--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতীয় বেডমিন্টন সন্থাই মিক্সড টীম চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচন কৰা দলটোত ১০জন ল'ৰা আৰু ১০গৰাকী ছোৱালীক অন্তর্ভুক্ত কৰা হয়।

ডিজিটেল ডেস্ক : গুৱাহাটীৰ আমিনগাঁৱৰ নেশ্যনেল চেণ্টাৰ অব্ এক্সেলেন্স চেণ্টাৰত অহা ৬-১৯ অক্টোবৰলৈ অনুষ্ঠিত হ'বলগা বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিন্টন চেম্পিয়নশ্বিপৰ বাবে বুধবাৰে ২৫জনীয়া ভাৰতীয় দলটো ঘোষণা কৰা হৈছে।


ভাৰতীয় বেডমিন্টন সন্থাই মিক্সড টীম চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচন কৰা দলটোত ১০জন ল'ৰা আৰু ১০গৰাকী ছোৱালীক অন্তর্ভুক্ত কৰা হয়।


অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব লগা প্রতিযোগিতাখনত মিক্সড টীম ইভেন্টৰ (সুহান্দিনাটা কাপ) খেল ৬-১১ অক্টোবৰলৈ অনুষ্ঠিত হোৱাৰ পাছত ১৩ৰ পৰা ১৯ অক্টোবৰলৈ অনুষ্ঠিত হ'ব বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপৰ একক শাখাৰ খেল।


প্রতিযোগিতাত ভাৰতীয় দলটোক নেতৃত্ব দিব জুনিয়ৰৰ বিশ্ব ৰেংকিঙৰ শীৰ্ষস্থানৰ শ্বাটলাৰ তনভি শৰ্মাই। ভাৰতীয় দলৰ সদস্যসলক হ'ল: ল'ৰাৰ একক শাখাত ৰৌণক চৌহান, জ্ঞান দটু টি টি, লালথাজুৱালা আৰু সূর্যকেশ ৰাৱট। ছোৱালীৰ একক শাখাত তনভি শর্মা, ভেন্নালা কলাগোটলা, উন্নাতি হুদা তথা ৰক্ষিতা শ্রী।


ল'ৰাৰ ডাবলছত এ আৰ সুমিথ, ভব্য ছাৱা, ভাৰ্গৱ ৰাম আৰিগেলা, বিশ্ব তেজ, বিষ্ণু কেধৰ আৰু মিথিলেশ কৃষ্ণণ। ছোৱালীৰ ডাবলছ শাখাত স্থান লাভ কৰিছে ভেন্নালা, ঋষিকা, গায়ত্রী ৰাৱট, মানসা ৰাৱাট, অন্যা বিষ্ট আৰু এঞ্জেল পুনেৰা। আনহাতে, মিক্সড ডাবলছত খেলিব ভব্য ছাব্রা, বিশাখা টপ্পো, লালৰামসংগা, তাৰিণী শুৰি, বিষ্ণু কেধৰ, কীর্তি মাঞ্চলা, বংশ দেৱ আৰু ডায়েংকা ৱালদিয়া।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু