--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আদালতৰ চৌহদৰ পৰা গ্ৰেপ্তাৰ কৰা প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰান খানক শীঘ্ৰে মুকলি কৰি দিবলৈ নিৰ্দেশ দি এতিয়া বিপদত পৰিছে পাকিস্তানৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। পাকিস্তানৰ নেচনেল এচেম্বলীয়ে মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে এটা প্ৰস্তাৱ গৃহীত কৰিছে। শেহতীয়াকৈ  সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱটো গৃহীত কৰা হয়। 

পাকিস্তানৰ মুখ্য ন্যায়াধীশ উমাৰ আতা বান্দিয়ালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ অৰ্থে  এখন বিশেষ সমিতি গঠন কৰিবলৈ নেচনেল এচেম্বলীত এটা প্ৰস্তাৱ দাখিল কৰা হৈছিল। উল্লেখ্য ইমৰান খানক জামিন দিয়াৰ পিছত পাকিস্তানৰ চৰকাৰে উচ্চতম ন্যায়ালয়ক সমালোচনা কৰিছিল।পাকিস্তান পিপলছ পাৰ্টিৰ নেতা শ্বাজিয়া ছোবিয়াই প্ৰস্তাৱটো উত্থাপন  কৰিছিল। তেওঁ দাবী কৰিছিল যে মুখ্য ন্যায়াধীশে আচৰণ বিধি উলংঘা কৰিছে।তেওঁ  লগতে কৈছিল যে  বিচাৰক হিচাপে লোৱা শপত তেওঁ অনুসৰণ কৰা নাই। 

সেইকাৰণে মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে এখন সংসদীয় সমিতি গঠন কৰা প্ৰয়োজন। পাকিস্তান বিধানসভাই মুখ্য ন্যায়াধীশক পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক অন্যায়ভাৱে সমৰ্থন কৰাৰো অভিযোগ উত্থাপন কৰিছে। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাজা মহম্মদ আচিফে এই প্ৰস্তাৱৰ সমৰ্থনত সংসদত বক্তব্য ৰাখিব লাগে বুলিও তেওঁ দাবী কৰিছিল। তেওঁৰ মতে এনে পৰিস্থিতিত সংসদে ইয়াৰ সাংবিধানিক অধিকাৰ প্ৰয়োগ কৰিব লাগে। যদিও প্ৰস্তাৱটো গৃহীত হৈছে, সমিতিখন এতিয়াও গঠন কৰা হোৱা নাই। প্ৰস্তাৱটো গৃহীত হোৱাৰ লগে লগে পাকিস্তানৰ নেতা মাৰিয়াম নৱাজ শ্বৰীফে মুখ্য ন্যায়াধীশক তৎক্ষণাৎ পদত্যাগ কৰিবলৈ দাবী জনায়।

 উল্লেখ্য ইমৰান খানক গ্ৰেপ্তাৰ কৰাৰ পিছতে সমগ্ৰ দেশতে প্ৰতিবাদ আৰম্ভ হৈছিল। তেনে সময়তে বিলাৱাল ভুট্টো জাৰ্দাৰীয়ে পিটিআই কৰ্মীসকলক "সন্ত্ৰাসবাদী" বুলি অভিহিত কৰিছিল। এই প্ৰতিবাদৰ বাবেই উচ্চতম ন্যায়ালয়ে ইমৰান খানক মুকলি কৰি দিছিল বুলি  পাকিস্তানৰ চৰকাৰে দাবী কৰি আহিছে। ভূমি কেলেংকাৰীৰ সন্দৰ্ভত ইমৰানক আদালত চৌহদৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।

 অৱশ্যে দুদিন পিছত পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে ইমৰানৰ  গ্ৰেপ্তাৰ অবৈধ বুলি ৰায় দিছিল । মুখ্য ন্যায়াধীশে কৈছিল যে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক তৎক্ষণাৎ মুক্তি দিয়া উচিত। এনে ৰায়দানৰ লগে লগে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফকে ধৰি কেইবাজনো মন্ত্ৰীয়ে বান্দিয়ালৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিবলৈ আৰম্ভ কৰিছিল। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ