইন খাদ্য ব্যৱসায়ত FSSAIৰ কঠোৰ পদক্ষেপ ;ই-কমাৰ্চ কোম্পানীক ৬ লাখ টকাৰ জৰিমনা
বীমা কোম্পানীৰ মনমৰ্জি নচলিব: সময়সীমাৰ দোহাই দি দাবী নাকচ কৰাত বোম্বাই উচ্চ ন্যায়ালয়ৰ বাধা
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী