--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ আসন যিকোনো মুহূৰ্ততে অতীত হৈ পৰিব ইমৰাণ খানৰ বাবে। এসময়ৰ বিশ্ব ক্ৰিকেটৰ এইগৰাকী তাৰকা ক্ৰিকেটাৰে ৰাজনীতিৰ পথাৰত তেওঁৰ উইকেট সুৰক্ষিত কৰি ৰাখিব নোৱৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। তেওঁৰ বিৰুদ্ধে বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ দাখিল কৰাৰ পাছত তেওঁৰ দলৰ নেতা তথা সহযোগীয়ে তেওঁৰ সংগ এৰিবলৈ আৰম্ভ কৰিছে। বিৰোধীয়ে এতিয়া সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছত ইমৰাণ খানৰ বাবে বিদায়ৰ ক্ষণ গণাৰ বাহিৰে আন উপায় নাইকিয়া হৈ পৰিছে।

আজি ইমৰাণ খানে দেশবাসীক সম্বোধন কৰিব। পতনোন্মুখ চৰকাৰৰ পক্ষ জনগণৰ আগত তুলি ধৰাৰ বাবেই এই পদক্ষেপ তেওঁ গ্ৰহণ কৰিব বুলি ধাৰণা কৰা হৈছে। প্ৰধানমন্ত্ৰী হিচাপে এয়াই তেওঁৰ শেষ সম্বোধন হয় নে ছুপাৰ অভাৰত তেওঁ নিজৰ স্থিতি সুৰক্ষিত কৰি ৰাখিব পাৰে সেয়া সময়েহে ক’ব যদিও তেওঁৰ উত্তৰসূৰী বিচৰাৰ কাম এতিয়াৰ পৰাই আৰম্ভ হৈ গৈছে। কোনে তেওঁৰ স্থান ল’ব সেই কথা এতিয়া চৰ্চালৈ আহিছে। এটা নাম এইক্ষেত্ৰত প্ৰথমতে আছে।

যদি ইমৰান খানে অনাস্থা ভোটত পৰাজিত হয়, তেন্তে এখন নতুন চৰকাৰৰ নেতৃত্ব দিব পাৰে বিৰোধী নেতা আৰু পাকিস্তান মুছলিম লীগ-নাৱাজৰ (পিএমএল-এন) নেতা শ্বেহবাজ শ্বৰীফে। তেওঁ হৈছে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ ভাতৃ। বুধবাৰে পাকিস্তান পিপুলছ পাৰ্টীৰ (পিপিপি) অধ্যক্ষ বিলাৱল ভুট্টো জাৰ্দাৰীয়ে এই ইংগিত দিছিল।

‘ইমৰান খানে এতিয়া সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে। তেওঁ এতিয়া প্ৰধানমন্ত্ৰী হৈ থকা নাই। সংসদৰ অধিৱেশন কাইলৈ। কাইলৈ ভোটদান অনুষ্ঠিত হোৱাৰ পাছতে সমগ্ৰ বিষয়টো স্পষ্ট হৈ পৰিব আৰু সকলো জল্পন-কল্পনাৰ অন্ত পৰিব। তাৰ পাছত আমি স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে কাম আৰম্ভ কৰিব পাৰিম আৰু গণতন্ত্ৰ পুনৰুদ্ধাৰৰ দিশত যাত্ৰা কৰা তথা অৰ্থনৈতিক সংকটৰ সমাপ্তিৰ বাবে কাম কৰিব পাৰিম।’ পিপিপিৰ অধ্যক্ষজনে কালি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে।

তেওঁ লগতে মন্তব্য কৰে যে, শ্বৰীফ সোনকালেই দেশৰ প্ৰধানমন্ত্ৰী হ'ব।

শ্বেহবাজ শ্বৰীফে যোৱা সোমবাৰে নেচনেল এচেম্বলীত খান চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল। শ্বেহবাজ শ্বৰীফ হৈছে পিএমএল-এনৰ সভাপতি, তেওঁৰ ভাতৃ আৰু বহিষ্কৃত প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ স্থানত অধিষ্ঠিত হৈছিল। পাকিস্তানত দুটাকৈ দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পাছৰে পৰা লণ্ডনত বাস কৰি আছে নৱাজ শ্বৰীফে।

তেওঁ নেচনেল এচেম্বলীত (পাকিস্তানৰ সংসদৰ নিম্ন সদন) বৰ্তমানৰ বিৰোধী দলপতি।

শ্বৰীফে পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ আটাইতকৈ দীঘলীয়া সময়ৰ মুখ্যমন্ত্ৰী হোৱাৰ গৌৰৱৰ অধিকাৰী হৈছিল। তেওঁ তিনিবাৰ এই পদত কাৰ্যনিৰ্বাহ কৰিছে।

তেওঁ ১৯৯৭ চনত প্ৰথমবাৰৰ বাবে পঞ্জাব প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈছিল। কিন্তু, ১৯৯৯ চনত জেনেৰেল পাৰভেজ মুছাৰফৰ অভ্যুত্থানৰ পাছত, তেওঁ পাকিস্তান ত্যাগ কৰিব লগা হৈছিল আৰু পৰৱৰ্তী আঠ বছৰ চৌদি আৰৱত নিৰ্বাসিত জীৱন কটাইছিল।

শ্বেহবাজ শ্বৰীফ আৰু তেওঁৰ ভায়েক ২০০৭ চনত পাকিস্তানলৈ উভতি আহে। ২০০৮ চনৰ সাধাৰণ নিৰ্বাচনত তেওঁৰ দলে জয়লাভ কৰাৰ পাছত তেওঁ পুনৰ পঞ্জাবৰ মুখ্যমন্ত্ৰী হৈছিল।

পঞ্জাবৰ মুখ্যমন্ত্ৰী হিচাপে শ্বৰীফৰ তৃতীয় কাৰ্যকাল ২০১৩ চনত আৰম্ভ হৈছিল আৰু তেওঁ ২০১৮ চনৰ নিৰ্বাচনত পিএমএল-এনৰ পৰাজয়লৈকে সম্পূৰ্ণ কাৰ্যকাল পালন কৰিছিল। ২০১৮ ৰ নিৰ্বাচনৰ পাছত তেওঁক বিৰোধী দলৰ নেতা মনোনীত কৰা হৈছিল।

২০১৯ চনৰ ডিচেম্বৰত, নেচনেল একাউণ্টেবিলিটি ব্যুৰো (এনএবি)য়ে শ্বেহবাজ শ্বৰীফ আৰু তেওঁৰ পুত্ৰ হামজাৰ ২৩টা সম্পত্তি জব্দ কৰিছিল। তেওঁলোকৰ বিৰুদ্ধে ধনৰ অবৈধ সৰবৰাহৰ গোচৰ ৰুজু কৰা হৈছিল।

তেওঁক ২০২০ চনৰ ছেপ্টেম্বৰত একেটা গোচৰত এনএবি-য়ে গ্ৰেপ্তাৰ কৰিছিল আৰু তেওঁ কাৰাবন্দী হ’বলগীয়া হৈছিল। ২০২১ চনৰ এপ্ৰিল মাহত লাহোৰ উচ্চ ন্যায়ালয়ে তেওঁক সেই গোচৰত জামিনত মুক্তি দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক