--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এসময়ৰ পাকিস্তানৰ প্রাক্তন প্রধানমন্ত্রী ইমৰাণ খানৰ বাবে অতি ঘনিষ্ঠ প্রাক্তন ক্ৰিকেটাৰ জাভেদ মিয়াঁদাদে পিটিআইৰ মুৰব্বীক লক্ষ্য কৰি লয়৷ ইমৰাণ খান পাকিস্তানৰ প্ৰধানমন্ত্ৰী হোৱাত দুখ প্ৰকাশ কৰে মিয়াঁদাদে। লগতে দাবী কৰে যে তেওঁ পাকিস্তানৰ তেহৰিক-ই-ইনছাফ (পিটিআই)ৰ সভাপতি ইমৰাণ খানক প্ৰধানমন্ত্ৰী হোৱাৰ বাবে সহায় কৰিছিল।


এ আৰ ৱাই নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰৰ সময়ত মিয়াঁদাদে কয় যে তেওঁ নিজৰ এই কাৰ্য্যৰ বাবে অনুশোচনা কৰে। ইমৰাণ খানক প্ৰধানমন্ত্ৰী হোৱাত সহায় কৰা উচিত নাছিল। জাভেদে আৰু দাবী কৰে যে ইমৰাণ খানে তেওঁৰ অনুগ্ৰহৰ বাবে কেতিয়াও তেওঁক ধন্যবাদ দিয়া নাছিল।লগতে দাবী যে মোৰ এটা কথাও ভুল হ’লে ইমৰাণ খানে নিজেই আহি সঁচা কথা ক’ব লাগে।


সাক্ষাৎকাৰৰ সময়ত জাভেদে ব্যক্তিগত প্ৰশ্নৰ উত্তৰ দিওঁতে ক’লে যে মোৰ দেউতাই ক্ৰিকেটক বৰ ভাল পাইছিল । মই আৰু মোৰ সকলো ভাইটিয়ে ৰাজপথৰ লগতে চাঁদতো খেলিছিলোঁ। আনকি যেতিয়া তেওঁ পাকিস্তানৰ হৈ খেলিছিল তেতিয়াও দলটো পৰাস্ত হ’লে পাৰ্থক্যটো ন্যূনতম কৰি ৰাখিবলৈ চেষ্টা কৰিছিল। তেওঁ কয় যে তেওঁৰ অধিনায়কত্বত কোনো খেলুৱৈয়ে আপত্তি কৰা নাছিল যদিও ইমৰাণে অন্তৰত মোৰ বিৰুদ্ধে ক্ষোভ ৰাখিছিল।


তাৎপৰ্যপূৰ্ণভাৱে ২০১৮ চনৰ আগষ্ট মাহত ইমৰাণ খান পাকিস্তানৰ প্ৰধানমন্ত্ৰী হৈছিল আৰু ৩ বছৰতকৈও অধিক সময় এই পদত আছিল যদিও তেওঁৰ কাৰ্যকালৰ চতুৰ্থ বছৰ, ২০২২ চনৰ এপ্ৰিল মাহত, অনাস্থা প্ৰস্তাৱৰ বাবে ইমৰাণক পদৰ পৰা আঁতৰাই দিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন