--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এজন ব্যক্তিৰ ওজন বৃদ্ধি হ’লে তেওঁৰ ব্যক্তিত্ব নষ্ট হোৱাই নহয়, বহু ৰোগকো নিজে আমন্ত্ৰণ কৰাৰ দৰে হয় । মেদবহুলতাত এজন ব্যক্তিয়ে ফেটি লিভাৰ, হৃদযন্ত্ৰৰ সমস্যা, ডায়েবেটিছ, উচ্চ বি পিকে ধৰি বহুতো অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। কিন্তু বৰ্তমান এজন ব্যক্তিৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, তেওঁৰ ৰূপান্তৰ দেখি সকলোৱে আচৰিত হৈছে। 

এই ব্যক্তিজন হৈছে আমেৰিকাৰ মিচিচিপিৰ বাসিন্দা নিকোলাছ ক্ৰাফ্ট। তেওঁৰ বয়স ৪২ বছৰ। ২০১৯ চনৰ জুন মাহত তেওঁৰ ওজন আছিল ২৯৪ কেজি। তেওঁ বৰ্তমান ১৬৫ওজন কেজি হ্ৰাস কৰিছে। এতিয়া তেওঁৰ ওজন ১৩০ কেজি। কিন্তু নিকোলাছে কেনেকৈ ওজন কমালে, সেইটোও জানি লওক।

এক সাক্ষাৎকাৰত নিকোলাছে কয়, ‘মই সৰুৰে পৰা মেদবহুলতাৰ সৈতে যুঁজি আছো। যিহেতু মই ইমান শাৰীৰিকভাৱে সক্ৰিয় নাছিলোঁ, গতিকে মোৰ ওজন বাঢ়ি গৈ থাকিল। মেদবহুলতাৰ বাবে মই আগতে কোনো পৰিয়ালৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা নাছিলো, ৰাজহুৱা পৰিবহণতো যোৱা নাছিলো। মোৰ বাবে ইফালে সিফালে যোৱাটো কঠিন হৈ পৰিছিল। উশাহ লোৱাত কষ্ট পোৱাৰ বাহিৰেও আগতে আঁঠু আৰু শৰীৰৰ বিষ হৈছিল।

নিকোলাছে কয়, ‘২০১৯ চনত ডাক্তৰে মোক কৈছিল যে যদি মই মোৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব নিদিওঁ তেন্তে ৩-৫ বছৰৰ পিছত মোৰ মৃত্যু হ’ব। মই বুজিলোঁ যে যদি পদ্ধতি সলনি নহয় তেন্তে কঠিন হ’ব।  আৰু মই জীয়াই থাকিব বিচাৰিছিলো। মোৰ আইতাই মোক ওজন কমাবলৈ বহুত সহায় কৰিছিল। তেওঁ মোক ওজন কমাবলৈ কৈছিল। ২০১৯ চনত তেওঁৰ মৃত্যু হয়। তেওঁ মোক ফিট হোৱা দেখিব বিচাৰিছিল। মইও তেওঁক প্ৰতিশ্ৰুতি দিলোঁ যে মই নিজকে সলনি কৰি দেখুৱাম।

ওজন হ্ৰাসৰ যাত্ৰা সন্দৰ্ভত নিকোলাছে কয়, ‘মই মোৰ খাদ্যাভ্যাস সলনি কৰিলোঁ। কেলৰি গণনা আৰম্ভ কৰিলে। ভাত, ভজা খাদ্য, চ'ডা আৰু অন্যান্য কাৰ্ব আতৰাই দিলো। এইবোৰৰ পৰিৱৰ্তে খাদ্যত ফলমূল, প্ৰটিন আৰু শাক-পাচলি অন্তৰ্ভুক্ত কৰা হৈছিল। মই বেছিভাগেই খোজ কাঢ়িছিলো আৰু ডাম্বলৰ সৈতে ৱৰ্কআউট কৰিবলৈ আৰম্ভ কৰিছিলো। যেতিয়াৰ পৰা ওজন কমিছে, তেতিয়াৰ পৰাই উশাহ-নিশাহত কোনো সমস্যা নাই আৰু শৰীৰত বিষ নাই। মই অধিক শক্তিশালী অনুভৱ কৰো। এতিয়া মোৰ আকাৰৰ কাপোৰবোৰো বজাৰত পোৱা যায়।

লগতে তেওঁ ক’লে যে মোৰ ওজন কমাবলৈও কোনো অস্ত্ৰোপচাৰ কৰা নাছিলো, কোনো ঔষধো সেৱন কৰা নাছিলো। মানুহেও তেওঁক ওজন কমাবলৈ কোনো চৰ্টকাট গ্ৰহণ নকৰিবলৈ পৰামৰ্শ দিছিল। স্বাভাৱিক পদ্ধতিৰে ওজন কমোৱাক গুৰুত্ব দিছিল নিকোলাছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ