--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতীয় বেডমিন্টন সন্থাই মিক্সড টীম চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচন কৰা দলটোত ১০জন ল'ৰা আৰু ১০গৰাকী ছোৱালীক অন্তর্ভুক্ত কৰা হয়।

ডিজিটেল ডেস্ক : গুৱাহাটীৰ আমিনগাঁৱৰ নেশ্যনেল চেণ্টাৰ অব্ এক্সেলেন্স চেণ্টাৰত অহা ৬-১৯ অক্টোবৰলৈ অনুষ্ঠিত হ'বলগা বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিন্টন চেম্পিয়নশ্বিপৰ বাবে বুধবাৰে ২৫জনীয়া ভাৰতীয় দলটো ঘোষণা কৰা হৈছে।


ভাৰতীয় বেডমিন্টন সন্থাই মিক্সড টীম চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচন কৰা দলটোত ১০জন ল'ৰা আৰু ১০গৰাকী ছোৱালীক অন্তর্ভুক্ত কৰা হয়।


অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব লগা প্রতিযোগিতাখনত মিক্সড টীম ইভেন্টৰ (সুহান্দিনাটা কাপ) খেল ৬-১১ অক্টোবৰলৈ অনুষ্ঠিত হোৱাৰ পাছত ১৩ৰ পৰা ১৯ অক্টোবৰলৈ অনুষ্ঠিত হ'ব বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপৰ একক শাখাৰ খেল।


প্রতিযোগিতাত ভাৰতীয় দলটোক নেতৃত্ব দিব জুনিয়ৰৰ বিশ্ব ৰেংকিঙৰ শীৰ্ষস্থানৰ শ্বাটলাৰ তনভি শৰ্মাই। ভাৰতীয় দলৰ সদস্যসলক হ'ল: ল'ৰাৰ একক শাখাত ৰৌণক চৌহান, জ্ঞান দটু টি টি, লালথাজুৱালা আৰু সূর্যকেশ ৰাৱট। ছোৱালীৰ একক শাখাত তনভি শর্মা, ভেন্নালা কলাগোটলা, উন্নাতি হুদা তথা ৰক্ষিতা শ্রী।


ল'ৰাৰ ডাবলছত এ আৰ সুমিথ, ভব্য ছাৱা, ভাৰ্গৱ ৰাম আৰিগেলা, বিশ্ব তেজ, বিষ্ণু কেধৰ আৰু মিথিলেশ কৃষ্ণণ। ছোৱালীৰ ডাবলছ শাখাত স্থান লাভ কৰিছে ভেন্নালা, ঋষিকা, গায়ত্রী ৰাৱট, মানসা ৰাৱাট, অন্যা বিষ্ট আৰু এঞ্জেল পুনেৰা। আনহাতে, মিক্সড ডাবলছত খেলিব ভব্য ছাব্রা, বিশাখা টপ্পো, লালৰামসংগা, তাৰিণী শুৰি, বিষ্ণু কেধৰ, কীর্তি মাঞ্চলা, বংশ দেৱ আৰু ডায়েংকা ৱালদিয়া।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ