--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃভ্ৰূণে কেৱল গৰ্ভাশয়তে স্থিতি নলয়, মগজুতো ল’ব পাৰে। শেহতীয়াকৈ তেনে এক ঘটনাৰেই প্ৰমাণ পাইছে এদল চিকিৎসকে। চীনৰ  এদল চিকিৎসকে এটি  এবছৰীয়া ল’ৰা সন্তানৰ মগজুত যমজ সন্তানৰ উপস্থিতি ধৰা পৰাৰ পিছতে আচৰিত হৈ পৰিছে। 


নিউৰোলজী আলোচনীত প্ৰকাশিত প্ৰতিবেদনত কোৱা হৈছে যে  শিশুটিয়ে  মস্তিষ্কৰ সমস্যাত ভুগি আছিল। এই সময়ছোৱাত তেওঁৰ মূৰৰ আকাৰ বাঢ়ি গৈ আছিল। ছাংহাইৰ চিকিৎসকসকলে শিশুটোৰ চিকিৎসা কৰাৰ আগতে মগজুৰ  স্কেন কৰিছিল। 

তেতিয়াই চিকিৎসকে লক্ষ্য কৰিলে  যে শিশুটোৰ মগজুত দুটা যমজ ভ্ৰূণ আছে! চিকিৎসা বিজ্ঞানৰ  ভাষাত, এনে ঘটনাক  মনোকোৰিঅনিক ডায়েনেটিক বুলি কোৱা হয়। যদি  শিশুৰ শৰীৰত কোনো ভ্ৰূণ পোৱা যায়, ইয়াক পৰজীৱী যমজ বুলি কোৱা হয়।  যদিও এনে ধৰণৰ ঘটনা বিৰল, ইয়াৰ পূৰ্বেও এনে ঘটনা ঘটিছে । ১৯৯৭ চনত ইজিপ্তত এজন ১৬ বছৰীয়া কিশোৰৰ  পেটৰ ভিতৰত এটা ভ্ৰূণ আৱিষ্কাৰ কৰা হৈছিল, যিটো তেওঁৰ পেটত ১৬ বছৰ ধৰি  আছিল।

যোৱা বছৰ নৱেম্বৰত ভাৰতৰ ঝাৰখণ্ডৰ ৰাঁচীৰ চিকিৎসকসকলে এগৰাকী ২১ দিনীয়া ছোৱালীৰ পেটৰ পৰা আঠটা ভ্ৰূণ আঁতৰ কৰিছিল। চিকিৎসকসকলে কৈছিল যে ভ্ৰূণবোৰৰ  আকাৰ ৩ চেমিৰ পৰা ৫ চেমিলৈকে আছিল আৰু সেইবোৰ পেটৰ এটা থলীৰ ভিতৰত আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ