--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক সকাহ দিলে আদালতে৷ ইছলামাবাদ উচ্চ ন্যায়ালয়ে তোশাখানা দুৰ্নীতিৰ গোচৰত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক দোষী সাব্যস্তকৰণ  আৰু তিনি বছৰৰ কাৰাদণ্ডত স্থগিতাদেশ জাৰি কৰিছে৷ ফলত খানে এক নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিছে৷  ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আমিৰ ফাৰুক আৰু ন্যায়াধীশ তাৰিক মেহমুদ জাহাংগীৰিৰ নেতৃত্বত গঠিত খণ্ড বিচাৰপীঠে এই ৰায়  ঘোষণা কৰে৷

 আদালতে সোমবাৰে তোশাখানা দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত হোৱা  ইমৰান খানৰ আবেদনৰ শুনানি  স্থগিত ৰাখিছিল।অৱশেষত আজি সেই আবেদন সন্দৰ্ভত ৰায়দান কৰে আদালতে৷ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পিছতে খান নেতৃত্বাধীন পিটিআইৰ নেতা-কৰ্মীসকলৰ মাজত আনন্দৰ লহৰ বৈ গৈছে৷  অৱশ্যে খানে নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰিবনে নাই সেয়া এতিয়াও অস্পষ্ট হৈয়েই আছে। ইয়াৰ পূৰ্বে ইছলামাবাদৰ এখন নিম্ন আদালতে পাকিস্তান তেহৰিক-ই-ইনচাফ (পিটিআই)ৰ ৭০ বছৰীয়া নেতা ইমৰান খানক দোষী সাব্যস্ত কৰিছিল আৰু ৫ আগষ্টত তেওঁক তিনি বছৰৰ কাৰাদণ্ড বিহিছিল।

 আদালতে তেওঁক অবৈধভাৱে  উপহাৰ বিক্ৰী কৰাৰ বাবে দোষী সাব্যস্ত কৰিছিল৷  এই গোচৰটোক তোশাখানা দুৰ্নীতি গোচৰ বুলি জনা যায়। আদালতে তেওঁক পাঁচ বছৰৰ বাবে ৰাজনীতিৰ ক্ষেত্ৰ খনত  অযোগ্যও ঘোষণা কৰিছিল। ক্ৰিকেটাৰৰ পৰা ৰাজনীতিক  হোৱা ইমৰান খানে ২০১৮ চনৰ পৰা ২০২২ চনলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী হৈ  থাকোতে তেওঁ আৰু তেওঁৰ পৰিয়ালে বিভিন্ন দেশৰ পৰা লাভ কৰা উপহাৰ অবৈধভাৱে বিক্ৰী কৰাৰ অভিযোগ উঠিছিল৷উল্লেখ্য যোৱা  বছৰৰ এপ্ৰিল মাহত প্ৰধানমন্ত্ৰী  পদৰ পৰা অপসাৰিত হোৱাৰ পিছতে  ইমৰান খানে ১৫০টা ৰো অধিক আইনী গোচৰত জড়িত হৈ পৰিছিল।

 ইয়াৰ বিপৰীতে, তেওঁ দাবী কৰি আহিছে  যে এই গোচৰসমূহ ৰাজনৈতিক উদ্দেশ্যৰ দ্বাৰা পৰিচালিত।  পাকিস্তানৰ প্ৰাক্তন   প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে  অভিযোগ উঠিছিল যে তেওঁ তোশাখানাত ৰখা উপহাৰবোৰৰ বিৱৰণ 'ইচ্ছাকৃতভাৱে লুকুৱাই' ৰাখিছিল। তোশাখানাত  চৰকাৰী বিষয়াসকলৰ লগতে আন মন্ত্ৰী আদিয়ে  বিদেশ ভ্ৰমণৰ সময়ত লাভ কৰা উপহাৰবোৰ ৰখা হয়। তোশাখানাৰ নিয়ম অনুসৰি সংশ্লিষ্ট তোশাখানাৰ উপহাৰৰ বিৱৰণ কেবিনেট বিভাগক জনাব লাগে । ইমৰান খানে সেয়া কৰা নাছিল৷  ইয়াৰ বিপৰীতে তেওঁ তেনে উপহাৰ বিক্ৰী কৰাৰহে অভিযোগ উঠিছিল৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক