ডিজিটেল ডেস্ক : নিজৰ চকীৰ উফৰি পৰাৰ উপক্ৰম ঘটিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ। ইজনৰ পাছত সিজন সহযোগীয়ে তেওঁৰ সংগ এৰিছে। সংসদত তেওঁৰ চৰকাৰে হেৰুৱাইছে সংখ্যাগৰিষ্ঠতা। এনে পৰিস্থিতি ইমৰাণ খানৰ ৰাজনৈতিক ভৱিষ্যৎ অনিশ্চিত হৈ পৰাটো স্পষ্ট হৈ পৰিছে। ইমৰাণ খানৰ চকী থৰক-বৰক হৈ পৰাৰ সময়তে চৰ্চালৈ আহিছে এগৰাকী বিশেষ মহিলাৰ নাম। তেওঁ হৈছে ইমৰাণ খানৰ তৃতীয় পত্নী বুশ্ৰা বিবি খান।
কিন্তু কোনো ৰাজনৈতিক কাম-কাজ বা কুচকাৱাজৰ জৰিয়তে স্বামীৰ গাদী ৰক্ষাৰ চেষ্টা কৰা বাবে বুশ্ৰা খান চৰ্চালৈ অহা নাই। তেওঁ চৰ্চালৈ আহিছে ক’লা যাদুৰে
ইমৰাণৰ শেষৰক্ষা কৰাৰ চেষ্টা কৰা বাবেহে। বুশ্ৰাই ইমৰানৰ ক্ষমতা ধৰি ৰখাৰ বাবে ক’লা যাদুৰ আশ্ৰয় লোৱা তথা তেওঁৰ ঘৰত জীৱন্ত কুকুৰা জ্বলোৱাৰ অভিযোগ উত্থাপন হৈছে। বিৰোধী নেতা শ্বেহবাজ শ্বৰীফে দাবী কৰিছে যে বুশ্ৰাই ক’লা যাদু কৰি আছে আৰু ইয়াৰ বাবে ইমৰাণৰ ঘৰত বানিগালাত কেইবা টন মাংস জ্বলাই দিয়া হৈছে। ইমৰাণৰ সৈতে বিবাহৰ পাছৰে পৰা বুশ্ৰা তেওঁৰ ৰহস্যময় ব্যক্তিত্বৰ বাবে বাতৰিৰ শিৰোনামলৈ আহিছে। বুশ্ৰাৰ বিৰুদ্ধে বহু সময়ত ক'লা যাদু কৰাৰ অভিযোগ উত্থাপন হৈছে।
সোমবাৰে, পাকিস্তানৰ নেচনেল এচেম্বলীত ইমৰাণ খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰা হৈছিল। ইমৰাণ খানৰ চৰকাৰে এতিয়া সমাগত সাত দিনৰ ভিতৰত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব। ৩৭২ জনীয়া নেচনেল এচেম্বলীত ইমৰানৰ দল পিটিআইৰ ১৫৫ জন সদস্য আছে, আনহাতে সংখ্যাগৰিষ্ঠতাৰ বাবে ১৭২ জন সাংসদৰ প্ৰয়োজন, অৰ্থাৎ ইমৰান চৰকাৰৰ সংকট এতিয়া স্পষ্ট হৈ পৰিছে।
ইমৰান খানৰ তৃতীয় পত্নী বুশ্ৰা বিবি কোন?
বুশ্ৰা বিবিৰ জন্ম ১৯৭৪ চনৰ ১৬ আগষ্টত পাকিস্তানৰ পাকপট্টনত হৈছিল। তেওঁ ৱাটু পৰিয়ালৰ পৰা আহিছে, যাক পাকিস্তানৰ পঞ্জাৱত ৰাজনৈতিকভাৱে প্ৰভাৱশালী বুলি গণ্য কৰা হয়। বুশ্ৰাৰ জন্মস্থান পাকপট্টন লাহোৰ চহৰৰ পৰা ২৫০ কিলোমিটাৰ দূৰত অৱস্থিত। চহৰখনক দ্বাদশ শতিকাৰ চুফী সন্ত বাবা ফৰিদৰ দৰগাহ বুলি জনা যায়। বুশ্ৰা আৰু ইমৰান দুয়ো বাবা ফৰিদৰ অনুগামী আছিল আৰু এই দুয়োজনৰ প্ৰথম সাক্ষাতো বাবা ফৰিদৰ দৰগাহত হৈছিল।
বুশ্ৰাৰ প্ৰথম বিবাহৰ পৰা পাঁচটা সন্তান আছিল
বুশ্ৰা বিবিয়ে ইমৰাণ খানক বিয়া কৰাৰ আগতে খাৱাৰ মানেকাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। মানেকাসকল পাকিস্তানৰ এক সচ্ছল জমিদাৰ পৰিয়াল। খাৱাৰ মানেকা এজন জ্যেষ্ঠ শুল্ক বিষয়া আছিল, গোলাম মহম্মদ মানেকাৰ পুত্ৰ, যি বেনজীৰ ভুট্টো চৰকাৰৰ মন্ত্ৰী আছিল। বুশ্ৰা প্ৰথমতে আধুনিক চিন্তাধাৰাৰ আছিল, কিন্তু পিছলৈ আধ্যাত্মিকতাৰ ফালে তেওঁৰ মন ঢাল খাইছিল।
প্ৰথম বিবাহৰ পৰাই বুশ্ৰাৰ পাঁচটা সন্তান আছিল, তিনিজনী কন্যা আৰু দুটা পুত্ৰ। তেওঁৰ পুত্ৰ মুছা আৰু ইব্ৰাহিম মানেকাই ২০১৩ চনত লাহোৰৰ পৰা স্নাতক হোৱাৰ পাছত বিদেশৰ পৰা উচ্চশিক্ষা লাভ কৰি আছে। তেওঁৰ জ্যেষ্ঠ কন্যা মেহৰু মানেকা ৰাজনীতিবিদ মিয়ান আতা মহম্মদ মানেকাৰ বোৱাৰী। আন দুগৰাকী ছোৱালীও বিবাহিতা। বুশ্ৰা বিবিয়ে আগতে ২০১৭ চনত স্বামী খাৱাৰ মানেকাক বিবাহ বিচ্ছেদ দিছিল।
প্ৰায়েই বিতৰ্কৰ কেন্দ্ৰ হৈ অহা বুশ্ৰাই ক'লা যাদু কৰে নেকি?
বুশ্ৰাৰ ব্যক্তিত্ব সাধাৰণ মানুহৰ বাবে ৰহস্যতকৈ কম নহয়। বুশ্ৰাৰ ৰহস্যময় আধ্যাত্মিক শক্তি আছে বুলি কোৱা হয়। তেওঁক প্ৰায়ে ক'লা যাদু আৰু যাদুবিদ্যাৰ বাবে অভিযুক্ত কৰা হৈছিল। বুশ্ৰাৰ বিষয়ে ভালেমান আচৰিত দাবী কৰি অহা হৈছিল আৰু এইবোৰৰ ভিতৰত--
কিছুমান লোকে দাবী কৰে যে বুশ্ৰাৰ দুটা জিন আছে, যাৰ সহায়ত তেওঁ নিজৰ ইচ্ছা পূৰণ কৰে আৰু তাৰ বিনিময়ত সেই জিনবোৰক মাংস ৰান্ধি খুৱায়। ২০১৯ চনত কেইবাখনো সংবাদ মাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হৈছিল যে বুশ্ৰাৰ মুখ আইনাত দেখা পোৱা নাযায়, যদিও পিছত প্ৰতিবেদনটো ভুৱা বুলি প্ৰমাণিত হৈছিল। কোৱা হয় যে বুশ্ৰাৰ ইমৰান খান আৰু তেওঁৰ দল পাকিস্তান তেহৰিক-ই-ইনচাফ (পিটিআই)ৰ ওপৰত ইমান প্ৰভাৱ আছে যে এই দলৰ সদস্যসকল দলতকৈ বুশ্ৰাৰ প্ৰতি অধিক অনুগত।
কিছুমান লোকে দাবী কৰে যে বুশ্ৰাই পিটিআইত নিজৰ এটা পৃথক গোট গঠন কৰিছে, য'ত যথেষ্ট সংখ্যক সমৰ্থক আছে।
বুশ্ৰাক অত্যন্ত খঙাল বুলি কোৱা হয় আৰু তেওঁ এবাৰ দুৱাৰখন খুলিবলৈ পলম কৰাৰ বাবে ২০ জন পাক বিষয়াক বদলি কৰিছিল। বুশ্ৰাক ৰাজহুৱাভাৱে খুব কমেই দেখা যায়, আৰু তেওঁৰ কোনো ছ’চিয়েল মিডিয়া একাউণ্টো নাই। বুশ্ৰা হৈছে বোৰ্খা পিন্ধা প্ৰথমগৰাকী পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ পত্নী।
ইমৰান বুশ্ৰাৰ দ্বাৰা ইমানেই প্ৰভাৱিত যে তেওঁক তেওঁৰ দল পিটিআইত 'গডমাদাৰ'ৰ মৰ্যাদা দিয়া হৈছে। প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ কন্যা মৰিয়ম নাৱাজে শেহতীয়াকৈ বুশ্ৰা আৰু তেওঁৰ বন্ধু ফাৰাহৰ বিৰুদ্ধে বদলি-নিযুক্তিৰ নামত ৬ বিলিয়ন পাকিস্তানী টকাৰ উৎকোচ গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। একে বছৰতে, ইমৰাণ আৰু বুশ্ৰাৰ বিবাহ বিচ্ছেদৰ অনুমানেও শিৰোনাম দখল কৰিছিল। দুয়োজনৰ মাজত কথিত বিভেদৰ পাছত, বুশ্ৰাই বানিগালাত ইমৰানৰ ঘৰ এৰি তাইৰ বন্ধু ফাৰাহৰ সৈতে থাকিবলৈ লৈছিল।