ডিজিটেল ডেস্কঃ সলনি হৈছে নেকি পাকিস্তানৰ ৰাজনীতিৰ ধাৰা? ১৯৪৭ চনৰ পৰা পাকিস্তানৰ ৰাজনীতিৰ ক্ষেত্ৰখনত যি যি হৈ আহিছে, এইবাৰ তাৰ বিপৰীত এটা দৃশ্য দেখা গৈছে। ইয়াৰ আঁৰত আছে ইমৰাণ খান। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ দ্বাৰা দেশখনৰ ৰাজনীতিৰ ধাৰাৰ পৰিৱৰ্তন হোৱা বুলি অনেকে ক’ব খুজিছে।
উল্লেখ্য যে দেশখনৰ ৰাজনীতিত সদায় সামৰিক বাহিনীৰ আধিপত্য আছে। বিগত কেইটামান দশকত দেশত কেইবাটাও সামৰিক অভ্যুত্থানৰ সাক্ষী হৈ আহিছে। পাকিস্তানত প্ৰধানমন্ত্ৰীৰ পদ কেৱল নামতহে। ক্ষমতাৰ আসনখন সেনাৰ আঙুলি নিয়ন্ত্ৰণত থাকে।
সেনাৰ এই আধিপত্যৰ বাবে পাকিস্তানৰ কোনো প্ৰধানমন্ত্ৰীয়ে পাঁচ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰিব পৰা নাই। কাৰ্যকাল শেষ হোৱাৰ আগতেই হয় মৃত্যু, নহয় বলপূৰ্বকভাৱে আঁতৰাই পেলোৱা হয়।
তাৎপৰ্যপূৰ্ণভাৱে, ইমৰাণক গ্ৰেপ্তাৰ কৰাৰ পিছৰে সেনাবাহিনী তথা শাসকৰ প্ৰতি দেশখনৰ জনসাধাৰণে প্ৰতিবাদ সাব্যষ্ট কৰি আহিছে। যোৱা মঙলবাৰে সেনাই গ্ৰেপ্তাৰ কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণক। ভূমি হস্তান্তৰ দুৰ্নীতিৰ গোচৰত এই গ্ৰেপ্তাৰ। ইয়াৰ পিছতে ইছলামবাদকে ধৰি পাকিস্তানৰ বিভিন্ন ঠাইত প্ৰতিবাদ আৰু প্ৰতিবাদৰ সূত্ৰপাত ঘটে। সেনা আৰু চৰকাৰৰ বিৰুদ্ধে এই তীব্ৰ প্ৰতিবাদ দেশখনৰ ইতিহাসত বিৰল।
পাকিস্তানৰ সামৰিক আধিপত্যৰ ইতিহাস চালে দেখা যায় যে সেই দেশত ১৯৫৮ চনত প্ৰথম সামৰিক অভ্যুত্থান ঘটিছিল। প্ৰধানমন্ত্ৰী ফিৰোজ খান নুনক অপসাৰণ কৰি সেনাধ্যক্ষ জেনেৰেল আয়ুব খানে প্ৰত্যক্ষভাৱে শাসন ব্যৱস্থাত হস্তক্ষেপ কৰে।
১৯৭০ চনত পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত জয়ী হোৱাৰ পিছতো শ্বেখ মুজিবুৰ ৰহমানক প্ৰধানমন্ত্ৰী হ’বলৈ দিয়া নহ’ল। ইয়াৰ ক্ষেত্ৰতো পাকিস্তান সেনাৰ প্ৰত্যক্ষ সমৰ্থন আছিল। সেনাই পূৱ পাকিস্তানৰ কোনো প্ৰতিনিধিক দেশৰ মুৰব্বী হিচাপে গ্ৰহণ কৰিব নোৱাৰিলে। ইয়াৰ পিছৰ পৰিঘটনাসমূহৰ মাজতে ১৯৭১ চনৰ ১৬ ডিচেম্বৰত বাংলাদেশৰ জন্ম হয়।
১৯৭৭ চনত পাকিস্তানে পুনৰ সামৰিক শাসনৰ সাক্ষী হৈছিল। সেনা প্ৰধান জেনেৰেল মহম্মদ জিয়া উল হকে তেতিয়াৰ প্ৰধানমন্ত্ৰী জুলফিকাৰ আলী ভুট্টোক অপসাৰণ কৰি দেশত সামৰিক শাসন জাপি দিয়ে। পাক আৰ্মীয়ে গ্ৰেপ্তাৰ কৰিলে ভুট্টোক।
১৯৭৯ চনত জেলত ফাঁচী দিয়া হৈছিল ভুট্টো। এই ঘটনাত একাংশই পাকিস্তান সেনাবাহিনীৰ বিৰুদ্ধে পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে। ভুট্টোক ফাঁচী দিয়াৰ সিদ্ধান্তও বিতৰ্কিত আছিল।
পাকিস্তানত পৰৱৰ্তী সামৰিক অভ্যুত্থান ১৯৯৯ চনত সংঘটিত হয়। সেনা প্ৰধান জেনেৰেল পাৰভেজ মুশ্বাৰফে গ্ৰেপ্তাৰ কৰে প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ আৰু তেওঁৰ মন্ত্ৰীসকলক। পাকিস্তান পুনৰ সেনাই দখল কৰিলে।
সামৰিক অভ্যুত্থানৰ বাহিৰেও ১৯৪৭ চনত পাকিস্তানৰ জন্মৰ পিছৰে পৰা প্ৰধানমন্ত্ৰীৰ চকীত বহি থকা সকলো লোকক আঁতৰাই পেলোৱাত সেনাৰ হাত আছিল। সামৰিক শাসনত দেশৰ সংবিধানৰ কোনো গুৰুত্ব নাছিল।
পাকিস্তানৰ সংবিধানে সেনাবাহিনীক অতিৰিক্ত ক্ষমতা প্ৰদান কৰিছে। গতিকে সেই দেশত প্ৰধানমন্ত্ৰীৰ উত্থান-পতনে সেনাৰ আধিপত্য এৰাই চলিব নোৱাৰে। সেনাৰ বিৰুদ্ধে কোনেও মুখ মেলিবলৈ সাহস নকৰে।
২০২২ চনত ইমৰানক প্ৰধানমন্ত্ৰী পদৰ পৰা বৰ্খাস্ত কৰাৰ পিছৰে পৰা তেওঁ কেইবাবাৰো সেনা বাহিনীৰ প্ৰতি আঙুলি টোঁৱাই আহিছে।
ইমৰাণক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা পাকিস্তানত অস্থিৰ হৈ পৰিছে। বহু চৰকাৰী অট্টালিকা আৰু আৰক্ষীৰ বাহনত অগ্নিসংযোগ কৰে পিটিআই সমৰ্থকে। আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত বহু লোকে প্ৰাণ হেৰুৱালে। লগতে বহু লোক আহত হয়।
পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ইছলামাবাদকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত ১৪৪ ধাৰা জাৰি কৰিবলগীয়া হৈছিল। গ্ৰেপ্তাৰ হৈছে হাজাৰ হাজাৰ ইমৰাণ সমৰ্থক। জিম্মাত থকা অৱস্থাত ইমৰানে নিজেই আৰক্ষীৰ নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাত প্ৰতিবাদ তীব্ৰতৰ হৈ পৰে।
ৰাজনৈতিক পৰ্যবেক্ষকসকলে অনুভৱ কৰে যে পাকিস্তানৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি দেশখনৰ ইতিহাসত বিৰল। সেনাৰ বিৰুদ্ধে এনে প্ৰত্যক্ষ প্ৰতিবাদ মুশ্বাৰফ বা আয়ুব খানৰ অভ্যুত্থানৰ সময়ত দেখা নগ’ল।
ইতিমধ্যে দেশৰ উচ্চতম ন্যায়ালয়ে ইমৰাণৰ গ্ৰেপ্তাৰক অবৈধ ঘোষণা কৰি মুক্তিৰ নিৰ্দেশ দিছে। ইছলামবাদ উচ্চ ন্যায়ালয়েও টোছাখানা গোচৰৰ অভিযুক্ত ইমৰাণৰ বিৰুদ্ধে চলি থকা সকলো আইনী প্ৰক্ৰিয়াত স্থগিতাদেশ জাৰি কৰিছে।
ইমৰাণকেন্দ্ৰীক পৰিঘটনাবোৰলৈ চাই বহুতে কয় যে পাকিস্তানত সেনাৰ আধিপত্য দুৰ্বল হৈ আহিছে। নহ’লে সেনাবাহিনীৰ বিৰুদ্ধে এনে স্বতঃস্ফূৰ্ত প্ৰতিবাদ দেখা নাপালেহেঁতেন।