--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক সকাহ দিলে আদালতে৷ ইছলামাবাদ উচ্চ ন্যায়ালয়ে তোশাখানা দুৰ্নীতিৰ গোচৰত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক দোষী সাব্যস্তকৰণ  আৰু তিনি বছৰৰ কাৰাদণ্ডত স্থগিতাদেশ জাৰি কৰিছে৷ ফলত খানে এক নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিছে৷  ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আমিৰ ফাৰুক আৰু ন্যায়াধীশ তাৰিক মেহমুদ জাহাংগীৰিৰ নেতৃত্বত গঠিত খণ্ড বিচাৰপীঠে এই ৰায়  ঘোষণা কৰে৷

 আদালতে সোমবাৰে তোশাখানা দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত হোৱা  ইমৰান খানৰ আবেদনৰ শুনানি  স্থগিত ৰাখিছিল।অৱশেষত আজি সেই আবেদন সন্দৰ্ভত ৰায়দান কৰে আদালতে৷ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পিছতে খান নেতৃত্বাধীন পিটিআইৰ নেতা-কৰ্মীসকলৰ মাজত আনন্দৰ লহৰ বৈ গৈছে৷  অৱশ্যে খানে নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰিবনে নাই সেয়া এতিয়াও অস্পষ্ট হৈয়েই আছে। ইয়াৰ পূৰ্বে ইছলামাবাদৰ এখন নিম্ন আদালতে পাকিস্তান তেহৰিক-ই-ইনচাফ (পিটিআই)ৰ ৭০ বছৰীয়া নেতা ইমৰান খানক দোষী সাব্যস্ত কৰিছিল আৰু ৫ আগষ্টত তেওঁক তিনি বছৰৰ কাৰাদণ্ড বিহিছিল।

 আদালতে তেওঁক অবৈধভাৱে  উপহাৰ বিক্ৰী কৰাৰ বাবে দোষী সাব্যস্ত কৰিছিল৷  এই গোচৰটোক তোশাখানা দুৰ্নীতি গোচৰ বুলি জনা যায়। আদালতে তেওঁক পাঁচ বছৰৰ বাবে ৰাজনীতিৰ ক্ষেত্ৰ খনত  অযোগ্যও ঘোষণা কৰিছিল। ক্ৰিকেটাৰৰ পৰা ৰাজনীতিক  হোৱা ইমৰান খানে ২০১৮ চনৰ পৰা ২০২২ চনলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী হৈ  থাকোতে তেওঁ আৰু তেওঁৰ পৰিয়ালে বিভিন্ন দেশৰ পৰা লাভ কৰা উপহাৰ অবৈধভাৱে বিক্ৰী কৰাৰ অভিযোগ উঠিছিল৷উল্লেখ্য যোৱা  বছৰৰ এপ্ৰিল মাহত প্ৰধানমন্ত্ৰী  পদৰ পৰা অপসাৰিত হোৱাৰ পিছতে  ইমৰান খানে ১৫০টা ৰো অধিক আইনী গোচৰত জড়িত হৈ পৰিছিল।

 ইয়াৰ বিপৰীতে, তেওঁ দাবী কৰি আহিছে  যে এই গোচৰসমূহ ৰাজনৈতিক উদ্দেশ্যৰ দ্বাৰা পৰিচালিত।  পাকিস্তানৰ প্ৰাক্তন   প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে  অভিযোগ উঠিছিল যে তেওঁ তোশাখানাত ৰখা উপহাৰবোৰৰ বিৱৰণ 'ইচ্ছাকৃতভাৱে লুকুৱাই' ৰাখিছিল। তোশাখানাত  চৰকাৰী বিষয়াসকলৰ লগতে আন মন্ত্ৰী আদিয়ে  বিদেশ ভ্ৰমণৰ সময়ত লাভ কৰা উপহাৰবোৰ ৰখা হয়। তোশাখানাৰ নিয়ম অনুসৰি সংশ্লিষ্ট তোশাখানাৰ উপহাৰৰ বিৱৰণ কেবিনেট বিভাগক জনাব লাগে । ইমৰান খানে সেয়া কৰা নাছিল৷  ইয়াৰ বিপৰীতে তেওঁ তেনে উপহাৰ বিক্ৰী কৰাৰহে অভিযোগ উঠিছিল৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ
আজি গৰু বিহু ; চৌদিশে হেঁপাহৰ ৰঙালীক আদৰাৰ প্ৰস্তুতি