--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আদালতৰ চৌহদৰ পৰা গ্ৰেপ্তাৰ কৰা প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰান খানক শীঘ্ৰে মুকলি কৰি দিবলৈ নিৰ্দেশ দি এতিয়া বিপদত পৰিছে পাকিস্তানৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। পাকিস্তানৰ নেচনেল এচেম্বলীয়ে মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে এটা প্ৰস্তাৱ গৃহীত কৰিছে। শেহতীয়াকৈ  সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱটো গৃহীত কৰা হয়। 

পাকিস্তানৰ মুখ্য ন্যায়াধীশ উমাৰ আতা বান্দিয়ালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ অৰ্থে  এখন বিশেষ সমিতি গঠন কৰিবলৈ নেচনেল এচেম্বলীত এটা প্ৰস্তাৱ দাখিল কৰা হৈছিল। উল্লেখ্য ইমৰান খানক জামিন দিয়াৰ পিছত পাকিস্তানৰ চৰকাৰে উচ্চতম ন্যায়ালয়ক সমালোচনা কৰিছিল।পাকিস্তান পিপলছ পাৰ্টিৰ নেতা শ্বাজিয়া ছোবিয়াই প্ৰস্তাৱটো উত্থাপন  কৰিছিল। তেওঁ দাবী কৰিছিল যে মুখ্য ন্যায়াধীশে আচৰণ বিধি উলংঘা কৰিছে।তেওঁ  লগতে কৈছিল যে  বিচাৰক হিচাপে লোৱা শপত তেওঁ অনুসৰণ কৰা নাই। 

সেইকাৰণে মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে এখন সংসদীয় সমিতি গঠন কৰা প্ৰয়োজন। পাকিস্তান বিধানসভাই মুখ্য ন্যায়াধীশক পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক অন্যায়ভাৱে সমৰ্থন কৰাৰো অভিযোগ উত্থাপন কৰিছে। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাজা মহম্মদ আচিফে এই প্ৰস্তাৱৰ সমৰ্থনত সংসদত বক্তব্য ৰাখিব লাগে বুলিও তেওঁ দাবী কৰিছিল। তেওঁৰ মতে এনে পৰিস্থিতিত সংসদে ইয়াৰ সাংবিধানিক অধিকাৰ প্ৰয়োগ কৰিব লাগে। যদিও প্ৰস্তাৱটো গৃহীত হৈছে, সমিতিখন এতিয়াও গঠন কৰা হোৱা নাই। প্ৰস্তাৱটো গৃহীত হোৱাৰ লগে লগে পাকিস্তানৰ নেতা মাৰিয়াম নৱাজ শ্বৰীফে মুখ্য ন্যায়াধীশক তৎক্ষণাৎ পদত্যাগ কৰিবলৈ দাবী জনায়।

 উল্লেখ্য ইমৰান খানক গ্ৰেপ্তাৰ কৰাৰ পিছতে সমগ্ৰ দেশতে প্ৰতিবাদ আৰম্ভ হৈছিল। তেনে সময়তে বিলাৱাল ভুট্টো জাৰ্দাৰীয়ে পিটিআই কৰ্মীসকলক "সন্ত্ৰাসবাদী" বুলি অভিহিত কৰিছিল। এই প্ৰতিবাদৰ বাবেই উচ্চতম ন্যায়ালয়ে ইমৰান খানক মুকলি কৰি দিছিল বুলি  পাকিস্তানৰ চৰকাৰে দাবী কৰি আহিছে। ভূমি কেলেংকাৰীৰ সন্দৰ্ভত ইমৰানক আদালত চৌহদৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।

 অৱশ্যে দুদিন পিছত পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে ইমৰানৰ  গ্ৰেপ্তাৰ অবৈধ বুলি ৰায় দিছিল । মুখ্য ন্যায়াধীশে কৈছিল যে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক তৎক্ষণাৎ মুক্তি দিয়া উচিত। এনে ৰায়দানৰ লগে লগে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফকে ধৰি কেইবাজনো মন্ত্ৰীয়ে বান্দিয়ালৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিবলৈ আৰম্ভ কৰিছিল। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস