--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক সাময়িক সকাহ দিলে আদালতে। বেলুচিস্তান উচ্চ ন্যায়ালয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু পাকিস্তান তেহৰিক-ই-ইনচাফ (পিটিআই) দলৰ মুৰব্বী ইমৰান খানৰ বিৰুদ্ধে জাৰি কৰা জামিন অযোগ্য গ্ৰেপ্তাৰ পৰোৱানা স্থগিত ৰাখিছে। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জনে দিয়া উচটনিমূলক  ভাষণৰ ক্ষেত্ৰত অস্থায়ী সকাহ প্ৰদান কৰে।

সাংবিধানিক পদত অধিষ্ঠিত ব্যক্তিসকলৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ দিয়াৰ অভিযোগত বৃহস্পতিবাৰে কোৱেটা চহৰৰ এগৰাকী  ন্যায়াধীশে ইমৰানৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰিছিল। তেওঁ ইমৰানক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিছিল। ইমৰানে উচ্চ ন্যায়ালয়ত উক্ত আদেশৰ বিৰুদ্ধে আবেদন  কৰিছিল। উচ্চ ন্যায়ালয়ে আৱেদনখন মঞ্জুৰ কৰি গ্ৰেপ্তাৰী পৰোৱানাত স্থগিতাদেশ জাৰি কৰে। উল্লেখ্য পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ ওপৰত আহি পৰিছে  প্ৰচণ্ড চাপ। 

কিছুদিন আগতে আৰক্ষীয়ে  খানক  গ্ৰেপ্তাৰ কৰিবলৈ লাহোৰত উপস্থিত হৈছিল৷ ইছলামাবাদৰ পৰা যোৱা আৰক্ষীৰ বিশাল দলে লাহোৰত থকা ইমৰানৰ ঘৰত উপস্থিত হোৱাৰ পিছতে পিটিআইৰ সমৰ্থকসকলে আৰক্ষীক বাধা দিছিল৷   পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে  গ্ৰেপ্তাৰ পৰোৱানা লৈ উপস্থিত হোৱা বৃহৎ আৰক্ষী বাহিনীৰ সৈতে পিটিআইৰ সমৰ্থকসকলে তৰ্কত লিপ্ত হোৱা দেখা গৈছিল৷উল্লেখ্য ইমৰান খানে প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত বিদেশৰ পৰা লাভ কৰা বহু উপহাৰ বিক্ৰী কৰাৰ  গোচৰৰ শুনানি চলি আছে। পাকিস্তানৰ আইন  অনুসৰি তেনে উপহাৰ নিজৰ ইচ্ছানুসৰি কোনেও বিক্ৰী কৰিব নোৱাৰে৷  পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খানে  শুনানিত ব্যক্তিগতভাৱে উপস্থিত হোৱা নাছিল। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী